W7s News, ষ্টাফৰিপোৰ্টাৰ : আগন্তুক ২০২১-২২ বিত্তীয় বৰ্ষৰ বাজেটখন সৰ্বাংগসুন্দৰ কৰাৰ উদ্দেশ্যে কেইবাটাও আগশাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠানৰ নেতৃবৰ্গৰ সৈতে ভিডিঅ'কনফাৰেঞ্চযোগে মত বিনিময় কৰে বিত্তমন্ত্ৰী অজন্তা নেওগে। বাজেট সন্দৰ্ভত আগশাৰীৰ বাণিজ্যিক প্ৰতিষ্ঠানৰ নেতৃবৰ্গই নিজৰ মতামত আৰু দিহা-পৰামৰ্শ আগবঢ়ায়।উক্ত আলোচনাত ইষ্টাৰ্ন আছাম চেম্বাৰ্চ অফ কমাৰ্চ (ডিব্ৰুগড়), নৰ্থ আছাম চেম্বাৰ্চ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী(তেজপুৰ) আৰু নেচনেল চেম্বাৰ্চ অফ কমাৰ্চ(তিনিচুকীয়া)ৰ বিষয়ববীয়া উপস্থিত থাকে।
তদুপৰি ষষ্ঠ বিত্তীয় আয়োগৰ পৰামৰ্শৰ ওপৰত বিত্ত বিভাগে প্ৰস্তুত কৰা এটি পাৱাৰ পইণ্ট উপস্থাপনাৰো বিভাগীয় সভাকক্ষত পৰ্যালোচনা কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে ।
No comments:
Post a Comment