বয়-বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

বয়-বস্তুৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ

 



পেট্ৰ'লজাত সমগ্ৰীত কৰ ৰেহাই দিয়াৰ দাবী




W7s News ষ্টাফৰিপোৰ্টাৰ :  এছ এফ আই, ডি ৱাই এফ আই, চি আই টি ইউ, অসম ৰাজ্যিক কৃষক সভা আৰু নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতিয়ে সোমবাৰে ৰাজ্যজুৰি পেট্ৰ'ল-ডিজেলৰ লগতে  নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ ৰাজ্যৰ লগতে গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰীত প্ৰতিবাদকাৰী উপস্থিত হৈ মূল্যবৃদ্ধি ৰোধ কৰক, পেট্ৰ'ল মূল্য নিয়ন্ত্ৰণ কৰিব নোৱাৰা বিজেপি চৰকাৰ হায় হায়, ক'ভিড আক্রান্ত মানুহক সকাহ নিদি টুলুঙা মন্তব্য কৰা বিজেপি চৰকাৰ মূর্দাবাদ আদি শ্লোগান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে এছ এফ আইৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথে কয়  - "বৰ্তমান সময়ৰ ক'ভিড পৰিস্থিতিয়ে সৰ্বস্তৰৰ জনসাধাৰণক কি দুৰৱস্থাত পেলাইছে তাক দোহাৰাৰ প্ৰয়োজন নাই। এফালে বেমাৰৰ ভয় আনফালে এক বৃহৎ অংশলোকৰ উপাৰ্জনৰ পথ বন্ধ। এনে দুৰ্দশাগ্ৰস্ত ৰাইজৰ ওপৰত চৰকাৰী নীতিৰ ব্যৱস্থাই বস্তুৰ দামৰ বোজা জাপি দিছে। পেট্ৰ'লৰ দাম প্ৰতি লিটাৰত ১০০, ভোজ্যতেল প্ৰতিলিটাৰ ২০০, ৰন্ধন গেছ চিলিণ্ডাৰে প্ৰতি ৯০০ টকাৰ ওচৰ  পালেগৈ।" মহিলা নেত্ৰী নিয়তী বৰ্মনে কয় 'চৰকাৰে গৃহিনীসকলক সাংঘাতিক অসুবিধাত পেলাইছে । জীৱনদায়ী ঔষধ, অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী, শিশু খাদ্যকে ধৰি নিত্য প্ৰয়োজনীয় প্ৰতিটো শিতানতে দাম বৃদ্ধি হৈছে। চৰকাৰৰ দায়িত্ব আছিল এই দাম বৃদ্ধি নিয়ন্ত্ৰণ কৰা অথবা অত্যাৱশ্যকীয় সামগ্ৰীবোৰ সূলভ মূল্যত জনসাধাৰণক যোগান ধৰাৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰা।'চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মাই পেট্ৰ'ল-ডিজেলৰ ওপৰত আৰোপ কৰা কৰৰ পৰিমান হ্ৰাস অথবা তৈল কোম্পানীবোৰক চৰকাৰে নিয়ন্ত্ৰণ কৰিব পাৰিলেহেতেন বুলি কয়। তেওঁ কয়  'চৰকাৰে  সেয়া নকৰি উদ্ভত যুক্তিৰে জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা কৰিছে। অসমৰ যোগান মন্ত্ৰী ৰঞ্জিত