মুখ্যমন্ত্ৰীক দুখন নতুন অভয়াৰণ্য গঠনৰ প্ৰস্তাৱ দিলে নেচাৰ্ছ বেকনে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 July 2021

মুখ্যমন্ত্ৰীক দুখন নতুন অভয়াৰণ্য গঠনৰ প্ৰস্তাৱ দিলে নেচাৰ্ছ বেকনে

 


পঞ্চৰত্ন অভয়াৰণ্য আৰু অজগৰ অভয়াৰণ্য গঠন সন্দৰ্ভত বনমন্ত্ৰীৰ লগত আলোচনা নেচাৰ্ছ বেকনৰ


গোৱালপাৰা জিলাত দুখন নতুন অভয়াৰণ্যৰ প্ৰস্তাৱ




W7s News, ষ্টাফৰিপোৰ্টাৰ : গোৱালপাৰা জিলা প্ৰাচীন কামৰূপ তথা অসমৰ এটা প্ৰাচীনতম অঞ্চল। হাজাৰ হাজাৰ বছৰ ধৰি এই অঞ্চল ভাৰতীয় সভ্যতাৰ লগত সংপৃক্ত হৈ আছে। গোৱালপাৰা অঞ্চলত পোৱা প্ৰাচীন মন্দিৰ, বৌদ্ধ মঠ, শিলালিপি,স্বৰ্ণমুদ্ৰা আৰু প্ৰাচীন প্ৰত্ন-সম্পদে তাৰ সাক্ষ্য বহন কৰি আহিছে। ভাৰতৰ প্ৰাচীনতম শিলৰ গণেশ মন্দিৰ, ভাৰতৰ অন্যতম প্ৰাচীন বৌদ্ধ স্তুপ আৰু মূৰ্তিখচিত শিলা মন্দিৰ শ্ৰীসূৰ্য পাহাৰ তাৰে উৎকৃষ্ট নিৰ্দশন। অৰণ্য আৰু বন্যপ্ৰাণীৰ বাসভূমি হিচাপে গোৱালপাৰা অঞ্চল অত্যন্ত সমৃদ্ধ। গোৱালপাৰাৰ অৰণ্য অসমৰ বনৰীয়া হাতীবোৰৰ প্ৰধান বাসস্থান তথা আশ্ৰয়স্থল। গোৱালপাৰাৰ অৰণ্য অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী আৰু বনৰীয়া চৰাইৰ বাসস্থান। ইমান সমৃদ্ধশালী বন্যপ্ৰাণীৰ বাসস্থান হোৱাৰ পিছতো গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰৰ সংৰক্ষণৰ বাবে আজিলৈকে কোনো স্থায়ী সংৰক্ষণ পদক্ষেপ লোৱা হোৱা নাই। গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীবোৰ চৰম ৰূপত অৱহেলিত হৈ আহিছে। ভাৰত স্বাধীন হোৱাৰ পিছতো অসমৰ কোনো এজন মুখ্যমন্ত্ৰীয়ে এই গোৱালপাৰাৰ অৰণ্য আৰু বন্যপ্ৰাণীক গুৰুত্ব প্ৰদান কৰা নাই। এই অৱহেলাৰ ফলত গোৱালপাৰা অঞ্চলৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ যথেষ্ট ক্ষতিসাধন হৈছে। অৰণ্য বেদখল, কাঠৰ চোৰাং কাৰবাৰ, বন্যপ্ৰাণীৰ অবৈধ চিকাৰ আৰু বন্যপ্ৰাণীৰ অংগ-প্ৰত্যংগৰ অবৈধ ব্যৱসায়ৰ লগতে খেতিৰ বাবে অৰণ্য অপসাৰণ কৰি খেতি মাটি মোকলোৱাৰ ফলত গোৱালপাৰা জিলাৰ অধিকাংশ অৰণ্য আজি প্ৰায় ধ্বংস হোৱাৰ পথত। এটা সময়ত পূৰ্ব-পাকিস্তানৰ পৰা অহা জনস্ৰোতেও গোৱালপাৰা জিলাৰ বহুত বনাঞ্চল বেদখল কৰি ধ্বংস কৰিছে। এটা সময়ত গোৱালপাৰাৰ অৰণ্যত বহুত বনৰীয়া গৰু পোৱা গৈছিল কিন্তু মাংসৰ বাবে এই গৰুবোৰক হত্যা কৰি গোৱালপাৰাৰ অৰণ্যৰ পৰা বনৰীয়া গৰুবোৰক নিঃশেষ কৰি দিয়া হৈছে। গোৱালপাৰাৰ অৰণ্যত আগতে প্ৰচুৰ হলৌ বান্দৰ পোৱা গৈছিল। আমি সকলোৱে জানো যে হলৌ ভাৰতত পোৱা একমাত্ৰ বন