হেলথ্‌ চিটী হাস্পতালত চিকিৎসক দিৱস পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 July 2021

হেলথ্‌ চিটী হাস্পতালত চিকিৎসক দিৱস পালন

 




 W7s News, ষ্টাফৰিপোৰ্টাৰ :  আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱসৰ সৈতে সংগতি ৰাখি মহানগৰীৰ হেলথ্‌ চিটী হাস্পতালত বিশেষ কাৰ্যসূচী ৰূপায়ন কৰা হয়। উল্লেখ্য, ভাৰতবৰ্ষৰ প্ৰবাদ প্ৰতিম চিকিৎসক ডাঃ বিধান চন্দ্ৰ ৰায়ৰ  জন্ম দিনটোক প্ৰত্যেক বছৰেই নেছনেল ডক্টৰছ ডে হিচাপে পালন কৰা হয়। হেলথ্‌ চিটী হাস্পতাল কৰ্তৃপক্ষই বিগত বৰ্ষবোৰৰ দৰেই এইবেলিও কেক কাটি ডাঃ বি চি ৰায়ৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে হাস্পতালখনৰ চিকিৎসকসকলক সম্বৰ্ধনা জনায়। ক'ভিড প্ৰ'টকল মানি অনুষ্ঠিত কৰা চিকিৎসক দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰি হেলথ্‌ চিটীৰ চিকিৎসা সঞ্চালক ডাঃ ভৱানী প্ৰসাদ চক্ৰৱৰ্তীয়ে কয়-  ভয়াৱহ ক'ভিড পৰিস্থিতিত নিজৰ জীৱনক তুচ্ছ কৰি চিকিৎসকসকলে যি আদৰ্শ আৰু সেৱাৰ মনোবৃত্তি প্ৰকাশ কৰি আহিছে সেয়া ডাঃ বি চি ৰায়ৰ আদৰ্শকে প্ৰতিফলিত কৰে। ডাঃ চক্ৰৱৰ্তীয়ে চিকিৎসকসকলক ডাঃ বি চি ৰায়ৰ দৰে কৰ্তব্যনিষ্ঠ হ'বলৈ আহ্বান জনাই কয়- 'বংগৰ মুখ্যমন্ত্ৰী হোৱাৰ পিছতো মানৱ দৰদী ডাঃ ৰায়ে বিন্দুমাত্ৰ অৱহেলা নকৰাকৈ ৰোগীক চিকিৎসা সেৱা আগবঢ়াইছিল। তেওঁৰ জীৱনটোৱেই আছিল ৰোগীৰ বাবে উৎসৰ্গীকৃত। আনহাতে  হেলথ্‌ চিটীৰ ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই চিকিৎসকসকলক হাস্পতালৰ প্ৰাণ বুলি আখ্যা দি কয়-  'প্ৰতিজন চিকিৎসকেই অতি দায়বদ্ধতাৰে ৰোগীক সেৱা আগবঢ়াবলৈ ২৪ ঘণ্টাই সাজু হৈ থাকে। তেনেস্থলত বহু চিকিৎসক ৰোগীৰ আত্মীয়ৰ দ্বাৰা  নিগৃহীত হোৱাটো দুৰ্ভাগ্যজনক। হেলথ্‌ চিটীৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰ, অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰৰ লগতে জ্যেষ্ঠ চিকিৎসকসকল  উপস্থিত থকা অনুষ্ঠানত এইচডিএফচি বেংকৰ সহযোগত ১০ জন চিকিৎসকক বিশেষভাৱে সম্ভৰ্ধনা জনোৱা হয় বুলি ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্তই প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here