মানৱ সৰবৰাহ-বিৰোধী বিধেয়ক: জৰুৰীভাৱে গৃহীত কৰাৰ সমৰ্থন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 July 2021

মানৱ সৰবৰাহ-বিৰোধী বিধেয়ক: জৰুৰীভাৱে গৃহীত কৰাৰ সমৰ্থন

 


 

২০১৯ চনত অসমত সন্ধানহীন হোৱা শিশুৰ মুঠ সংখ্যা হৈছে ১৪১০


W7s News ষ্টাফৰিপোৰ্টাৰ :  মানৱ সৰবৰাহ বিধেয়ক সমৰ্থনৰ বাবে অসমৰ অংশীদাৰসকলে ৰাজ্যখনত 'আই-ছাপোৰ্ট-ট্ৰেফিকিং-বিল' অভিযান আৰম্ভ কৰিছে। ১৫ খন জিলাৰ অংশীদাৰসকলে ৰাজনীতিবিদ, বিষয়া, বেচৰকাৰী সংগঠন আৰু সাধাৰণ লোকসকলৰ ওচৰলৈ গৈ ব্যক্তিৰ সৰবৰাহ (প্ৰতিৰোধ, সুৰক্ষা আৰু পুনৰ্সংস্থাপন) বিধেয়ক, ২০২১ৰ প্ৰতি সমৰ্থন আদায় কৰিছে। বিধেয়কখন এই বর্ষকালীন অধিৱেশনৰ সময়ত সংসদত উত্থাপন কৰা হ'ব য'ত আমাৰ শিশুৰ বিৰুদ্ধে হিংসা সংঘটিত কৰা সৰবৰাহ আৰু জঘন্য অপৰাধৰ জটিল পদ্ধতি ধ্বংস কৰাৰ সম্ভাৱনা আছে। বৰ্তমানৰ মহামাৰীৰ ফলত দুৰ্ভাগ্যবশতঃ ভাৰতৰ আটাইতকৈ প্ৰান্তীয় শিশুসকলে সন্মুখীন হোৱা বিপদ বৃদ্ধি পাইছে, বিশেষকৈ শিশু শ্ৰমিক আৰু শিশু সৰবৰাহৰ ক্ষেত্ৰত। মহামাৰী আৰম্ভ হোৱাৰ পিছৰে পৰা সৰবৰাহৰ  উদ্ধাৰ কৰা শিশুৰ সংখ্যা উদ্বেগজনকভাবে বৃদ্ধি পাইছে। বিধেয়কখন সমৰ্থন কৰি কোকৰাঝাৰৰ সাংসদ নব কুমাৰ শৰণীয়াই বড়োলেণ্ড এছ'চিয়েচন ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট আৰু ইয়াৰ স্বেচ্ছাসেৱকসকলৰ সৈতে সাক্ষাৎ প্ৰদান কৰে। উক্ত বিধেয়কখনক সমৰ্থন কৰাৰ আশ্বাস দি তেওঁ উল্লেখ কৰে – "এই বিধেয়কখন সময়ৰ প্ৰয়োজন। এই বিধেয়কখন গৃহীত কৰা আৰু দেশত ইয়াক কাৰ্যকৰী কৰাৰ এইটো সঠিক সময়। বিধেয়কখনত সংগঠিত চিণ্ডিকেট ভংগ কৰা, অপৰাধৰ বৰ্ধিত পদ্ধতি, চোৰাং ব্যৱসায়ীসকলৰ সম্পত্তি জব্দ কৰাৰ  দৰে বহুতো গুৰুত্বপূৰ্ণ বিষয় উত্থাপন কৰা হৈছে।" এনচিআৰবিৰ দ্বাৰা প্ৰকাশিত অপৰাধ ২০১৯ ৰ প্ৰতিবেদন অনুসৰি চোৰাং ব্যৱসায়ৰ বলি হোৱা শিশুৰ মুঠ সংখ্যা প্ৰতি বছৰে বাঢ়ি গৈ আছে। তথ্য অনুসৰি ২০১৯ চনত অসমত সন্ধানহীন হোৱা শিশুৰ মুঠ সংখ্যা হৈছে ১৪১০ জন। সৰবৰাহ কৰা লোকৰ মুঠ সংখ্যা হৈছে ২৪৮ জন। অনৈতিক সৰবৰাহ প্ৰতিৰোধ আইনৰ অধীনত উদ্ধাৰ হোৱা ভুক্তভোগীৰ সংখ্যা ৩৮জন আৰু শিশু শ্ৰমিক আইনৰ অধীনত ৬৮জন।

