W7s News, ষ্টাফরিপোৰ্টৰ :
এইবাৰ ক'ভিড মানি পালন কৰা হ'ব জগন্নাথ ৰথযাত্ৰা। কাইলৈ মন্দিৰৰ প্ৰাংগণতে অনুষ্ঠিত হ'ব লগীয়া জগন্নাথ ৰথযাত্ৰাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে হৰেকৃষ্ণ মুভমেন্ট গুৱাহাটী আৰু ইস্কন গুৱাহাটী উলুবাৰীয়ে।
উল্লেখ্য, প্ৰতিবছৰে জগন্নাথ ৰথযাত্ৰাত বহু সংখ্যক ভক্তৰ সমাগম হয়। কিন্তু এইবাৰ ক'ভিড পৰিস্থিতি বাবে মন্দিৰ প্ৰাংগণত কেৱল মাত্ৰ পূজা অৰ্চনাৰ জৰিয়তে জগন্নাথ ৰথযাত্ৰা পালন কৰা হ'ব বুলি
হৰেকৃষ্ণ মুভমেণ্ট গুৱাহাটীৰ উপ সভাপতি বিজয় পণ্ডিত দাসাই জনায়। আনহাতে এইবাৰ ইস্কন গুৱাহাটী উলুবাৰীৰ উদ্যোগত
কেৱল মন্দিৰৰ ভক্তসকলে জগন্নাথ ৰথযাত্ৰা উপলক্ষে
পূজা-অৰ্চনা কৰিব। দেশ তথা ৰাজ্যৰ
ক'ভিড পৰিস্থিতিৰ বাবে সামাজিক মাধ্যমৰ জৰিয়তে এইবাৰ জগন্নাথ ৰথযাত্ৰা পালন কৰা হ'ব বুলি ইস্কন গুৱাহাটী, উলুবাৰীৰ ভক্ত জি এন খাউণ্ডে জনায়।
উল্লেখ্য,পুৰীৰ জগন্নাথ মন্দিৰ ৰ পৰা প্ৰতিবছৰে জগন্নাথ, বলভদ্ৰ আৰু শুভদ্ৰাৰ বিগ্ৰহ ৰথেৰে পৰিভ্ৰমণ কৰা হয় দেশৰ দহৰ মংগলৰ। সেই অনুসৰি অসমতো প্ৰতিবছৰে আয়োজন কৰা ৰথযাত্ৰাত বহুসংখ্যক ভক্তই অংশগ্ৰহণ কৰে।
No comments:
Post a Comment