ক'ভিড পৰিস্থিতিত আৰ্থিক অসুবিধাৰ সম্মুখীন লোকক খাদ্য সামগ্রী বিতৰণ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 31 July 2021

ক'ভিড পৰিস্থিতিত আৰ্থিক অসুবিধাৰ সম্মুখীন লোকক খাদ্য সামগ্রী বিতৰণ

 




W7s News ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ মহাদেৱ মন্দিৰ আৰু উলুবাৰী ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আৰু অক্ষয় পাত্র ফাউণ্ডেচনৰ সহযোগত শনিবাৰে মহাদেৱ মন্দিৰ(উলুবাৰী চাৰিআলি) প্ৰাংগনত ক'ভিড পৰিস্থিতিত আৰ্থিক অসুবিধাৰ সম্মুখীন হোৱা উলুবাৰীৰ ১০০ জন লোকক সহায়ৰ প্ৰয়াসেৰে খাদ্যৰ টোপোলা বিতৰণ কৰা হয়। পূৱ গুৱাহাটী সমষ্টিৰ মাননীয় বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যাই এই সাহাৰ্য বিতৰণ অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে। প্ৰতিটো খাদ্যৰ টোপোলাত  ৫ কিলো চাউল, ১ কিলো ডাইল, ১ কিলো মিঠা তেল, ১ কিলো চেনি, ৫০০ গ্ৰাম দালিয়া,১ কিলো বুট,  গা -ধোৱা চাবোন, বিভিন্ন মা মচলাৰ পেকেট আদি দিয়া হৈছে বুলি উলুবাৰী ৰঙালী বিহু সন্মিলন সাধাৰণ সম্পাদক অৰূপজ্যোতি চৌধুৰীয়ে জানিবলৈ দিয়ে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here