গ্ৰীষ্মকালীন ক্ৰিয়া কলাপৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সম্পন্ন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

গ্ৰীষ্মকালীন ক্ৰিয়া কলাপৰ বৰ্ণাঢ্য কাৰ্য্যসূচীৰে সম্পন্ন

 


W7s News ষ্টাফৰিপোৰ্টাৰ : উত্তৰ কামৰূপৰ অগ্ৰণী শৈক্ষিক প্ৰতিষ্ঠান উত্তৰ গুৱাহাটী শংকৰদেৱ শিশু নিকেতন। ক'ভিড কালত ছাত্র-ছাত্ৰীৰ সৰ্বাংগীন বিকাশ সাধনৰ অৰ্থে শংকৰদেৱ শিশু নিকেতন, উত্তৰ গুৱাহাটীয়ে প্ৰতিটো শ্ৰেণীৰ এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে প্ৰশিক্ষণমূলক এটি সাপ্তাহিক ক্ৰিয়াকলাপৰ কাৰ্যসূচী হাতত লয়। সেই উদ্দেশ্য আগত ৰাখি নিকেতন পৰিচালনা সমিতিৰ সম্পাদক মুকুটেশ্বৰ গোস্বামী তথা প্ৰধানাচাৰ্য উৎপল তালুকদাৰৰ চেষ্টাত  ১২ জুলাই পৰা ১৮ জুলাই দেওবাৰলৈ আমন্ত্ৰিত বিশিষ্ট ব্যক্তিৰ দ্বাৰা ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন দিশত  প্ৰশিক্ষণ দিয়া হয়। ইয়াৰ ভিতৰত ৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সন্মান লাভ কৰিবলৈ সক্ষম হোৱা একেধাৰে কবি, সাহিত্যিক, অভিনেত্ৰী, শিক্ষয়িত্ৰী তথা সু-আবৃত্তিকাৰ জোনালী ডেকাৰ আবৃত্তিৰ বিষয়ে বিশেষ কিছু অৰ্হতা পূৰ্ণ ব্যাখ্যাৰে ছাত্র-ছাত্ৰীক জ্ঞান দিয়ে। ইয়াৰোপৰি  স্পকেন ইংলিছ বিষয়টোৰ ওপৰত নিকেতনৰেই পূৰ্ব আচাৰ্যা  দীপান্বিতা চৌধুৰীয়ে ইংৰাজী বিষয়টো আয়ত্ব কৰাৰ কেতবোৰ সহজ কৌশল আগবঢ়াই।  এই প্ৰশিক্ষণৰ অন্তত ১৮ জুলাইত আচাৰ্যা সুৰভী তামুলীৰ তত্বাৱধানত ছাত্ৰ-ছাত্ৰীৰ প্ৰশিক্ষণ কালচোৱাত বিকশিত দিশসমূহৰ নিদৰ্শনৰ বাবে আয়োজন কৰা মুকলি সভাত বিশেষ আকৰ্ষণৰ কেন্দ্ৰবিন্দু, অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ । জনপ্ৰিয় শিল্পী বৰপাত্ৰই ছাত্ৰ-ছাত্ৰী সকলক উদ্দেশ্যি তেওঁৰ ব্যক্তিগত জীৱনৰ কিছু উপকাৰমূলক কথা আৰু ছাত্র-ছাত্ৰীৰ জীৱনৰত প্ৰভাৱ পেলাব পৰা বহুতো মূল্যৱান কথাৰ জৰিয়তে সকলোৰে মন জয় কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁৰ জনপ্ৰিয় গীতসমূহেৰে অনুষ্ঠানটিৰ সৌষ্ঠৱ বঢ়াই।  শেষত কল্যাণ মন্ত্ৰৰে অনুষ্ঠান সম্পন্ন কৰা হয় ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here