W7s, News, নিউজ ডেস্ক: :হঠাৎ দিল্লীলৈ ৰাওনা হ'ল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল,মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। বুধবাৰে মোদী মন্ত্ৰী মণ্ডলৰ বৈঠকৰ পাছতে দিল্লীত উপস্থিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্ত্ৰীসভাত বহু কেইখন নতুন মুখ দেখিবলৈ পোৱাটো প্ৰায় নিশ্চিত হৈছে।
এইসকলৰ ভিতৰত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো যে অন্তৰ্ভুক্ত হ’ব সেয়া ইংগিত পোৱা গৈছে।ইতিমধ্যে ৰাজ্যিক বিজেপিৰ সভাপতি পদত ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাক নিযুক্ত কৰা হ'ল।আনহাতে অসমৰ কেইবাটাও বিধানসভা সমষ্টিত অতি সোনকালে উপ-নিৰ্বাচন হ'ব।সৰ্বানন্দ সোণোৱালে নিজেই এবাৰ কৈছিল যে তেওঁ মাজুলীৰ বিধায়ক হৈয়েই থাকিব।সোণোৱালে বিধায়ক পদ নেৰোতেই উপ নিৰ্বাচনৰ বাবে মাজুলীৰ নাম চৰ্চালৈ অহাতো লক্ষণীয় কথা।উল্লেখ্য,বৰ্তমান মোদী মন্ত্ৰী সভাত খালী হৈ আছে ২৭ টা পদ। ইয়াৰোপৰি বহু কেইজন কেন্দ্ৰীয় মন্ত্ৰীয়ে বহুকেইটা গুৰুত্বপূৰ্ণ বিভাগ অতিৰিক্তভাৱে চম্ভালি আছে।১৯ জুলাইৰ পৰা আৰম্ভ হ’ব সংসদৰ বৰ্ষাকালীন অধিৱেশন।এই অধিৱেশনৰ পূৰ্বেই প্ৰধানমন্ত্ৰী মোদীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটাব বিচাৰিছে।চৰ্চা অনুসৰি মন্ত্ৰীসভাত ২৭ খন নতুন মুখৰ অন্তৰ্ভুক্ত হ’ব।
No comments:
Post a Comment