অসম মেঘালয় সীমান্তৰ ৰাণীৰ পথাৰত ৰোৱনী - দাৱনীৰ ভূঁই ৰোৱাৰ আনন্দ ; লগে - ভাগে পথাৰতে এসাঁজ , সন্ধিয়াৰ পাছত বনৰীয়া হাতীৰ উপদ্ৰৱ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 31 July 2021

অসম মেঘালয় সীমান্তৰ ৰাণীৰ পথাৰত ৰোৱনী - দাৱনীৰ ভূঁই ৰোৱাৰ আনন্দ ; লগে - ভাগে পথাৰতে এসাঁজ , সন্ধিয়াৰ পাছত বনৰীয়া হাতীৰ উপদ্ৰৱ

 



W7s News ষ্টাফৰিপোৰ্টাৰ  : শাওন মাহ মানেই অসমত শালি ধানৰ খেতিৰ বতৰ । এক কথাত শাওন মাহেই অসমত নিৰ্ণয় কৰে ৰাজ্যৰ কৃষক ৰাইজৰ  আগন্তক দিনত খেতি কেনে হব । অৱশ্যে বিগত ২০২০ বৰ্ষত শাওন মাহত তিনিটাকৈ বানপানীয়ে সংহাৰী ৰূপ ধাৰণ কৰিছিল । আনকি ভাদ মাহত নুমলিয়াকৈ শালি ধানৰ খেতি কৰিহে বহু অঞ্চলত কৃষকে কিবাকৈ ভাতমুঠি যোগাৰ কৰিব লগা হৈছিল । কিন্ত এইবাৰ পৰিস্থিতি সম্পূৰ্ণ বিপৰীত । কিয়নো এইবাৰ অসমত বৰষুণ স্বাভাবিকতকৈ প্ৰায় ৫০ শতাংশ ক'ম হৈ আছে । বানপানীৰ সলনি ৰাজ্যৰ বেছিভাগ অঞ্চলতে খৰাং পৰিস্থিতি  বিৰাজমান । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ৰাজ্যৰ ৭০ শতাংশ  অঞ্চলতে  বৰষুণ স্বাভাবিকতকৈ ৪০ ৰ পৰা ৫০ শতাংশ পৰিমাণৰ বৰষুণ  চলিত দক্ষিণ পশ্চিম মৌচমি বায়ু প্ৰবাহিত হৈ থকাৰ পাছতো কম হৈ আছে । ইয়াৰ বিৰূপ তথা নেতিবাচক প্ৰভাৱ পৰিছে 

কিয়নো বহু অঞ্চলত পানীৰ অভাৱৰ বাবে পথাৰত চিৰাল ফাট মেলা দেখা গৈছে । পথাৰত কৃষকে মাটি সময়ত চহায়ো কঠীয়া বা ভূঁই ৰোপণ কৰিব পৰা নাই । ইফালে গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ অসম মেঘালয় সীমান্তৰ বৃহত্তৰ ৰাণী অঞ্চলত গাতে লগা মেঘালয়ৰ পাহাৰ সমূহৰ পৰা নামি অহা জান -  জুৰি, সৰু নৈ সদৃশ কেবাটাও পানীৰ সুতিয়ে অঞ্চলটোৰ খেতি পথাৰ সমূহক জীপাল কৰি ৰাখিছে । তাৰ মাজতে মাজে সময়ে হৈ থকা বৰষুণৰ সুযোগ লৈ পথাৰত নামি পৰিছে ৰোৱনী -  দাৱনী । গিৰিহঁতে গৰু বা পাৱাৰ টিলাৰেৰে মাটি চহ কৰাৰ পাছত ৰোৱনী - দাৱনীয়ে পথাৰত আনন্দ মনেৰে ভূঁই ৰুইছে । শাওন মাহ আৰম্ভ হোৱাৰ পাছৰে পৰা ই এক চিৰাচৰিত দৃশ্যৰ দৰে হৈ পৰিছে । পথাৰতে ৰোৱনী - দাৱনীয়ে নাচি বাগি ভূঁই ৰুই আনন্দ উল্লাস কৰি তাৰ মাজতে চৰু জুৰি দুপৰীয়াৰ ভাত সাঁজ লগে ভাগে খোৱা পৰিৰক্ষিত হৈছে । এই সন্দৰ্ভত মেঘালয় সীমান্তৰ গাতে লগা পুৰাণ শুকুৰবৰীয়াৰ আদৰ্শ কৃষক দীনেশ নাথ , মহিলা কৃষক আৰু অভিজ্ঞ ৰোৱনী হিচাপে পৰিচিত হেমলতা নাথকে  ধৰি কেবাজনো কৃষক আৰু ৰোৱনীয়ে ব্যক্ত কৰা অনুসৰি ইতিমধ্যে বেছিভাগ কৃষকৰে নিজ নিজ মাটিত ভূঁই ৰোৱা কাম শেষ হৈছে । কিছু সংখ্যকৰে ভূঁই ৰোৱা কাম বাকী আছে । অৱশ্যে ওচৰতে থকা বনাঞ্চলৰ পৰা মাজে সময়ে ওলাই অহা বনৰীয়া হাতীৰ জাকৰ বাবে পথাৰত ৰোপন কৰা কঠীয়া ভালকৈ ৰখাটো টান হৈ পৰিছে । সন্ধিয়াৰ পাছত বৃহত্তৰ অঞ্চলটোত দুই-তিনিটা হাতীয়ে লগ হৈ বা কেতিয়াবা অকলে অহা হাতীৰ বাবে পথাৰত দিনতে ৰোপন কৰা কঠীয়া বা ভূঁই গছকি নষ্ট কৰা বা কঠীয়াতলীত হাতীয়ে কঠীয়া গছকি নষ্ট কৰাটো তেনেই সাধাৰণ ঘটনাত পৰিণত হৈছে । তথাপিয় কৃষকৰ আশা বিগত বছৰ সমূহৰ দৰে আঘোণ মাহত কৃষক সকলে সময়মতে পথাৰৰ পৰা লখিমীক ঘৰলৈ নিব পাৰিব ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here