হায়াত হাস্পতালত চিকিৎসক দিৱস উদযাপন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 1 July 2021

হায়াত হাস্পতালত চিকিৎসক দিৱস উদযাপন

 


#doctor's day#hayat hospital#guwahati


W7s, News, ষ্টাফৰিপোৰ্টাৰ : চিকিৎসক সকলৰ ত্যাগ আৰু সেৱাৰ বাবেই সমাজখনৰ আন মানুহবোৰ সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকে। বৃহস্পতি বাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটীৰ হায়াত চুপাৰ স্পেচিয়েলিটি হাস্পতালত অনুষ্ঠিত অনুষ্ঠানত হাস্পতাল খনৰ চিকিৎসক সকলৰ মাজত চিকিৎসক দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানৰ শুভ আৰম্ভণি কৰে হাস্পতাল খনৰ চিকিৎসক অধীক্ষক ডাঃ নাসিমূৰ ৰিয়াজ আৰু মেডিকেল উপদেষ্টা ডাঃ ৰাজীৱ ভট্টাচাৰ্যই। অনুষ্ঠানত এই দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰাৰ পিছত সকলো চিকিৎসকক এখনি ফুলাম গামোচাৰে সম্মান প্ৰদৰ্শন কৰা হয়। উল্লেখ্য, এই অনুষ্ঠানত ৰেড এফ এম আৰু এইচ ডি এফ চি বেংকৰ কিছু কৰ্মচাৰী উপস্থিত হৈ হাস্পতাল খনৰ চিকিৎসকৰ সেৱাৰ বাবে বিশেষ ভাৱে সন্মান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here