মুম্বাই শাখা সাহিত্য সভাৰ 'অসমীয়া শিকো আহা" পাঠ্যক্রম - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 11 July 2021

মুম্বাই শাখা সাহিত্য সভাৰ 'অসমীয়া শিকো আহা" পাঠ্যক্রম

 



W7s News, ষ্টাফৰিপোৰ্টাৰ : ''অসমীয়া শিকো আহা" পাঠ্যক্রমৰ অসম সাহিত্য সভা, মুম্বাই শাখাই প্ৰবাসত অসমীয়া ভাষাক জনপ্ৰিয় কৰি তুলিবলৈ মনোগ্ৰাহীকৈ আৰু সৰলকৈ শিকোৱাৰ প্ৰচেষ্টাৰ ১৪টা পাঠদান ইতিমধ্যে ইউনিক’ড মাধ্যমৰে আগবঢ়ালে। লগতে অনলাইন ব্যৱহাৰিক শ্ৰেণীকোঠাৰ অনুভৱৰে পাঠ অ-ফলা , ক-ফলা আৰু কাৰ চিহ্ন সমূহৰ পৰিচয় আৰু ইয়াৰ ব্যৱহাৰৰ পাঠদান ইতিমধ্যে ছাত্ৰ-ছাত্ৰী সকলৰ অদম্য আগ্ৰহত সম্পন্ন কৰা হয়৷পাঠ সমূহ অনুসৰণ কৰি নতুন নতুন ছাত্ৰছাত্ৰীয়ে প্ৰতিটো শিতানত যোগদান কৰি আছে৷ দেশৰ সকলো প্ৰান্তৰ প্ৰৱাসী ৰাইজে নিজৰ সন্তানক অনুষ্ঠানটোত নামভৰ্তি কৰি আগবঢ়োৱা প্ৰশংসনীয় সহযোগিতাই অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ সাধনত উৎসাহ যোগাইছে আৰু ছাত্ৰ-ছাত্ৰী সকলে সন্তোষজনক ভাৱে পাঠ সমূহ আহৰণ কৰিবলৈ সক্ষম হৈছে৷ সভাৰ ৱাটচ এপ গোটত তেওঁলোকৰ অনুশীলনৰ চৰ্চা অতি শলাগ ল'বলগীয়া৷ ইয়াৰ দ্বাৰা তেওঁলোকৰ এক সফল প্ৰয়াসৰ অনুভৱ দিয়ে৷ এতিয়া তাত ধাৰাবাহিক ৰূপে বৰ্ণ ক্ৰমাংকৰে যুক্তাক্ষৰ পাঠদান কৰি  থকা হৈছে। অনুষ্ঠানটো গুগল মীটৰ দ্বাৰা সম্প্ৰচাৰ কৰা হয়৷ ই সম্পূৰ্ণ স্বয়মসেৱা শিতান, ইয়াৰ বাবে কোনো মাচুল লোৱা নহয়৷ ইয়াত অভিভাৱক সকলেও যথেষ্ট সহযোগিতা আগবঢ়ায়।সকলো বয়সৰ ছাত্ৰ-ছাত্ৰী তথা অসমীয়া ভাষাৰ একেবাৰেই সীমিত জ্ঞান সম্পন্ন হোৱাৰ বাবে তেওঁলোকৰ বাবে এই পাঠ সমূহ অতি প্ৰাথমিক পৰ্যায়ত তথা অতি সৰলকৈ, সহজে বোধগম্য হোৱাকৈ ভাষাৰ জটিল পাঠ সমূহ তৈয়াৰ কৰি, পঢ়াবলৈ চেষ্টা কৰা হৈছে। সভাই এই প্ৰয়াস সফল হ'ব বুলি আশাবাদী।জটিল যুক্তাক্ষৰৰ পাঠ সমূহ ছাত্ৰছাত্ৰী সকলে একাগ্ৰতাৰে অনুসৰণ কৰি তেওঁলোকৰ লিখা অনুশীলন সমূহ আমাৰ লগত ভাগবতৰা কৰে৷ ই অতি প্ৰসংশনীয় আৰু ইয়াৰ দ্বাৰা ছাত্ৰছাত্ৰী সকলৰ আগ্ৰহৰ শলাগ লোৱা হৈছে৷ যথেষ্ট সংখ্যক অসমীয়া যুক্তাক্ষৰৰ ই অতি বিস্তৃত পাঠ তাৰবাবে সভাই ছাত্ৰছাত্ৰী সকলক ৱাটচএপ গোটত নিয়মীয়াকৈপৰবৰ্তী পাঠদানলৈকে

অনুশীলন কৰি থাকিব।"অসমীয়া শিকো আহা" শিতানটি সভাৰ উপ-সভাপতি ৰুমা হাজৰিকাই পাঠ সমূহ নিজে তৈয়াৰ কৰি,পাঠদান কৰি আগবঢ়াই নিছে আৰু তেওঁক সহায় কৰিছে সভাৰ কাৰ্য্যকৰী সদস্য  অজিত হাজৰিকাই, বিভিন্ন দিহা পৰামৰ্শৰে সহায় কৰিছে  সভাপতি সুৰাইয়া জাহান আৰু অনুষ্ঠানটো অনলাইন সম্প্ৰচাৰ কৰি সহায় কৰিছে সহকাৰী যুটীয়া সম্পাদক  ধ্ৰুৱ বৰ্মনে৷অসম সাহিত্য সভা, মুম্বাই স্বৰ্ণ শাখা ভাষা শিক্ষাৰ সজাগতাৰ আমাৰ এই প্ৰয়াস ৰাইজৰ সহযোগিতাত সফল হ’ব বুলিআমি আশা কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here