২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 30 July 2021

২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা

 






W7s News  নিউজ ডেস্ক:  ২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা।সৰ্বমুঠ উত্তীৰ্ণ ৩,৯৭,১৩২ গৰাকী ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে। উত্তীৰ্ণৰ হাৰ হৈছে ৯৩.১০ শতাংশ। প্ৰথম বিভাগত উত্তীৰ্ণ ৮৮,৫২১ গৰাকী, দ্বিতীয় বিভাগত উত্তীৰ্ণ ১৬০,২৯৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ১,৪৮,৩১৩ গৰাকী ছাত্ৰ-ছাত্ৰী। এইবাৰ মুঠ ডিষ্টিংশ্যন লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ১০,৩৪৮ গৰাকী। মুঠ ষ্টাৰমাৰ্ক লাভ কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ২০,০৯২ গৰাকী।শিক্ষাৰ্থীসকলে গুগুল প্লে ষ্টোৰ  লৈ গৈ “ SEBA Results 2021” এপ ডাউনলোড কৰি ৰিজাল্ট লাভ কৰিব পাৰিব।নতুবা sebaonline.org ৱেবচাইটতো ৰিজাল্ট উপলব্ধ হ’ব। ছাত্ৰ-ছাত্ৰীসকলে ডিজিটেল মাৰ্কশ্বিটৰ জৰিয়তে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব পাৰিব।বিশেষ পৰীক্ষাত বহিব বিচৰাসকলে sebaonline.org ৱেবচাইটত অন-লাইন প্ৰ-পত্ৰ পূৰণ কৰিব লাগিব। ছেবাৰ অন লাইন পোৰ্টেল ৫ আগষ্টৰ পৰা ১২ আগষ্ট পৰ্যন্ত উপলব্ধ হ’ব।বিশেষ পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত ছেবাই প্ৰকাশ কৰিব।ছেবাৰ অধীনত থকা মুঠ ৭,৩০১ খন বিদ্যালয়ত এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মুঠ পৰীক্ষাৰ্থীৰ সংখ্যা হৈছে ৪,২৬,৫৫গৰাকী।ইয়াৰে ১,৯৭,৬৫৫ গৰাকী ছাত্ৰ আৰু ২,২৮,৯৮৮ গৰাকী ছাত্ৰী। ক'ভিড পৰিস্থিতিৰ বাবে বাতিল হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল শিক্ষাৰ্থীয়ে পূৰ্বৰ কেতবোৰ পৰীক্ষাত লাভ কৰা নম্বৰৰ ভিত্তিত প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হৈছিল। আনহাতে হাইমাদ্ৰাছাত উত্তীৰ্ণৰ হাৰ হৈছে ৯৩.১৮ শতাংশ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here