গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক স্মাৰক-পত্ৰ প্ৰদান এছ এফ আইৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 24 July 2021

গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক স্মাৰক-পত্ৰ প্ৰদান এছ এফ আইৰ

 



তৃতীয় ষান্মাষিকৰ মুল্যাংকন পদ্ধতি স্পষ্ট কৰাৰ দাবী




W7s News ষ্টাফৰিপোৰ্টাৰ :  ভাৰতৰ ছাত্ৰ ফেডাৰেচন(এছ এফ আই), অসম ৰাজ্যিক কমিটিৰ ৰাজ্যিক সম্পাদক নিৰংকুশ নাথ, কেন্দ্ৰীয় নেত্ৰী সংগীতা দাস, ৰাজ্যিক সদস্য সুস্মিত ইছফাক আৰু কামৰূপ মহানগৰ জিলা কমিটিৰ সদস্য মাধুৰ্য ভূঞাৰে গঠিত এক প্ৰতিনিধি দলে শনিবাৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈ আৰু পঞ্জীয়ক হেমন্ত কুমাৰ নাথক সাক্ষাৎ কৰি স্নাতক পৰ্যায়ৰ তৃতীয় ষান্মাষিকৰ মুল্যাংকন পদ্ধতি স্পষ্ট কৰা, প্ৰথম ষান্মাষিকৰ মুল্যাংকন প্ৰণালী ঘোষণা কৰা আৰু দ্বিতীয় আৰু চতুৰ্থ ষান্মাষিকৰ পাঠদান তথা পৰীক্ষা সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ দাবী জনাই এক স্মাৰক-পত্ৰ প্ৰদান কৰে। স্মৰকপত্ৰখনত এছ এফ আইয়ে উল্লেখ কৰে যে তৃতীয় ষান্মাষিকৰ পৰীক্ষা বাতিল হোৱাৰ পৰিপ্ৰেক্ষিতত মূল্যাংকন পদ্ধতিক কেন্দ্ৰ কৰি ছাত্ৰ-ছাত্ৰীসকল বিশেষ অসুবিধাত পৰিছে । উল্লেখ্য, এই ছাত্ৰ-ছাত্ৰীসকলে অফলাইন প্ৰক্ৰিয়াৰে কেৱল প্ৰথম ষান্মাষিকৰ পৰীক্ষা অৱতীৰ্ণ হৈছিল আৰু দ্বিতীয় ষান্মাষিকৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ সলনি প্ৰথম ষান্মাষিকৰ নম্বৰ আৰু আভ্যন্তৰীণ মূল্যাংকণৰ(internal assessment) ভিত্তিত নম্বৰ প্ৰদান কৰা হৈছিল । কিন্তু ছাত্ৰ-ছাত্ৰীসকল এই ক্ষেত্ৰত ক্ষুব্ধ যিহেতু দ্বিতীয় ষান্মাষিকৰ গ্ৰেড পইণ্টত বৰ বিশেষ পৰিৱৰ্তন দেখা নগ'ল। বহু ছাত্ৰ-ছাত্ৰীয়ে দ্বিতীয় ষান্মাষিকত প্ৰথম ষান্মাষিকৰ দৰে গ্ৰেড পইণ্ট পোৱা পৰিলক্ষিত হৈছে।  তৃতীয় ষান্মাষিকত যদি একেধৰণৰ পদ্ধতি অৱলম্বন কৰে বহু ছাত্ৰ-ছাত্ৰী বৈষম্যৰ চিকাৰ হ'ব । সেয়েহে এছ এফ আইয়ে বিশ্ববিদ্যালয় কর্তৃপক্ষক পৰীক্ষণ পদ্ধতি স্বচ্ছ আৰু নিকা  কৰাৰ দাবী জনায় যাতে ছাত্ৰ ছাত্ৰী সকলে তেওঁলোকৰ  মূল্যাংকণ সম্পৰ্কে এক আভাস পায়। ইয়াৰ লগতে অসন্তুষ্ট ছাত্ৰ-ছাত্ৰীয়ে এই নম্বৰ উন্নত কৰাৰ বাবে পৰৱৰ্তী সময়ত যাতে বেটাৰমেণ্ট(betterment) হিচাপে অফলাইন পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰে, তাৰো দাবী উত্থাপন কৰে। অন্যহাতেদি প্ৰথম ষান্মাষিকৰ ক্ষেত্ৰত কি ধৰণৰ মূল্যাংকন ব্যৱস্থা গ্ৰহণ কৰা হ'ব, সেই সম্পৰ্কে ঘোষণা কৰিবলৈ এছ এফ আইয়ে আহ্বান জনায়। এছ এফ আইয়ে লক্ষ্য কৰিছে যে কোভিডৰ প্ৰেক্ষাপটত গুৱাহাটী বিশ্ববিদ্যালয়ৰ চতুৰ্থ আৰু দ্বিতীয় ষান্মাষিকৰ পাঠদান সম্পূৰ্ণ কৰিব পৰা হোৱা নাই । লক্ষণীয় যে বিশ্ববিদ্যালয় অনুদান আয়োগে অক্টোবৰ মাহৰ পৰা নতুন শৈক্ষিক বৰ্ষ আৰম্ভ কৰাৰ পোষকতা কৰাৰ পৰিপ্ৰেক্ষিতত এই দুই ষান্মাষিকৰ পৰীক্ষা সন্দৰ্ভত বিশ্ববিদ্যালয়ে অতি শীঘ্ৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ প্ৰয়োজন আহি পৰিছে।এছ এফ আইৰ প্ৰদান কৰা স্মৰকপত্ৰ গ্ৰহণ কৰি উপাচাৰ্যই অতি শীঘ্ৰে এক ছাত্ৰমুখী পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস প্ৰদান কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here