মানুহ। গোৱালপাৰাত পূৰ্বতে ইমানে হলৌ আছিল যে বৰ্তমান গোৱালপাৰা চহৰৰ মাজমজিয়াত থকা এখন পাহাৰৰ নাম হলৌ কান্দা পাহাৰ। কিন্তু আমাৰ দুৰ্ভাগ্য যে বৰ্তমান গোৱালপাৰাৰ অৰণ্যত হলৌ বিচাৰি পোৱা নাযায়। গোৱালপাৰাৰ অৰণ্য ধ্বংসই গোৱালপাৰাৰ পৰা হলৌ বান্দৰক নিশ্চিহ্ন কৰি দিছে। বৰ্তমান গোৱালপাৰা জিলাৰ যি নামমাত্ৰ বনভূমি আৰু অমূল্য বন্যপ্ৰাণীয়ে বৰ্তমান অস্তিত্ব ৰক্ষা কৰি জীয়াই আছে তাক অতি শীঘ্ৰে স্থায়ী ৰূপত সংৰক্ষণ কৰাটো অতি প্ৰয়োজন। গোৱালপাৰা জিলাৰ দুখন অত্যন্ত সমৃদ্ধশালী অৰণ্যৰ নাম পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্য। উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংৰক্ষণকাৰী গোষ্ঠী নেচাৰ্চ বেকনে যোৱা দহ বছৰৰ অধিক কাল ধৰি এই দুই অৰণ্যৰ বন্যপ্ৰাণী অধ্যয়নৰ কামত ব্ৰতী হৈ আছে। এই দুখন অৰণ্য বনৰীয়া হাতীবোৰৰ প্ৰধান আশ্ৰয়স্থল। বনৰীয়া হাতীৰ বাহিৰেও—নাহৰফুটুকী বাঘ , লাজুকী বান্দৰ, খুটীয়া পহু, সুগৰী পহু, শৰ পহু, মাটি ভালুক, বিণ্টুৰং, কেটেলা পহু , বনৰৌ, কেঁকোৰা খোৱা নেউ আদি অসংখ্য স্তন্যপায়ী বন্যপ্ৰাণী এই দুই অৰণ্যত বসবাস কৰে। বনৰীয়া চৰাইৰ ক্ষেত্ৰতো এই দুই অৰণ্য অত্যন্ত সমৃদ্ধ। নেচাৰ্চ বেকনৰ অনুসন্ধানকাৰী দলে পঞ্চৰত্নৰ অৰণ্যত ১৬৮ প্ৰজাতিৰ বনৰীয়া চৰাই আৰু অজগৰ অৰণ্যত ১৯৬ প্ৰজাতিৰ বনৰীয়া চৰাই নথিভুক্ত কৰিছে* আৰু এই কামটো বৰ্তমানেও চলি আছে। পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যত নেচাৰ্চ বেকনৰ অনুসন্ধানকাৰী দলে মুঠ ৩৬ প্ৰজাতিৰ স্তন্যপায়ী বন্যপ্ৰাণীৰ সন্ধান পাইছে। গোৱালপাৰা জিলাৰ এই দুখন অৰণ্যই বৰ্তমানেও স্ব-মহিমাত বহুত আপুৰুগীয়া বন্যপ্ৰাণীক ধাৰণ কৰি আছে। অতি সোনকালে এই দুখন অৰণ্যক অভয়াৰণ্যৰূপে সংৰক্ষিত কৰাটো অত্যন্ত প্ৰয়োজন। পঞ্চৰত্নৰ অৰণ্যক ‘‘পঞ্চৰত্ন অভয়াৰণ্য’’ আৰু অজগৰ অৰণ্যক ‘‘অজগৰ অভয়াৰণ্য’’ৰূপে সংৰক্ষিত কৰিব লাগিব।উল্লেখ্য প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্যৰ মাটিকালি প্ৰায় ৯৭৬.০৮ হেক্টৰ বনভূমিক আগুৰি আছে আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্য ৪২৪০.০৮ হেক্টৰ বনভূমি  আছে। প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ দক্ষিণ সীমা গাৰো পাহাৰৰ লগত সংলগ্ন সেয়েহে অসম আৰু মেঘালয়ৰ হাতীবোৰে এই বনভূমিৰ মাজেৰেই অহাযোৱা কৰে। প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যত স্থায়ী ৰূপে বহুত বনৰীয়া হাতীয়ে বসবাস কৰে।

