হেল্ থচিটী হাস্পতাল কৰ্তৃপক্ষৰ উদ্যোগত সজাগতা মূলক কাৰ্যসূচী - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Tuesday, 6 July 2021

demo-image

হেল্ থচিটী হাস্পতাল কৰ্তৃপক্ষৰ উদ্যোগত সজাগতা মূলক কাৰ্যসূচী

Responsive Ads Here

 

IMG-20210706-WA0012


W7s News, ষ্টাফৰিপোৰ্টাৰ: সামাজিক দায়বদ্ধতা ৰূপায়ন কাৰ্যসূচীৰ অংশ হিচাপে মহানগৰীৰ  খানাপাৰাস্থ হেল্ থচিটী হাস্পতাল কৰ্তৃপক্ষই মগুৱাহাটী পৌৰ নিগমৰ বিষয়া-কৰ্মচাৰীৰ মাজত ডেৰ শতাধিক এন নাইণ্টি ফাইভ মাস্ক আৰু ছেনিটাইজাৰ মঙলবাৰে বিতৰণ কৰে। গুৱাহাটী পৌৰ নিগমৰ পাণ বজাৰস্থ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি হেলথ্‌ চিটী হাস্পতালৰ চিকিৎসা সেৱা সঞ্চালক ডাঃ অতনু বৰঠাকুৰে কয়  'গুৱাহাটীখনক পৰিষ্কাৰ- পৰিচ্ছন্ন কৰি ৰখাত অসামান্য অৱদান আগবঢ়োৱা ৯০০ পৌৰকৰ্মীকো পৰ্যায়ক্ৰমে বিনামূলীয়াকৈ মাস্ক আৰু ছেনিটাইজাৰ দিয়া হ'ব। তদুপৰি বিনামূলীয়াকৈ তেওঁলোকৰ প্ৰাথমিক স্বাস্থও পৰীক্ষা কৰা হ'ব। বিনামূলীয়া মাস্ক-ছেনিটাইজাৰ বিতৰণ অনুষ্ঠানত ভাগ লৈ গুৱাহাটী পৌৰ নিগমৰ  আয়ুক্ত দেৱাশীষ শৰ্মাই হেলথ্‌ চিটীৰ উদ্যোগক ভূয়সী প্ৰশংসা কৰে। অনুষ্ঠানত আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে গুৱাহাটী পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্তকেৰ লগতে কেইবাজনো শীৰ্ষ বিষয়া, হেলথ্‌ চিটীৰ অধীক্ষক ডাঃ হেমজিৎ তালুকদাৰ, ফেচিলিটী ডাইৰেক্টৰ পৰাগজ্যোতি দত্ত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *