বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে ১৬ জুলাইত উপস্থাপন কৰা কৰ মুক্ত অন্তৱৰ্তীকালীন অসম বাজেট ২০২১-২২ক প্ৰশংসা ফাইনাৰৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

বিধানসভাত বিত্ত মন্ত্ৰী অজন্তা নেওগে ১৬ জুলাইত উপস্থাপন কৰা কৰ মুক্ত অন্তৱৰ্তীকালীন অসম বাজেট ২০২১-২২ক প্ৰশংসা ফাইনাৰৰ

 


W7s News, ষ্টাফৰিপৰ্টাৰ : এটকাও অতিৰিক্ত কৰ আৰোপ নকৰাকৈ ৰাজ্যৰ সকলো দিশ ১.০৭ লাখ কোটি টকাৰে সামৰি লোৱা বাজেটক আদৰণি জনাইছে ফাইনাৰে। ফাইনাৰৰ সভাপতি পবিত্ৰ বৰগোঁহাঞিয়ে কয়"- এই বাজেট জনসাধাৰণৰ পক্ষত আৰু অসমৰ জনসাধাৰণে সন্মুখীন হোৱা সাম্প্ৰতিক সমস্যাবোৰ উপস্থাপন হৈছে। আন্তঃগাঁথনি উন্নয়নৰ বাবে দীৰ্ঘম্যাদী উন্নয়নৰ কাৰ্যসূচীক অগ্ৰাধিকাৰ দিছে, যিসমূহ খণ্ডৰ বহনক্ষম বিকাশৰ উপায় দীঘলীয়া হ'ব, যেনে-সংযোগ, শিক্ষা, স্বাস্থ্য, শক্তি খণ্ডৰ সংস্কাৰ আদি। সঠিক মনোভাৱৰে যদি ভূমিস্তৰৰ কাৰ্যকৰীকৰণ হয় তেন্তে অৰ্থনীতিয়ে এক বিকাশ লাভ কৰিব।১লাখ প্ৰাৰ্থীক নিযুক্তি, বানমুক্ত অসম, চাহ বাগিচাৰ শ্ৰমিকৰ কল্যাণৰ পৰিকল্পনা অসম চৰকাৰে গ্ৰহণ কৰা কিছুমান প্ৰশংসনীয় পদক্ষেপ। মুখ্যমন্ত্ৰীৰ দৃষ্টিভংগী মহিলা সৱলীকৰণৰ 'স্বনিৰ্ভৰ নাৰী'ৰ ওপৰত প্ৰতিফলিত হয়, য'ত দক্ষতা শিপিনীসকলৰ বাবে প্ৰশিক্ষণ আৰু ঘৰুৱা উপাৰ্জনৰ সুবিধাৰ বাবে শিপিনীসকলৰ পৰা হস্ততাঁত সামগ্ৰী পোনপটীয়াকৈ আৰ্টফেড আৰু এজিএমচিয়ে সংগ্ৰহ কৰা।অসমৰ হস্ততাঁত খণ্ডৰ পৰা তৈয়াৰ কৰা স্কুল ইউনিফৰ্মত ১০০ শতাংশ কপাহৰ কাপোৰ বাধ্যতামূলক কৰা হৈছে, গ্ৰাম্য শিপিনীসকলৰ বাবে হস্ততাঁত খণ্ডত পোছাকৰ কাপোৰ যোগান ধৰাটো এক ডাঙৰ এক উৎসাহ ভৰা হ'ব। বাজেটে অসমৰ মীন পালন খণ্ডকলৈ ভাল পদক্ষেপ গ্ৰহণ কৰিছে, য'ত ১০,০০০জনৰ প্ৰতিখন গাঁৱত ১হেক্টৰ ভূমিত গ্ৰাম্য সমূহীয়া পুখুৰী (tanks) নিৰ্মাণ কৰা হ'ব, য'ত প্ৰতি বছৰে ৫০,০০০ মেট্ৰিক টন মাছৰ উৎপাদন হ'ব।ফাইনাৰে চৰকাৰৰ কৃষি আয়োগ গঠন কৰাৰ সিদ্ধান্তক আদৰণি জনাইছে। এই আয়োগে কৃষকসকলক লাভান্বিত কৰিব আৰু অসমক গাখীৰ, কণী আৰু গাহৰিৰ মাংস উৎপাদনত স্বনিৰ্ভৰশীল কৰি তুলাত সহায় কৰাৰ লগতে উদ্যোগশীলতা বৃদ্ধি কৰিব আৰু সম্পদ সৃষ্টি কৰিব। যদি এই বাজেটে বীজ সৃষ্টি আৰু পৰিচালনাৰ প্ৰয়োজনীয়তা সমাধান কৰিব পাৰে তেন্তে ষ্টাৰ্টআপ গঢ় লৈ উঠিব। 

ক'ভিডৰ দ্বাৰা প্ৰভাৱিত ক্ষুদ্ৰ ব্যৱসায়ী আৰু আৰ্টিচিয়ানসকলক প্ৰাথমিক সহায়ৰ বাবে ভাৰতৰ চৰকাৰৰ প্ৰধানমন্ত্ৰী স্বভনিধি (SVANidhi) আঁচনিৰ অধীনত ১০,০০০ টকাৰ এককালীন অনুদান লাভ কৰে। ১৫ বছৰৰ তলৰ অনাথ শিশুক প্ৰতি মাহে ৩৫০০ টকাৰ সাহায্য প্ৰদান সিদ্ধান্ত আদৰণীয়। যিয়ে জীয়াই থকাত সহায় কৰিব।সামগ্ৰিকভাৱে বাজেট হৈছে এক আদৰণীয় দস্তাবেজ আৰু আশা কৰা হৈছে অৰ্থনীতি পুনৰুজ্জীৱিত কৰিব আৰু নিযুক্তি সৃষ্টি কৰিব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here