স্বাস্থ্য বিভাগৰ চৰম অৱহেলা আৰু ঠিকাদাৰৰ প্ৰতাৰণা তথা নিৰ্যাতনৰ বিৰুদ্ধে সদৌ অসম আদৰণি ড্ৰাইভাৰ এছ'চিয়েছন আৰু এ আই টি ইউ চিৰ প্ৰতিবাদ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 31 July 2021

স্বাস্থ্য বিভাগৰ চৰম অৱহেলা আৰু ঠিকাদাৰৰ প্ৰতাৰণা তথা নিৰ্যাতনৰ বিৰুদ্ধে সদৌ অসম আদৰণি ড্ৰাইভাৰ এছ'চিয়েছন আৰু এ আই টি ইউ চিৰ প্ৰতিবাদ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : স্বাস্থ্য বিভাগৰ চৰম অৱহেলা আৰু ঠিকাদাৰৰ প্ৰতাৰণা তথা নিৰ্যাতনৰ বিৰুদ্ধে শনিবাৰে সদৌ অসম আদৰণি ড্ৰাইভাৰ এছ'চিয়েছন আৰু এ আই টি ইউ চিয়ে গুৱাহাটীৰ গুৱাহাটী ক্লাব ৰ'টাৰিত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে শ্ৰমৰ আইন অনুসৰি কামৰ সময় নিৰ্ধাৰণ কৰক, পি এফ , বোনাচ, ই এছ আই , গ্ৰেচুইটীৰ ব্যবস্থা কৰক, শ্ৰম আইন অনুসৰি কামৰ সময় নিৰ্ধাৰণ কৰক, সকলো ধৰণৰ শোষণ, নিৰ্যাতন বন্ধ কৰক আদি শ্লোগান দিয়ে। এই কাৰ্যসূচীৰ জৰিয়তে সদৌ অসম আদৰণি ড্ৰাইভাৰ এছ'চিয়েছনৰ সাধাৰণ সম্পাদক নুৰুল আমিনে কয় ' ২০১২ চনৰ পৰা অসমৰ জনসাধাৰণ তথা প্ৰসূতি মাতৃ সকলৰ সুবিধাৰ বাবে অসম চৰকাৰৰ স্বাস্থ্য বিভাগে এই সেৱা আৰম্ভ কৰিছে। প্ৰায় ৩৩০ ৰো অধিক আদৰণি এম্বুলেঞ্চ ৰাজ্যখনৰ বিভিন্ন জিলাত সেৱা আগবঢ়াই আছে। স্বাস্থ্য বিভাগে এই সেৱা পৰিচালনা কৰাৰ বাবে জি ভি কে ই  এম আৰ আই নামৰ বহুজাতিক প্ৰতিষ্ঠানক দায়িত্ব দিয়ে। কিন্তু এই প্ৰতিষ্ঠা নে নিজে পৰিচালনা নকৰি কিছুমান ঠিকাদাৰক জিলা ভিত্তিক এম্বুলেন্স চলোৱাৰ দায়িত্ব দিয়ে। এই ঠিকাদাৰ সকলে প্ৰতিখন এম্বুলেন্সত এজনকৈ চালক নিযুক্তি দিয়ে। এই নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ শ্ৰম আইন মানা নাই। এই চালক সকলে মাহিলি ৪ ৰ পৰা ৫ হাজাৰ টকাত কাম কৰিব লগীয়া হৈছে। কোনো ধৰণৰ সামাজিক সুৰক্ষা নাই। ক'ভিড-১৯ৰ সময়তো আমি সেৱা আগবঢ়াই আছোঁ। অসম চৰকাৰৰ স্বাস্থ্য বিভাগ আৰু জি ভি কে মিলি আদৰণি আচঁনিত দুৰ্নীতি চলাই আছে বুলি আমি সন্দেহ প্ৰকাশ কৰিছোঁ। আমি লগতে আমাৰ দৰমহা বৃদ্ধি কৰা, পি এফ, ই এছ আই, গ্ৰেচুইটী আদিৰ ব্যৱস্থা কৰা, জনসাধাৰণৰ সুবিধাৰ কাৰণে আদৰণি সেৱাৰ পৰিসৰ বৃদ্ধি কৰা আদি দাবী জনালোঁ।' এছ'চিয়েছনে লগতে দাবী সম্বলিত এখন স্মাৰকপত্ৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তক প্ৰেৰণ কৰি ইয়াৰ সু-মীমাংসা দাবী কৰে। এই কাৰ্যসূচীত এ আই টি ইউ চিৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক ৰমেন দাসৰ লগতে অন্যান্য সদস্য সকল উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here