#akhilGogoi #nia case #released #assam
W7s News, নিউজ ডেস্ক :
সকলো গোচৰৰ পৰা মুক্ত হ’ল ১০৮ নং শিৱসাগৰ বিধান সভা সমষ্টিৰ বিধায়ক অখিল গগৈ। জি এম চি এইছৰ পেয়িং কেবিনৰ পৰা মুকলি আকাশৰ তললৈ ওলাই আহিল অখিল গগৈ।
অখিল গগৈ ক সকলো গোচৰৰ পৰা এন আই এ আদালতৰ ৰেহাই। চানমাৰী থানাৰ এন আই এ তদন্ত কৰা গোচৰৰ পৰা দোষমুক্ত হ'ল অখিল গগৈ। অখিল গগৈৰ বিৰুদ্ধে মাওবাদীৰ তথ্য-প্ৰমাণ দিব নোৱাৰিলে এন আই এ। জি এম চি এইছৰ পৰা পোনে পোনে চেম ষ্টেফৰ্ডৰ ঘৰলৈ যায় অখিল গগৈ। ইফালে মুকলি আকাশৰ তললৈ অখিল গগৈ অহাৰ লগে লগে মৰিয়নিৰ লুসুৰাখন গাঁৱত আনন্দৰ বন্যা উঠিছে।
আনহাতে কৃষক মুক্তিৰ যুটীয়া সম্পাদক ধৈৰ্য কোঁৱৰ, ছাত্ৰ মুক্তিৰ সভাপতি বিতু সোণোৱাল, কাৰ্যকৰি সভাপতি মানস কোঁৱৰক দোষমুক্ত ঘোষণা কৰে।
No comments:
Post a Comment