জিলা উপায়ুক্ত সকলৰ সৈতে 'জলজীৱন মিছন' সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 July 2021

জিলা উপায়ুক্ত সকলৰ সৈতে 'জলজীৱন মিছন' সন্দৰ্ভত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ গুৰুত্বপূৰ্ণ ভিডিঅ' কনফাৰেন্স

 




W7s News, ষ্টাফৰিপোৰ্টাৰ: জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে মঙলবাৰে জনতা ভৱনৰ পৰা জিলা উপায়ুক্ত সকলৰ সৈতে ভিডিঅ' কনফাৰেন্সৰ যোগে জলজীৱন মিছনৰ সন্দৰ্ভত এক পৰ্যালোচনা সভাত অংশ লয় । মন্ত্ৰী দাসে জিলা সমূহত ৰূপায়ণ হৈ থকা জলজীৱন মিছনৰ কাম-কাজ পৰ্যালোচনা কৰি জিলা উপায়ুক্ত  সকলক নিজ নিজ জিলাত প্রতিদিনে কিমান সংখ্যক পানী যােগান আঁচনিৰ সংযােগ প্রদান কৰিছে তাৰ সঠিক তথ্য প্রদান কৰিবলৈ নির্দেশ দিয়ে । এই তথ্য সমূহৰ ওপৰত ভিত্তি কৰি সমগ্ৰ অসমত এদিনত মুঠ কিমান সংখ্যক বিশুদ্ধ খোৱাপানীৰ সংযােগ দিয়া হ'ল, তাক এতিয়াৰে পৰা নিৰীক্ষণ কৰা হ'ব বুলি তেওঁ কয় । তেওঁ লগতে কয়,   "জলজীৱন মিছন আঁচনি" হয়তাে এদিন সমাপ্ত হ'ব, কিন্তু ইয়াক আগ্রহ আৰু আন্তৰিকতাৰে লালিত-পালিত কৰি গ্ৰাম্য জনসাধাৰণ আৰু পঞ্চায়তৰ প্রতিনিধি সকলে পৰিচালনা কৰি থাকিব লাগিব। যিহেতু "জলজীৱন মিছন"কেৱল পানী যােগান আঁচনিয়েই নহয় এইয়া এক বিশুদ্ধ খােৱা পানী যােগান আঁচনি। জনসাধাৰণ আৰু পঞ্চায়ত প্রতিনিধি সকলৰ মাজত জল জীৱন মিছন সন্দৰ্ভত অধিক সজাগতাৰ সৃষ্টি কৰিবৰ বাবে জিলা উপায়ুক্ত সকলক মন্ত্ৰী গৰাকীয়ে  নির্দেশ দিয়ে । ইয়াৰ লগতে, জল জীৱন মিছনৰ অধীনৰ আঁচনিসমূহ  সফল ৰূপায়ণ কৰিবৰ বাবে বিভাগীয় বিষয়াসকলৰ লগত জিলাভিত্তিক ঠিকাদাৰসকলৰ এখনি সভা অনুষ্ঠিত কৰিবলৈ উপায়ুক্ত সকলক মন্ত্ৰী দাসে অনুৰোধ জনায় ।  এই ভিডিঅ কনফাৰেন্সত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অতিৰিক্ত মুখ্য সচিব এছ, আব্বাছী, আয়ুক্ত সচিব আকাশদ্বীপ, মুখ্য অভিযন্তা বিশ্বদ্বীপ দাসৰ লগতে প্ৰতিখন জিলাৰ উপায়ুক্ত, জনস্বাস্হ্য বিভাগৰ কাৰ্যবাহী অভিযন্তাসকল আৰু  বিটিআৰ, ডিমা হাচাও আৰু কাৰ্বি আংলঙৰ প্ৰধান সচিব আৰু সচিবসকলেও অংশ লয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here