ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদী বিক্ষোভ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

ৰাজ্যজুৰি বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ প্ৰতিবাদী বিক্ষোভ

 



W7s News ষ্টাফৰিপোৰ্টাৰ : বিদ্যুৎ সংশোধনী বিধেয়ক ২০২১ বিৰুদ্ধে বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয় ৰক্ষী সমিতিৰ আহ্বানত বিদ্যুৎ সংশোধনী বিধেয়ক-২০২১ বাতিলৰ দাবীত দেশজুৰি প্ৰতিবাদ দিবস পালনৰ কৰা হৈছে।  অসমত সোমবাৰে কোঅৰ্ডিনেচন কমিটী অৱ ইলেক্ট্ৰিচিটি এমপ্লইজ ইঞ্জিনীয়াৰৰ্চ এন্ড পেঞ্চনাৰ্চৰ সদস্যসকল সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদী বিক্ষোভ পালন কৰে। পুৱা১০.০০ বজাৰ পৰা ১২.০০ বজালৈকে বিদ্যুৎ পৰিষদৰ সকলো কাৰ্যালয়ৰ সম্মুখত দুঘন্টা বিক্ষোভ প্ৰদৰ্শন কৰে। গুৱাহাটীত বিজুলী ভৱনৰ লগতে ৰাজ্যৰ  বিভিন্ন ঠাইত ক'ভিড বিধি অনুসৰণ কৰি  ধৰ্ণা অনুষ্ঠিত কৰে যদিও  ৭খন জিলাৰ কিছু অঞ্চলত কোৱাৰিন্টিন জ'ন  ঘোষণা কৰাত যোৰহাট আদি কিছুমান জিলাত প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী পালন কৰিব নহ'ল। তেজপুৰত ক'ভিডৰ কাৰণে আ‌ৰক্ষীযে বাধা দিয়াত কাৰ্য্যসূচী ১০.০০ বজাৰ পৰা১১.০০, বজালৈ ১ ঘন্টা কৰিয়ে সামৰি লগা হল। ইয়াৰ উপৰিও ধুবুৰী, কোকৰাঝাৰ, বঙাইগাঁও, গোৱালপাৰা, বৰপেটা , নলবাৰী,বৰাক ভ্যেলীৰ শিলচৰ কৰিমগঞ্জ বদৰপুৰ, হাইলাকান্দি, উজনিৰ ডিব্ৰুগড় , তিনিচুকীয়া, গোলাঘাট, শিৱসাগৰ, উত্তৰ পায়ে নৰ্থলক্ষিমপুৰ, ধেমাজি, প্ৰায় সকলো ঠাইত বিক্ষোভ পালন কৰে আৰু বিদ্যুৎ বিধেয়ক খনৰ দ্বাৰায বিদ্যুতৰ মাছুল বৃদ্ধিৰ লগতে ৰাজ্যৰ ৰাইজৰ ধনেৰে গঢ়ি উঠা বিশাল সম্পত্তি পানী দৰে ব্যক্তিগত কোম্পানীৰ ওচৰত গোটাই দিব বুলি বক্তাসকলে উল্লেখ কৰে। ৰ্ধণাস্থলী শ্লোগান দি উত্তাল কৰি তোলে। এই সম্পৰ্কে কোঅৰ্ডিনেচন কমিটী অৱ ইলেক্ট্ৰিচিটি এমপ্লইজ ইঞ্জিনীয়াৰৰ্চ এন্ড পেঞ্চনাৰ্চৰ যুটীয়া আহ্বায়ক প্ৰমোদ চন্দ্ৰ দাস,দীপক কুমাৰ সাহা, পীতাম্বৰ তালুকদাৰে কয় 'উল্লেখযোগ্য কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ আজি লৈ বিধেয়ক খন ৰাজহুৱা কৰা নাই। বিদ্যুৎ কৰ্মচাৰী আৰু গ্ৰহক সকলক ইয়াৰ উপৰিত মন্তব্য দিয়াৰ পৰা তথা গণতান্ত্ৰিক অধিকাৰৰ প্ৰয়োগৰ পৰা বঞ্চিত কৰে।  