ফাডাৰ স্টেন স্বামীৰ অন্যায় মৃত্যুৰ প্ৰতিবাদ
W7s News, ষ্টাফৰিপোৰ্টাৰ : ঝাড়খণ্ড,ছত্তিশগড়, মহাৰাষ্ট্ৰ আদি কেইবাখনো ৰাজ্যৰ অৱহলিত আদিবাসী জনজাতিসকলৰ অধিকাৰৰ বাবে কাম কৰি থকা ৮৪ বছৰীয়া ফাদাৰ ষ্টেন স্বামীৰ আৰক্ষী জিম্মাত অন্যায় মৃত্যুৰ ঘটনাত কা বিৰোধী সমন্বয় সমিতি, অসমে গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে চৰকাৰৰ অমানৱীয় নৃশংস ভুমিকাক কঠোৰ ভাষাৰে গৰিহণা দিছে। এই সম্পৰ্কে এক বিবৃতিযোগে 'কা' বিৰোধী সমন্বয় সমিতি, অসমৰ
সভাপতি ডঃহীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক দেবেন তামুলীয়ে কয় 'আজিৰ পৰা প্ৰায় ৯ মাহ আগতে অক্টোবৰ মাহত ফাদাৰ ষ্টেন স্বামীক আৰক্ষীয়ে ভীমা কাৰেগাও বিস্ফোৰণৰ ঘটনাত অভিযুক্ত কৰি ইউ এ পি এ ধাৰাত গ্ৰেপ্তাৰ কৰিছিল আৰু তদন্তকাৰী সংস্থা নিয়াৰ দ্বাৰা গোচৰটোৰ তদন্ত চলাই আছিল। তেওঁ পাৰ্কিনসন বেমাৰত আক্ৰান্ত হোৱা সত্বেও তেওঁক জামিন বাদেই চিকিৎসা দিবলৈ চৰকাৰ আৰু ন্যায়ালয় অমান্তি হৈছিল। আনকি স্বামীক এখন চামুচ আৰু পানী খোৱা পাইপ দিবলৈ অমান্তি হৈছিল কাৰাগাৰ কতৃপক্ষ আৰু ইয়াৰ বাবে ন্যায়ালয়ৰ অনুমতি বিচাৰিব লগীয়া হৈছিল। আচৰিত কথা যে এই আবেদনখন বিবেচনা কৰিবলৈ কৰ্টে সময় লৈছিল বিশ দিন। তাতোকৈ অমানৱীয় ঘটনাটো আছিল যে ক'ভিড বেমাৰত আক্ৰান্ত হোৱাৰ পাছতো বহু পলমকৈ যোৱা মে' মাহতহে ফাদাৰ ষ্টেন স্বামীক মুৰ্মূৰ্ষ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশেষত মূৰ্মুষ দেহেৰে মৃত্যুৰ সৈতে যুঁজি সোমবাৰে স্বামীয়ে কৰুণ মৃত্যুক আঁকোৱালি ল'ব লগীয়া হয়।
স্বামীৰ মৃত্যুয়ে ভাৰতীয় শাসন ব্যৱস্থাৰ এক ক'লা অধ্যায় খোদিত কৰিলে আৰু চলিত বছৰৰ ২৬ জুনত গণতন্ত্ৰৰ সপক্ষে কলম ধৰা মোডী-শ্বাহ গণতন্ত্ৰৰ প্ৰকৃত স্বৰূপটো উন্মোচিত কৰিলে। এই মৃত্যুৱে চৰকাৰৰ লগতে খোদ ন্যায়ালয়কো বিচাৰৰ কাঠগড়াত থিয় কৰালে।অখিল গগৈৰ বিচাৰ প্ৰক্ৰিয়াত কৈ ভয়ংকৰ ৰূপ লোৱা "নিয়া" ৰ এই বিচাৰ প্ৰক্ৰিয়াত ৮৪ বছৰীয়া এজন বৃদ্ধ সমাজসেৱী লোকক সন্ত্ৰাসবাদী সজাই বিনা বিচাৰে, বিনা চিকিৎসাই হত্যা কৰা হ'ল ।'কা' বিৰোধী সমন্বয় সমিতি, অসমে এই মৃত্যুৰ বাবে দায়ী সকলোকে শাস্তি দিয়াৰ দাবী জনাইছে । নিয়া নামৰ তদন্তকাৰী সংস্থাটোক হিটলাৰৰ গেষ্টাপো বাহিনীৰ লগতহে তুলনা কৰিব পাৰি বুলি মন্তব্য কৰি কা বিৰোধী সমন্বয় সমিতিয়ে ইউ এ পি এ খন বাতিল কৰিবলৈ আৰু নিয়া সংস্থাটোৰ বিৰুদ্ধে ন্যায়িক তদন্ত আৰম্ভ কৰিবলৈ দাবী জনাইছো।'
No comments:
Post a Comment