বিশিষ্ট সাহিত্যিক হৰপ্ৰিয়া বৰুকিয়াল বৰগোঁহাঞিলৈ ২০২১ চনৰ লাব্যন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 July 2021

বিশিষ্ট সাহিত্যিক হৰপ্ৰিয়া বৰুকিয়াল বৰগোঁহাঞিলৈ ২০২১ চনৰ লাব্যন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা





W7s News, ষ্টাফৰিপোৰ্টাৰ:  বিশিষ্ট সাহিত্যিক, আদৰ্শ শিক্ষয়িত্ৰী, শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক হৰপ্ৰিয়া বৰগোঁহাঞিলৈ  ২০২১ চনৰ লাবন্য হাজৰিকা আদৰ্শ মাতৃ বঁটা আগবঢ়োৱা হৈছে।

 অসম লেখিকা সংস্থাৰ উদ্যোগত আগবঢ়াব লগীয়া এই বঁটাত আছে  সম্বৰ্ধনা পত্ৰ,অংগ বস্ত্ৰ, এযোৰ পাটৰ চাদৰ মেখেলা , ফলক, কিতাপৰ টোপোলা, এখোপা ফুল, গামোচা, ২৫ হাজাৰ টকা। ১৯৫৩ চনৰ ২৮ আগষ্টত জন্মগ্ৰহণ কৰা হৰপ্ৰিয়া বৰুকিয়াল বৰগোঁহাঞিয়ে গোলাঘাট বাদুলীপাৰৰ ভোলাগুৰিত স্থাপন কৰা কমলা মিৰি হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ যোৰহাটৰ দেৱীচৰণ মহাবিদ্যালয়ৰ পৰা ১৯৭৩  ইংৰাজী বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁ চাৰিটা সন্তানৰ মাতৃ হোৱাৰ পাছত ১৯৮৯ চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া সাহিত্যত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ যোৰহাটৰ তৰাজান হাইস্কুলত শিক্ষয়িত্ৰীৰূপে ১৭ বছৰ সেৱা আগবঢ়ায়। তেওঁ ১৯৯৫ চনত গুৱাহাটীৰ সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰীৰূপে যোগদান কৰে। পঞ্চম শ্ৰেণীৰ পৰাই সাহিত্য চৰ্চা কৰা বৰগোঁহাঞিৰ প্ৰকাশিত গ্ৰন্থৰ সংখ্যা ৪৫ খনতকৈ অধিক। অসম লেখিকা সংস্থাৰ প্ৰাক্তন সভাপতি বৰগোঁহাঞিয়ে ২০১৩ চনত সোণাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰে। তেওঁ ২০১২ চনত ৰাজ্য চৰকাৰৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰে। সাহিত্য ৰচনাৰ ক্ষেত্ৰতো ১০ টাতকৈও অধিক সন্মানীয় বঁটাৰে সন্মানীত হৈছে।

উল্লেখ্য, দেশৰ ক'ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি চলিত বছৰৰ শেষৰ ফালে এই বঁটা এক গাম্ভীৰ্যপূৰ্ন অনুষ্ঠানত প্ৰদান কৰা হ'ব বুলি সংস্থাৰ প্ৰধান সম্পাদক নিৰু শৰ্মা পৰাজুলীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here