ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনকাৰীৰ ওপৰত পুলিচৰ লাঠিচালনাৰ ঘটনাক গৰিহণা - নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 July 2021

ডাম্পিং গ্ৰাউণ্ড বিৰোধী আন্দোলনকাৰীৰ ওপৰত পুলিচৰ লাঠিচালনাৰ ঘটনাক গৰিহণা - নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতি, অসমৰ

 





W7s News, ষ্টাফৰিপোৰ্টাৰ :   চন্দ্ৰপুৰত ডাম্পিং গ্ৰাউণ্ড নিৰ্মাণৰ চৰকাৰী সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবীত  চন্দ্ৰপুৰ অঞ্চলৰ নাগৰিকসকলে  ১৪ জুলাইত অনুষ্ঠিত কৰা শান্তিপূৰ্ণ  প্ৰতিবাদৰ ওপৰত পুলিচে চলোৱা লাঠি চালনাৰ ঘটনাত 'কা' বিৰোধী সমন্বয় সমিতি, অসমে  গভীৰ  উদ্বেগ প্ৰকাশ কৰে আৰু এই ঘটনাক বৰ্বৰ ৰাষ্ট্ৰ সন্ত্ৰাসৰ নিদৰ্শন হিচাপে অভিহিত কৰিছে। এই সম্পৰ্কে কা বিৰোধী সমন্বয় সমিতিৰ

সভাপতি ড০ হীৰেন গোহাঁই আৰু মুখ্য সমন্বয়ক

দেবেন তামুলীয়ে এই সম্পৰ্কে কয় 'চৰকাৰৰ নীতিৰ ভুক্তভোগী হোৱা ৰাইজৰ কথা চৰকাৰে শুনা উচিত, কিন্তু পৰিতাপৰ বিষয় যে চন্দ্ৰপুৰৰ ৰাইজে বৰ্বৰ ৰাষ্ট্ৰ নিৰ্যাতনহে মূৰ পাতি ল'ব লগা হল। এয়া চৰকাৰৰ গণতন্ত্ৰৰ পৰিপন্থী কাৰ্য। এইটো দেখ দেখ কথা যে চৰকাৰৰ ভুল নীতিৰ ফলতে ৰাইজে ক'ভিড অতিমাৰীৰ পৰিস্থিতিতো ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছে। আমি চন্দ্ৰপুৰৰ ৰাইজৰ ডাম্পিং গ্ৰাউণ্ড প্ৰত্যাহাৰৰ দাবীৰ লগত একমত যে তেওঁ লোকৰ লগত আলোচনা নকৰাকৈ আৰু তেওঁলোকৰ সন্মতি অবিহনে তেওঁলোকৰ জীৱন-জীৱিকাৰ ভয়ানক সঙ্কট সৃষ্টি কৰা সিদ্ধান্ত জাপি দিবলৈ  কৰ্তৃপক্ষৰ কোনো ন্যায়সঙ্গত অধিকাৰ নাই। 

প্ৰেছ বিজ্ঞপ্তিটোত সমন্বয় সমিতিয়ে কয় চৰকাৰে এনেদৰে শান্তিপূৰ্ণ আন্দোলনৰ ওপৰত পুলিচ বাহিনীৰ দ্বাৰা নিৰ্যাতন চলোৱা কাৰ্যৰে ৰাজ্যখনক পুলিচ ৰাজ্যৰ পিনে লৈ যোৱাত নাগৰিক সমাজক শংকিত হৈছে। কিয়নো  কা বিৰোধী আন্দোলনৰ সময়তো আমি দেখিছিলো যে বিজেপি চৰকাৰে ৰাইজৰ মৌলিক অধিকাৰৰ ওপৰত ৰাষ্ট্ৰ নিৰ্যাতন নমাইছিল আৰু পাচজন কৈ নিৰ্দোষী যুৱকক নিৰ্মমভাৱে গুলিয়াই হত্যা কৰিছিল। আমি চন্দ্ৰপুৰৰ নাগৰিক সমাজৰ আন্দোলনৰ প্ৰতি পূৰ্ণ সংহতি প্ৰকাশ কৰিছে আৰু ৰাইজৰ জীৱন জীৱিকা আৰু পৰিবেশ পাৰিপাৰ্শ্বিকতা ৰক্ষা কৰাৰ বাবে কাৰ্যকৰী ব্যৱস্থা ল'বলৈ চৰকাৰৰ প্ৰতি আবেদন জনাইছে।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here