পূৰবী বৰমুদৈ স্মাৰক বক্তৃতাৰ আয়োজন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 13 July 2021

পূৰবী বৰমুদৈ স্মাৰক বক্তৃতাৰ আয়োজন

 




W7s News, ষ্টাফৰিপোৰ্টাৰ: বিশিষ্ট সাহিত্যিক পূৰবী বৰমুদৈৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে  ১৫ জুলাইত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত কবিতা অধ্যয়ন গোটে পূৰবী বৰমুদৈ স্মাৰক প্ৰথমটো বক্তৃতাৰ আয়োজন কৰিছে। গুগল মীট মাধ্যমত বিয়লি ৪ বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া বক্তৃতানুষ্ঠানটি উদ্বোধন কৰিব অসমৰ প্ৰতিথযশা লেখক, বুদ্ধিজীৱী ড° নগেন শইকীয়াই। 'অসমীয়া সাহিত্যৰ প্ৰৱহমান ধাৰাত সংবাদপত্ৰ আৰু আলোচনীৰ ভূমিকা' বিষয়ত স্মাৰক বক্তৃতাটি প্ৰদান কৰিব ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ লেখক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীয়ে। অনুষ্ঠানটোত উপস্থিত থাকিব বিচৰাসকলক গুগল মীটৰ লিংক আগতীয়াকৈ সংগ্ৰহ কৰিবলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সঞ্চালক তথা কবিতা অধ্যয়ন গোটৰ যুটীয়া সম্পাদক ড° কল্যাণ ভূঞাই অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here