ব্যক্তিৰ সৰবৰাহ (প্ৰতিৰোধ, যত্ন আৰু পুনৰ্সংস্থাপন) বিধেয়ক, ২০২১ত সৰবৰাহ সম্পৰ্কীয় বিভিন্ন অপৰাধ অন্তৰ্ভুক্ত কৰি সৰবৰাহৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে, যাৰ ভিতৰত আছে সৰবৰাহৰ বৰ্ধিত প্ৰকাৰ। ই জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সৰবৰাহ প্ৰতিৰোধৰ লগতে ভুক্তভোগীসকলৰ সুৰক্ষা আৰু পুনৰ্সংস্থাপনৰ বাবে এক একান্ত প্ৰতিষ্ঠানগত প্ৰণালী সৃষ্টি কৰে। বৰ্তমান বিধেয়কখনে সৰবৰাহ আৰু ভুক্তভোগীৰ সংজ্ঞা সম্প্ৰসাৰিত কৰিছে আৰু বলপূৰ্বক বা বন্ধনযুক্ত শ্ৰমিক, ঋণবন্ধন, দাসত্ব, যৌন শোষণ, জৈৱ-চিকিৎসা গৱেষণা বা পৰীক্ষণ, প্লেচমেণ্ট এজেঞ্চী, মালিচ পাৰ্লাৰ, স্পা, ভ্ৰমণ সংস্থা, চাৰ্কাছ আদি স্থানত বেআইনী কাৰ্যকলাপ কৰাৰ উদ্দেশ্যে নতুন প্ৰকাৰৰ বৰ্ধিত সৰবৰাহ সামৰি লৈছে। বিধেয়কখনে আনুষ্ঠানিক যত্নৰ অধীনত মহিলা বা শিশু বা ট্ৰেন্সজেণ্ডাৰৰ সৰবৰাহৰ অপৰাধৰ বাবে কঠোৰ শাস্তি প্ৰদান কৰে। বিদ্যমান বিধেয়কখনে তাৎক্ষণিক আৰ্থিক সকাহ আৰু ক্ষতিপূৰণো নিশ্চিত কৰে। 

সমগ্ৰ দেশৰ নাগৰিক সমাজ সংগঠন আৰু শিশু অধিকাৰ কৰ্মীসকলে 'আই চাপোৰ্ট ট্রেফিকিং বিল'( #ISupportTraffickingBill ) অভিযানৰ জৰিয়তে সংহতি প্ৰকাশ কৰিছে। সংসদৰ দুয়োখন সদনত এবাৰ গৃহীত হোৱা বিধেয়কখন সৰবৰাহ সমাপ্ত কৰাৰ যাত্ৰাত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ'ব।

শিশু অধিকাৰৰ ওপৰত কাম কৰি থকা বৰপেটাস্থিত ভেৰালদি ৰুৰেল ডেভেলপমেণ্ট এচ'চিয়েচনে বৰপেটা বজালী আৰু চিৰাঙৰ পৰা উক্ত বিধেয়কৰ প্ৰতি সমৰ্থন সংগ্ৰহ কৰে।গ'ল্ড (গ্লোবেল অৰগেনাইজেশ্যন ফৰ লাইফ ডেভেলপমেণ্ট) স্বেচ্ছাসেৱী সংগঠনে ওদালগুৰি জিলাত অবৈধ মানব সৰবৰাহ ভয়ঙ্কৰ ভাবে বৃদ্ধি হোৱা বাবে সেই জিলাত কিছু কাৰ্য্যসূচী হাতত লৈছে যাতে গাওঁ সমুহৰ পৰা কোনো শিশু মানব সৰবৰাহ, যৌনশোষন, শিশু শ্ৰমিকৰ বলি নহয়।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here