৩৩ খন সত্ৰ স্থাপনেৰে অভিলেখ সৃষ্টি কৰা আতা শিৰোমণি হৰেকৃষ্ণ মহন্তৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 19 July 2021

৩৩ খন সত্ৰ স্থাপনেৰে অভিলেখ সৃষ্টি কৰা আতা শিৰোমণি হৰেকৃষ্ণ মহন্তৰ মৃত্যু




W7s News, ষ্টাফৰিপোৰ্টাৰ : 

সত্ৰীয়া সংস্কৃতিৰ নিৰলস সাধক, গুৰুজনাৰ পিছত সমগ্ৰ জীৱন গুৰুজনাৰ আদৰ্শৰে সত্ৰীয়া সংস্কৃতিৰ বাবে সমৰ্পণ কৰা ঐহিত্যমণ্ডিত বৰঙাজুলি সত্ৰৰ আতা শিৰোমণি শ্ৰীহৰেকৃষ্ণ মহন্তৰ দেওবাৰে নিশা ৯৭ বছৰ বয়সত পৰিয়াল,আত্মীয়-স্বজন, ভকত-বৈষ্ণৱ, গুণমুগ্ধ আমাক সকলোকে শোকৰ সাগৰত পেলাই বৈকুণ্ঠ ধামলৈ গতি কৰে ৷ তেওঁৰযি দৰ্শন, সেই দৰ্শনৰ পৰা শিকিবলগীয়া আমাৰ বহুখিনি আছে। জীৱিত কালত তেওঁক যিসকলে লগ পাইছিল সেই সকলেহে এই কথা উপলব্ধি কৰিব পাৰে। ১৯৫২ চনত যেতিয়া এই সত্ৰ স্থাপনৰ অৰ্থে ওদালগুৰি জিলাৰ বৰঙাজুলিত কাম-কাজ কৰি থাকোঁতে গাত বহুতে মদ ঢালি দিছিল আৰু সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাক তেওঁ কৈছিল যে, "এই স্থানত সত্ৰীয়া সংস্কৃতিৰ কাম কৰিব নোৱাৰিম, গতিকে ইয়াৰ পৰা গুচি যাম।" কিন্তু সেই সময়ত বিষ্ণুপ্ৰসাদ ৰাভাই তেওঁক কৈছিল যে, "নহয়। আপুনি কিছু অতিশয্যা পালেও, সেইখিনি সহ্য কৰি হ'লেও আপুনি ইয়াত কাম কৰি যাওক।" তেনেকৈয়ে তেওঁ নিৰলসভাৱে কৰ্ম কৰি যোৱাৰ পিছত আজি সম্পূৰ্ণ অঞ্চলটোত কেৱল মাত্ৰ সত্ৰ স্থাপনেই নহয়, ওদালগুৰি জিলাৰ বৰঙাজুলিবাসী ৰাইজৰ সত্ৰীয়া পৰম্পৰাৰ যি বিশ্বাস সেয়া প্ৰসাৰ লাভ কৰাত সক্ষম হৈছে।  

গতিকে এই গৰাকী ব্যক্তিক শেষ শ্ৰদ্ধাঞ্জলি দিয়াৰ মানসেৰে আজি ঐতিহ্যমণ্ডিত সত্ৰখনিত উপস্থিত হওঁ ৷ অসংখ্য গুণমুগ্ধৰ উপস্থিতিত অশ্ৰুসিক্ত নয়নেৰে আতাৰ নশ্বৰ দেহক শেষ বিদায় জনাই তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ আতা য'তেই আছে কুশলে থকাৰ বাবে বহুজনে প্ৰাৰ্থনা জনায়।

বৰঙাজুলি সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ, শংকৰী কলা-কৃষ্টিৰ একান্ত সাধক হৰেকৃষ্ণ মহন্ত আতা বৈকুণ্ঠগামী হোৱাৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। আধ্যাত্মিক জীৱনপথত আতাই একশৰণ নামধৰ্মৰ প্ৰচাৰেৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমন্বয়ৰ ভাবধাৰা সুদৃঢ় কৰাৰ উপৰিও সমাজখনক শিক্ষাৰ পোহৰেৰে আলোকিত কৰিছিল। তেখেত আছিল এগৰাকী প্ৰকৃত সমাজ সংস্কাৰক।


প্ৰয়াত হৰেকৃষ্ণ মহন্ত আতাৰ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁৰ শিষ্য, গুণমুগ্ধ আৰু ভক্তবৃন্দলৈ মোৰ গভীৰ সমবেদনা যাচিলোঁ। অসমৰ সমাজ জীৱনত আতাৰ অভূতপূৰ্ব অৱদান প্ৰাতঃস্মৰণীয় হৈ থাকিব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰী

সৰ্বানন্দ সোণোৱাল।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।ওদালগুৰি জিলাৰ ঐতিহাসিক বৰঙ্গাজুলি সত্ৰৰ প্ৰতিষ্ঠাপক সত্ৰাধিকাৰ প্ৰভু শ্ৰীহৰেকৃষ্ণ মহন্ত আতা বৈকুণ্ঠ গামী হোৱাৰ খবৰটো পাই  আমি অতিকৈ মৰ্মাহত হৈছো।  তেখেতে জীৱন কালৰ সময়ছোৱাত সত্ৰীয়া সংস্কৃতিক ৰাইজৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেখেতৰ মহাপ্ৰয়ান অসমৰ জাতীয় সামাজিক, আধ্যাত্মিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনৰ বাবে অপুৰণীয় ক্ষতি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ভগবানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায় বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here