মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, অসম-অৰুণাচল সীমান্তৰ উত্তেজনা শান্ত কৰিবলৈ শুক্লবৈদ্যৰ ভ্ৰমণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Friday 2 July 2021

মুখ্যমন্ত্ৰীৰ নিৰ্দেশ, অসম-অৰুণাচল সীমান্তৰ উত্তেজনা শান্ত কৰিবলৈ শুক্লবৈদ্যৰ ভ্ৰমণ

 




W7s, News,  নিউজ ডেস্ক:  অসম আৰু অৰুণাচলৰ সীমা সম্পৰ্কীয় বিবাদৰ পৰা সীমান্তবৰ্তী জয়ৰামপুৰ-চিলনীবস্তি অঞ্চলজুৰি উত্তেজনা সৃষ্টি হোৱা ঘটনাক্ৰমৰ প্ৰতি লক্ষ্য ৰাখি আজি পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই পৰিস্থিতি শান্ত কৰি স্বাভাৱিক অৱস্থা ঘুৰাই অনাৰ উদ্দেশ্যে ঘটনাস্থলীত উপস্থিত হয়। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দ্দেশমৰ্মে মন্ত্ৰী শুক্লবৈদ্যই বিধায়ক ভূবন পেগু, অৰুণাচল প্ৰদেশৰ পৰা বিধায়ক কাৰ্দো নিজিয়’, ধেমাজি জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক, বন সংমণ্ডল বিষয়া আৰু অন্যান্য বিষয়াৰ সৈতে বিগত ১১ জুনত সীমাৰ সিপাৰৰ পৰা বেদখল আৰু বনাঞ্চল ধ্বংস কৰাৰ বাতৰিয়ে উত্তেজনা সৃষ্টি কৰা বিষয়ে বুজ লোৱাৰ লগতে পৰিস্থিতি শান্ত কৰাৰ কাৰণে ঘটনাস্থলীত উপস্থিত হয়। এই সন্দৰ্ভত বিধায়ক, বিষয়াবৰ্গ, অসম আৰু অৰুণাচলৰ গাঁওৰ গাঁওবুঢ়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু দুয়োখন ৰাজ্যৰ স্থানীয় ৰাইজৰ সৈতে এক আলোচনাত মিলিত হৈ মন্ত্ৰী শুক্লবৈদ্যই মন্তব্য কৰে যে ওচৰ চুবুৰীয়া দুইখন ৰাজ্যৰ ৰাইজেই শান্তি আৰু একতাৰ ডোলেৰে বান্ধ খাব লাগিব। “আমি এই ধৰণৰ মুখামখি খাম-খেয়ালি আঁতৰাব লাগিব আৰু এক সৌহাৰ্দমূলক প্ৰক্ৰিয়াৰে সমস্যাসমূহ মীমাংসা কৰিব লাগিব। তাৰবাবে প্ৰথমে আমি শান্তি প্ৰতিষ্ঠা কৰিব লাগিব আৰু মিলাপ্ৰীতিৰ সম্পৰ্ক গঢ়ি তুলিব লাগিব।“ তেওঁ মন্তব্য কৰে। তেওঁ স্থানীয় ৰাইজক গছ-গছনি কটা বন্ধ কৰিবলৈ আৰু পৰিৱেশক সুৰক্ষা দিবলৈ আহ্বান জনাই কয়, “বনাঞ্চল ধ্বংসৰ পৰিণাম আমি সকলোৱে ভুগিব লগা হ’ব।“ মন্ত্ৰীয়ে সকলো বৈধ ভোটাৰ পৰিচয় পত্ৰ থকা পৰিয়ালক ৰন্ধন গেছৰ সংযোগ দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে যাতে ইন্ধন হিচাপে কাঠখৰি ব্যৱহাৰ কৰিবলগীয়া নহয়। শুক্লবৈদ্যই অৰুণাচল প্ৰদেশৰ লিকাবালিৰ বিধায়ক নিজিয়’ ক বেদখল আৰু গছ-গছনি ধ্বংস সম্পূৰ্ণভাৱে ৰোধ কৰাৰ ক্ষেত্ৰত পদক্ষেপ ল’বলৈ আহ্বান জনায়। তেওঁ লগতে নিজিয়’ক পথাৰৰ মাজৰ ৰাস্তা কোনো কাৰণতে যাতে বন্ধ নহয় সেইয়া নিশ্চিত কৰিবলৈ কয়।

শুক্লবৈদ্যই কয় যে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড আৰু মিজোৰামৰ সৈতে থকা সীমা বিবাদসমূহ সমাধান কৰিবলৈ পূৰ্ণ প্ৰচেষ্টা চলাই আছে। তেওঁ কয় যে যিহেতু অৰুণাচল প্ৰদেশৰ সৈতে সীমা বিবাদ বিষয়ক গোচৰ ছুপ্ৰীম কোৰ্টৰ বিচাৰাধীন হৈ আছে গতিকে এইক্ষেত্ৰত সম্পূৰ্ণ স্থিতাৱস্থা বাহাল ৰাখিব লাগিব।মন্ত্ৰীজনো সদৰি কৰে যে অসম চৰকাৰে উচ্চ পৰ্যায়ত এই সীমা বিবাদ মীমাংসা কৰাৰ ক্ষেত্ৰত আন্তৰিক প্ৰচেষ্টা অব্যাহত ৰাখিছে। “বৰ্তমানৰ চৰকাৰখনে উচ্চ পৰ্যায়ত এই সীমা বিবাদ নিষ্পত্তি কৰাৰ চেষ্টা চলোৱাৰ লগতে ন্যায়িক ব্যৱস্থাৰ জৰিয়তেও ইয়াৰ স্থায়ী সমাধান বিচাৰিছে।“ তেখেতে মন্তব্য কৰে।

ইয়াৰ পিছত শুক্লবৈদ্যই বন মহোৎসৱ সপ্তাহ উপলক্ষে উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু অন্য বিষয়াসকলৰ সৈতে সীমাৰ দাঁতিকাষৰীয়া অঞ্চলত গছপুলি ৰোপণ কৰে। আনহাতে দিল্লীত অসম-নাগালেণ্ডৰ মুখ্যমন্ত্ৰীৰ এখন বৈঠক অনুষ্ঠিত হয়।

সীমান্ত পৰিচালনা, উন্নয়ন সন্দৰ্ভত আলোচনা কৰা হয়।

আলোচনাত মিলিত হ’ল ড০ হিমন্ত বিশ্ব শৰ্মা আৰু নেফিউ ৰিঅ’। আন কেইবাটাও বিষয়ত  দুই মুখ্যমন্ত্ৰীৰ আলোচনা অনুষ্ঠিত হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here