ৰাজহুৱা খণ্ড বচাওক বিক্ষোভত উত্তাল গুৱাহাটী শোধনাগাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 23 July 2021

ৰাজহুৱা খণ্ড বচাওক বিক্ষোভত উত্তাল গুৱাহাটী শোধনাগাৰ

 অল ইণ্ডিয়া চেণ্ট্ৰেল কাউঞ্চিল অব ট্ৰেড ইউনিয়নচ(এ আই চি চি টি ইউ)






'w7s News ষ্টাফৰিপোৰ্টাৰ : কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু ফেডাৰেচনসমূহে যৌথভাৱে ৰাজহুৱা খণ্ডক ব্যক্তিগত কৰণৰ কবলৰ পৰা ৰক্ষা কৰাৰ দাবীত আহ্বান জনোৱা দেশজোৰা প্ৰতিবাদ দিৱসৰ অংশ হিচাপে গুৱাহাটী প্ৰৱেশ দ্বাৰত পাঁচ শতাধিক শ্ৰমিকৰ অংশগ্ৰহণত এ আই চি চি টি ইউ আৰু ইউনাইটেড ৱৰ্কমেন ইউনিয়নৰ যৌথ উদ্যোগত কভিড বিধি মানি বিক্ষোভ প্ৰদৰ্শন কৰা হয়। বিক্ষোভকাৰীসকলে 'ৰাজহুৱা খণ্ড বিক্ৰী কৰা নচলিব', প্ৰতিৰক্ষা খণ্ড ব্যক্তিগত কৰণৰ সিদ্ধান্ত বাতিল কৰক, কাগজ কল খোলাৰ প্ৰতিশ্ৰুতি কলৈ গ'ল চৰকাৰে জবাব দিয়ক, তৈলক্ষেত্ৰ বিক্ৰী কৰা বন্ধ কৰক, এয়াৰপৰ্ট লীজত দিয়া চুক্তি বাতিল কৰক, বিদ্যুৎ পৰিষদ ব্যক্তিগত কৰণ কৰা চক্ৰান্ত বন্ধ কৰক, এপল, প্ৰাগবচিমি, চন্দ্ৰপুৰ তাপ বিদ্যুৎ কেন্দ্ৰ আদি বন্ধ‌ উদ্যোগ পুনৰুজ্জীৱিত কৰক, ঠিকা শ্ৰমিক ছাটাই বন্ধ কৰক, ঠিকা শ্ৰমিকৰ সকলো আইনী প্ৰাপ্য আদায় দিয়ক, মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰক আদি শ্লগানেৰে ৰাজপথ উত্তাল কৰি তোলে। কাৰ্যসূচীত এ আই চি চি টি ইউৰ ৰাজ্যিক সভাপতি বীৰেণ কলিতা, সহকাৰী সম্পাদক পংকজ কুমাৰ দাস, কামৰূপ জিলা সমিতিৰ সম্পাদক জানিক বৰ্মণ, ইউনাইটেড ৱৰ্কমেন ইউনিয়ন ৰ সাধাৰণ সম্পাদক গিৰীশ কলিতা, কাৰ্যকৰী সভাপতি দেৱজিৎ ভাগৱতীয়ে নেতৃত্ব দিয়ে। 

এক প্ৰেছ বিজ্ঞপ্তি যোগে সংগঠন দুটাই কয় যে কেন্দ্ৰৰ মোদী চৰকাৰে দেশ বিক্ৰী কৰাৰ প্ৰতিযোগিতা চলাইছে। তেল, কয়লা, ৰেল, বিমান বন্দৰ, বেংক, বীমা, বিদ্যুৎ আদি সকলো ৰাজহুৱা উদ্যোগ প্ৰতিষ্ঠান আদানী আম্বানীহতক গটাই দি গণতন্ত্ৰৰ ঠাইত কোম্পানীৰাজ চলাইছে। গণতান্ত্ৰিক অধিকাৰৰ প্ৰতি ন্যূনতম সন্মান প্ৰদৰ্শন নকৰা বিজেপি চৰকাৰে এহাতেদি সংস্থাপন ৰ পথ বন্ধ কৰিছে, আনহাতে বয় বস্তু ৰ ভয়ানক দাম বৃদ্ধি কৰি জীৱন নিৰ্বাহ বিপৰ্য্যস্ত কৰি তুলিছে। জনসাধাৰণৰ প্ৰয়োজনীয় সামগ্ৰীৰ ওপৰত কৰ বৃদ্ধি কৰি গৈছে আৰু কৰ্পৰেটক হাজাৰ হাজাৰ কোটি টকাৰ কৰ ৰেহাই দিছে। প্ৰেছ বিজ্ঞপ্তিটোত প্ৰকাশ যে কেন্দ্ৰীয় চৰকাৰে যোৱা বিত্তীয় বৰ্ষত পেট্ৰল ডিজেলৰ পৰাই কেৱল ৩.৮৯ লাখ কোটি টকা ৰাজহ সংগ্ৰহ কৰিছে আৰু অত্যাধিক কৰৰ ফলত সাধাৰণ ৰাইজে প্ৰতি লিটাৰ পেট্ৰল ১০০ টকাত কিনিবলগীয়া হৈছে, মুদ্ৰাস্ফিতীয়ে ভয়ানক ৰূপ ধাৰণ কৰিছে। 

উদ্যোক্তা সংগঠনে বিজেপি চৰকাৰে দেশৰ সম্পদ কৰ্পৰেটক গটাই দিয়া, শ্ৰম অধিকাৰসহ গণতান্ত্ৰিক অধিকাৰ হৰণ আৰু জীৱন জীৱিকাৰ ওপৰত নমোৱা আক্ৰমণৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন শক্তিশালী কৰিবলৈ আহ্বান জনায়

 গিৰীশ কলিতা, সাধাৰণ সম্পাদক, ইউনাইটেড ৱৰ্কমেন ইউনিয়ন

 পংকজ কুমাৰ দাস, সহকাৰী সম্পাদক অসম ৰাজ্যিক সমিতি।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here