W7s News ষ্টাফৰিপোৰ্টাৰ : নাট্যকাৰ অবিনাশ শৰ্মালৈ'নটসূৰ্য ফণী শৰ্মা বটা ২০২১' আৰু ভ্ৰাম্যমাণ থিয়েটাৰৰ 'অতুল চন্দ্ৰ হাজৰিকা বঁটা ২০২১' অভিনেতা উপকূল বৰদলৈক আগবঢ়োৱা হৈছে।উল্লেখ্য অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে শনিবাৰে বঁটা ঘোষণা কৰে। এই বঁটাত আছে নগদ ২ লাখ কৈ টকা, অংগবস্ত্ৰ, প্ৰশস্তি পত্ৰ আদি। উল্লেখ্য, বিশিষ্ট নাট্যকাৰ অবিনাশ শৰ্মাই ১৯৫৩ চনত জন্মগ্ৰহণ কৰে। অসমীয়া নাট্য সাহিত্যলৈ বিশেষ অৱদান আগবঢ়োৱা নাট্যকাৰ অবিনাশ শৰ্মাই নাট পৰিচালনাৰ লগতে নাটকৰ সংলাপ আদি লিখাৰ জৰিয়তেও বিশেষ নাম দখল কৰিবলৈ সক্ষম হৈছে। তেওঁ ৭০ খনতকৈ অধিক নাট পৰিচালনা কৰিছে তাৰভিতৰত ৩ খন হিন্দী নাটকো আছে। তেওঁ পৰিচালিত বহুকেইখন নাটক অসমৰ বিভিন্ন মঞ্চত মঞ্চস্থ কৰাৰ লগতে ত্ৰিপুৰা আৰু হায়দৰাবাদত অনুষ্ঠিত আন্ত:ৰাষ্ট্ৰীয় নাট্য মহোৎসৱত মঞ্চস্থ কৰা হয়। তেওঁ অনাতাঁৰ আৰু টেলিভিছনত নাট পৰিবেশন কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বি-হাই নাট্যশিল্পী। তেওঁ বহুকেইখন নাট, টেলিভিছন ধাৰাবাহিক, চলচ্চিত্ৰত অভিনয় কৰিছে। তেওঁ দূৰদৰ্শন কেন্দ্র গুৱাহাটীৰ প্ৰথমজন মেকআপ শিল্পী, চায়েঞ্চ ডিজাইনাৰ আৰু টেলিফিল্ম পৰিচালক। তেওঁ আকাশবাণী গুৱাহাটীৰ কেন্দ্ৰৰ বাবে নাট, দূৰদৰ্শন কেন্দ্ৰৰ আৰু পি পি চি গুৱাহাটীৰ বাবে নাট পৰিচালনা কৰিছিল।আনহাতে ১৯৫৪ চনৰ ৩০ অক্টোবৰত জন্মগ্ৰহণ কৰা বিশিষ্ট অভিনেতা উপকূল বৰদলৈয়ে অসমীয়া নাট্য, চলচ্চিত্ৰ জগতখনলৈ বিশেষ বৰঙণি আগবঢ়াইছে। তেওঁ শৈশৱত নাট্য প্ৰবৰ সাৰদা কান্ত বৰদলৈৰ পৰিচালনাত বিভিন্ন মঞ্চত বিভিন্ন নাটকত অভিনয় কৰে। তেওঁ স্কুলীয়া অৱস্থাত পৰা অভিনয় জীৱন আৰম্ভ কৰে । তেওঁ ২০১৮ চনত 'অজানিতে মনে মনে' নামৰ চলচ্চিত্ৰৰ পৰিচালনা কৰে। এই চলচ্চিত্ৰখন ৰাজ্য চৰকাৰৰ স্বচ্ছ ভাৰত মিছন অভিযানৰ প্ৰয়োজনাত নিৰ্মাণ হৈছিল। তেওঁ বহু টেলিফিল্ম, তথ্যচিত্ৰ, টেলিভিছনৰ ধাৰাবাহিক আদিত অভিনয় কৰিছে। তেওঁ ১৯৯৭ চনত ড০ ভবেন্দ্ৰ নাথ শইকীয়াই পৰিচালনা কৰা ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত চলচ্চিত্ৰ 'সন্ধ্যাৰাগ'ত অভিনয় কৰে। সেইদৰে ২০০৩ চনত 'জুয়ে পোৰা সোণ', ২০০৪ চনত 'দিনবন্ধু' ত অভিনয় কৰাৰ লগতে 'নয়নমণি', 'উত্তৰকাল', 'ইতিহাস' , 'যুগান্তৰৰ তেজাল ঘোঁৰা' আদিত অভিনয় কৰে।তেওঁ ৫০ খনতকৈ অধিক টেলিভিছন ধাৰাবাহিক, ভি চি ডি আদিত অভিনয় কৰে।তেওঁ বহুকেইখন তথ্যচিত্ৰও নিৰ্মাণ কৰিছে। তেওঁ বহুকেইখন ভ্ৰাম্যমাণ থিয়েটাৰ ক্ৰমে হেঙুল, আৰাধনা, ইন্দ্ৰধনু আদিত ১৯৮০ চনৰ পৰা ১৯৮৭ চনলৈ অভিনয় কৰে। তেওঁ লগতে ভ্ৰাম্যমাণ থিয়েটাৰৰ পৰিচালনাৰ কাম কৰি বিশেষ সুনাম অর্জন কৰে। তেওঁ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ 'এ' গ্ৰেড নাট্যশিল্পী। তেওঁ লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত ১৯৮০ চনৰ পৰা নাট, ধাৰাবাহিক অভিনয় কৰাৰ লগতে নাট পৰিচালনা কৰিবলৈও সক্ষম হৈছে।২০১৯ চনত তেওঁ অসম চৰকাৰৰ শিল্পী পেঞ্চন লাভ কৰিবলৈ সক্ষম হয়।এই বঁটা প্ৰদানৰ দিন সাংস্কৃতিক সঞ্চালকালয়ৰ তৰফৰ পৰা অতি সোনকালে ঘোষণা কৰা হ'ব বুলি বিভাগৰ তৰফৰ পৰা জানিবলৈ পোৱা গৈছে।
No comments:
Post a Comment