অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত 'বিশ্ব জুনোছিছ দিৱস' পালন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 6 July 2021

অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত 'বিশ্ব জুনোছিছ দিৱস' পালন

 




W7s News, ষ্টাফৰিপোৰ্টাৰ : অসম পশুপালন আৰু পশু চিকিৎসা সেৱা সন্থাৰ উদ্যোগত তথা সন্থাৰ কামৰূপ জিলা শাখাৰ সহযোগত মঙলবাৰে গুৱাহাটীৰ চেনীকুঠীস্থিত ৰাজ্যিক চিকিৎসালয়ত 

'বিশ্ব জুনোছিছ দিৱস' পালন কৰা হয়। ক'ভিড বিধি পালন কৰি আয়োজন কৰা এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ অতিৰিক্ত সঞ্চালক ডাঃ দিলীপ ভূঞাই। আদৰণি ভাষণ দিয়ে সন্থাৰ সভাপতি ডাঃ দণ্ডেশ্বৰ ডেকাই। অনুষ্ঠানটো আঁতধৰে সন্থাৰ সম্পাদক ডাঃ ভুৱন চন্দ্ৰ শৰ্মাই। উল্লেখ্য, ১৮৮৫ চনৰ  ৬ জুলাইত লুই পেষ্টিউৰ নামৰ মহান বিজ্ঞানীজনে পোন প্ৰথম বাৰৰ বাবে জলাতংক ৰোগৰ প্ৰতিষেধক ছিটা উদ্ভাৱন কৰি এই ছিটা প্ৰদান কৰিছিল। তেতিয়াৰ

পৰা প্ৰতিবছৰে ৬ জুলাইত এই দিৱস পালন কৰা হয়। এই দিৱসৰ লগত সংগতি ৰাখি এই অনুষ্ঠানত কেইবাটাও পোহনীয়া কুকুৰক জলাতংক ৰোগৰ প্ৰতিষেধক ছিটা দিয়া হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here