২০২১-২২ বৰ্ষৰ বাজেট দাখিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 16 July 2021

২০২১-২২ বৰ্ষৰ বাজেট দাখিল

 




#assambudget2021


W7s News, নিউজ ডেস্ক : অসমৰ ৰাইজৰ বাবে এক আশাব্যঞ্জক বতৰা লৈ শুকুৰবাৰে ইতিহাস ৰচি দাখিল হ'ল বহু প্ৰত্যাশিত ২০২১-২২ বৰ্ষৰ বাজেটখন।

শুকুৰবাৰে  অসমৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে অসম বিধানসভা ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। আজি উত্থাপন কৰা এই বাজেটখনৰ বাবে বিত্তমন্ত্ৰী গৰাকীক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। 'বান মুক্ত অসম' ৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে বিশেষ পেকেজৰ উত্থাপন কৰাৰ লগতে আজিৰ এই বাজেটখনত ১ লাখৰো অধিক শিক্ষিত নিবনুৱা যুৱক-যুৱতীক চৰকাৰী সংস্থাপন, অৰুণোদয় আঁচনিৰ পৰিসৰ বৃদ্ধি আৰু মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ, স্বাস্থ্যখণ্ডত ১ হাজাৰখন হাস্পতাল নিৰ্মাণৰ প্ৰস্তাৱ তথা শিক্ষাখণ্ডক অধিক উন্নত কৰাকে আদি কৰি বহু কল্যাণকামী আৰু আন্তঃগাঁথনি উন্নয়নমূলক আঁচনি অন্তৰ্ভূক্ত কৰাৰ দ্বাৰা ইতিহাস ৰচা এই জনমুখী বাজেটে অসমক আৰু অধিক আগবঢ়াই নিব বুলি মুখ্যমন্ত্ৰী শৰ্মাই দৃঢ়বিশ্বাসী বুলি কয় । অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰতো এই বাজেটে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব ৷এই বাজেটখন এখন সৰ্বাংগ সুন্দৰ উন্নয়নমুখী বাজেট ৷ এই বাজেটে অসমৰ প্ৰতিজন ব্যক্তিৰ বিকাশৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here