আজি অসমলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাননীয় সৰসংঘচালক ডা:মোহন ভাগৱত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

আজি অসমলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মাননীয় সৰসংঘচালক ডা:মোহন ভাগৱত

 ২০-২১ জুলাইত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘ  অসম ক্ষেত্ৰৰ বৈঠক  

 


 



W7s News, ষ্টাফৰিপোৰ্টাৰ : ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ  অসম ক্ষেত্ৰৰ এখন বৈঠক কাইলৈ অৰ্থাৎ ২০ আৰু ২১ জুলাইত দুদিনীয়াকৈ গুৱাহাটী মালিগাঁওস্থিত সেৱাভাৰতী জনজাতি ছাত্রাবাস , আদিংগিৰীত  অনুষ্ঠিত হ'ব । এই বৈঠকত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ  সৰসংঘচালক ডাঃমােহনৰাৱ ভাগৱতে অংশগ্ৰহণ কৰিব বুলি ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰান্ত প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে জানিবলৈ দিছে। এই উদ্দেশ্য মোহন ভাগৱতয়ে ২০ জুলাইত দিনৰ ভাগত গুৱাহাটীত উপস্থিত হ'ব। উক্ত বৈঠকত অখিল ভাৰতীয় ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ কেইবাগৰাকী অখিল ভাৰতীয় অধিকাৰীৰ লগতে অসম ক্ষেত্ৰৰ কাৰ্যকাৰিনীৰ সতে সৰসংঘচালকৰ বৈঠক অনুষ্ঠিত হ'ব। আনহাতে, বৈঠকত অসম ক্ষেত্ৰৰ বিবিধ সংগঠনৰ  ক্ষেত্ৰ সংগঠন মন্ত্রীৰ উপৰি উত্তৰ অসম প্ৰান্ত, দক্ষিণ অসম প্ৰান্ত, অৰুণাচল প্ৰান্ত, মনিপুৰ প্ৰান্ত আৰু ত্ৰিপুৰা প্ৰান্তৰ প্ৰান্ত প্ৰচাৰক, প্ৰান্ত কাৰ্যবাহৰ লগতে সহ কাৰ্যবাহেৰ উপস্থিতিত এখন বৈঠকত অংশ লব। এই বৈঠকত চৰকাৰী কভিড প্ৰট'কল নিয়ম অনুসৰি সকলােধৰণৰ ব্যৱস্থা কৰা হৈছে । আনহাতে, ২১ জুলাইৰ পুৱা ১১ বজাত শ্ৰীমন্ত শংকৰদেৱ আন্ত:ৰাষ্ট্ৰীয় কলাক্ষেত্ৰত  সৰসংঘচালক মোহন ভাগবতয়ে এখন গ্ৰন্থ উন্মোচনী সভাত অংশগ্রহণ কৰিব। দুদিনীয়া ভ্ৰমণ সামৰি 


সৰসংঘচালকৰ ডা: মোহন ভাগবতয়ে অসমৰ পৰা পোনে পোনে চেন্নাইলৈ যাব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here