দাস, চৰকাৰৰ মুখপাত্ৰ পিযুষ হাজৰিকা আৰু অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে তুলুঙা কথাৰে মূল্যবৃদ্ধিৰ দৰে ৰাইজৰ জ্বলন্ত সমস্যাক গুৰুত্বহীন কৰাৰ চেষ্টা কৰিছে। কেন্দ্ৰীয় চৰকাৰেও মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাৰ বাবে চকুত লগা প্ৰচেষ্টা হাতত লোৱা নাই। উল্লেখযোগ্য যে ওপৰত উল্লেখিত সামগ্ৰীৰ কোনো এটা সামগ্ৰীৰে উৎপাদন কমা নাই, তেন্তে কি যুক্তিত মূল্যবৃদ্ধি হৈছে ?" আনহাতে ডি ৱাই এফ আইৰ নেতা ৰিতু ৰঞ্জন দাসে কয় 'চৰকাৰে ৰাইজক সকাহ দিয়াৰ সলনি বৃহৎ ব্যৱসায়ী গোষ্ঠীক অবাধে লুণ্ঠন কৰাৰ সুযোগ দি আছে। পেট্ৰ'ল ডিজেলকে ধৰি পেট্ৰ'লিয়াম সামগ্ৰীৰ দাম মোডী চৰকাৰে প্ৰত্যক্ষ ভাৱে কৰ আৰোপ কৰি আৰু সম্পূৰ্ণ অযুক্তিকৰ ভাৱে বঢ়াইছে, মন কৰিবলগীয়া যে ১০০ টকীয়া পেট্ৰ'লত প্ৰায় ৬৫ টকায়ে হ'ল চৰকাৰে আৰোপ কৰা কৰ। ইয়াৰে ৩১ টকাৰ কৰ অসম চৰকাৰে আৰোপ কৰা। কেন্দ্ৰীয় আৰু ৰাজ্যিক চৰকাৰে অতিৰিক্ত কৰ ৰেহাই দি হ'লেও ৰাইজক সকাহ দিব পাৰিলেহেতন। তেনেবোৰ পদক্ষেপ লোৱাৰ সলনি ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী, বিধান সভা অধ্যক্ষই যিবোৰ তুলুঙা মন্তব্য দি মূল্যবৃদ্ধি ৰোধৰ অপাৰগতা প্ৰকাশ কৰি আছে সেয়া নিন্দনীয়। এই কাৰ্যসূচীত চি আই টি ইউ, এছ এফ আই, ডি ৱাই এফ আই, নিখিল ভাৰত গণতান্ত্ৰিক মহিলা সমিতি আৰু অসম ৰাজ্যিক কৃষক সভাই– বস্তুৰ দাম ৰোধৰ ক্ষেত্ৰত অসম চৰকাৰৰ উদাসীনতাক ধিক্কাৰ জনায়।সংগঠনসমূহে দাবী কৰেযে অসমৰ সৰ্বসাধাৰণ ৰাইজৰ দুৰৱস্থাৰ কথা বিবেচনা কৰি অসম চৰকাৰে চলিত বিধান সভাতে আলোচনা কৰি অত্যাৱশ্যকীয় সামগ্ৰীবোৰ চৰকাৰী দোকানৰ মাধ্যমত সূলভ মূল্যত যোগানৰ ব্যৱস্থা কৰক আৰু পেট্ৰ'ল-ডিজেলৰ ওপৰত থকা অসম চৰকাৰৰ কৰ হ্ৰাস কৰক। গুৱাহাটীৰ লগতে এই কাৰ্যসূচী ধুবুৰী, চালেকাটি, বঙাইগাঁও, বিজনী, মানিকপুৰ, মুছলপুৰ, মুকালমুৱা, নলবাৰী,বনিয়াকুছি, ভবানিপুৰ, পাঠশালা, কলগাছিয়া,  সৰভোগ, কয়াকুছি, ৰঙিয়া, গোৰেশ্বৰ, আমিনগাঁও, বিশ্বনাথ, নগাঁও,লক্ষীমপুৰ, ধেমাজি, দিগবৈ, ডুমডুমা,  ডিব্ৰুগড়, নগাঁও, হোজাই, শিলচৰ আৰু কৰিমগঞ্জত অনুষ্ঠিত হয়। শোণিতপুৰ জিলাত ঘৰৰ পৰাই প্ৰতিবাদ সাব্যস্ত কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here