বিদ্যুৎ বিধেয়ক খন কেবল মাত্ৰ কৰ্পোৰেট গোষ্ঠীৰ স্বাৰ্থত তৈয়াৰী কৰিছে আৰু তেওঁলোকক শক্তি বিষয়ে বিশেষজ্ঞ বুলি আখ্যা দি তেওঁলোকৰ লগতেহে  ভিডিঅ কনফাৰেন্সৰ কৰিছিল। দেশৰ ৩৭ ৰাজ্যৰ শক্তি বিভাগৰ সচিব আৰু বিতৰণ কোম্পানীৰ মুৰব্বীৰলৈ  মাত্ৰ চাৰিঘন্টা ভিডিঅ' কনফাৰেন্স কৰে। চাৰিটা আঞ্চলিক দলত  ভাগ কৰি   প্ৰত্যেক অঞ্চলৰ কাৰণে মাত্ৰ ১ ঘন্টা বৈঠক কৰিছিল।ৰাজ্য বিদ্যুৎ নিযামক আয়োগৰ সমুহৰ লগতেও  আলোচনা কৰিছিল কিন্তু  গুৰুত্ব  আৰোপ কৰা  নাছিল। বিধেয়ক খনৰ প্ৰধান উদ্দেশ্য হ'ল বিদ্যুৎ বিতৰণ ব্যৱস্থাক বিভাজন কৰি একে অঞ্চলত একাধিক  বিতৰণ কোম্পানীৰ হাতত গোতাই দিয়া। লাভজনক অঞ্চল ব্যক্তিগত কোম্পানী হাতত অৰ্পণ কৰিব, লোকচান ভৰিব চৰকাৰী খন্ডটো। যোৱা ৭০ বছৰত ৰাইজ ধনেৰে গঢ়ি উঠা ৰাজহুৱা প্ৰতিষ্ঠান ব্যক্তিগত কোম্পানীৰ ওচৰত গোটাই দিব। মুঠতে কেন্দ্ৰীয় শক্তি মন্ত্ৰালয়ৰ অনৈতিক ভাৱে বিধেযক খন সংসদত উত্থাপন  কৰিব প্ৰচেষ্টা লৈছে। ৰাষ্ট্ৰীয় সমন্বয় ৰক্ষী সমিতিযে ইতিমধ্যেই প্ৰধানমন্ত্ৰীলৈ আৰু ওপৰত স্মাৰক পত্ৰ দিছে আৰু  ইয়াৰ প্ৰতিবাদত বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ৰাষ্ট্ৰীয় সমন্বয় ৰক্ষী সমিতিৰ বিষয়ববীয়া সকলে  ৩ আগষ্ট পৰা ৬ আগষ্ট লৈ নতুন দিল্লীৰ শ্ৰমশক্তি ভৱনৰ সম্মুখত  সত্যাগ্ৰহ কৰিব আৰু বিদ্যুৎ বিধেয়ক-২০২১ বাতিলৰ দাবীত অহা  ১০ আগষ্ট দেশজুৰি এদিনীয়া বিদ্যুৎ কৰ্মচাৰী আৰু অভিযন্তাৰ ধৰ্মঘট আহ্বান দিয়ে। যদি কেন্দ্ৰীয় চৰকাৰ বিধেয়ক খন আগতেই সংসদত  উথ্যাপন কৰে তেনে স্থলত সিদিনাই দেশজুৰি ধৰ্মঘট পালন কৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে।উল্লেখ্য  আজিৰ প্ৰতিবাদ দিবস দেশৰ প্ৰতিটো ৰাজ্যত যথেষ্ঠ প্ৰভাব পৰিছে আৰু  আগুন্তক দিনত আন্দোলন আৰু তীব্ৰতৰ হ'ব বুলি  বিবৃতিত প্ৰকাশ কৰে লগতে আজিৰ কাৰ্য্যসূচী ৰাজ্যত সফল ৰূপায়নৰ কাৰণেও কেন্দ্ৰীয় কমিটি  ধন্যবাদ জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here