প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য হাতী সম্বন্ধীয় এটা বিশেষ কাৰণৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। নেচাৰ্চ বেকনৰ প্ৰকৃতিবিদ কৃপালোচন দাসে আজি দহ বছৰতকৈও অধিক সময় ধৰি গোৱালপাৰা অঞ্চলৰ বনৰীয়া হাতীৰ স্বভাৱ পৰ্যৱেক্ষণ তথা হাতীৰ চলাচল অনুসন্ধান কৰি আছে। এই অধ্যয়নৰ ফলত এই কথা পোহৰলৈ আহিছে যে প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য বনৰীয়া হাতীৰ সন্তান প্ৰসৱ কৰাৰ স্থান। হাতীবোৰে পৰম্পৰাগতভাৱে এটা নিৰ্দিষ্ট অৰণ্যত সন্তান প্ৰসৱ কৰে। বৰ্তমান অৰণ্য ধ্বংস হোৱাৰ ফলত হাতীবোৰৰ সন্তান প্ৰসৱ কৰাৰ স্থানবোৰ ধ্বংসপ্ৰাপ্ত হৈছে ফলত বনৰীয়া হাতীবোৰে অভূতপূৰ্ব সমস্যাৰ সন্মুখীন হৈছে। পঞ্চৰত্নৰ অৰণ্য, হাতীবোৰৰ সন্তান প্ৰসৱ কৰা ঠাই। সেয়েহে হাতীবোৰে নিয়মিত ৰূপত তাত বৰ্তমানেও সন্তান প্ৰসৱ কৰে। হাতী সংৰক্ষণৰ দৃষ্টিভংগীত হাতীৰ প্ৰসূতি ঘৰ পঞ্চৰত্নৰ অৰণ্যক স্থায়ী ৰূপত অভয়াৰণ্য ৰূপে সংৰক্ষিত কৰিব লাগিব। সেই বাবেই হয়তো প্ৰাচীন কামৰূপ তথা ভাৰতৰ জ্ঞানী লোকসকলে এই অৰণ্যক ‘‘পঞ্চৰত্নৰ পবিত্ৰ অৰণ্য’’ৰূপে পৰম্পৰাগতভাৱে সংৰক্ষিত কৰিছিল। গোৱালপাৰা জিলাৰ পঞ্চৰত্ন অৰণ্য আৰু অজগৰ অৰণ্যক পৃথকে পৃথকে দুখন অভয়াৰণ্য গঠন কৰাৰ বাবে নেচাৰ্চ বেকনে অসম চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে। এই সংক্ৰান্তত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই সংগঠনৰ হৈ অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আনুষ্ঠানিক প্ৰস্তাৱ প্ৰদান কৰিছে। প্ৰস্তাৱত পঞ্চৰত্ন আৰু অজগৰ অৰণ্যক পৃথকে পৃথকে দুখন অভয়াৰণ্য গঠন কৰাৰ বাবে অনুৰোধ কৰা হৈছে। ৩০ জুনত অসমৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ হাততো প্ৰস্তাৱিত পঞ্চৰত্ন অভয়াৰণ্য আৰু প্ৰস্তাৱিত অজগৰ অভয়াৰণ্যৰ আনুষ্ঠানিক প্ৰস্তাৱ পত্ৰ প্ৰদান কৰা হয়। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ লগত নেচাৰ্চ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্তই ৩০ জুনত দীৰ্ঘ আলোচনাত মিলিত হয়। হাতী সংৰক্ষণৰ বিষয়ৰ লগতে অসমৰ অৰণ্য আৰু বন্যপ্ৰাণীৰ বিষয়ে বিভিন্ন কথা আলোচনা হয়। বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই

অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত অত্যন্ত ধনাত্মক আচৰণ প্ৰদৰ্শন কৰে। বৰ্তমান মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমৰ অৰণ্য সংৰক্ষণৰ কাম সুস্থভাৱে সম্পন্ন হ’ব বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীৰ সচিব জয়ন্তমল্ল বৰুৱাৰ লগতো অসমৰ অৰণ্য আৰু বন্যপ্ৰাণী সম্পৰ্কে সৌম্যদ্বীপ দত্তই বিস্তাৰিত আলোচনা কৰে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বৰ প্ৰতি নেচাৰ্চ বেকনৰ পূৰ্ণ আস্থা আছে আৰু অৰণ্য তথা বন্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত বহুত ভাল কাম হ’ব বুলি নেচাৰ্চ বেকন আস্থাৱান।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here