W7s News, ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যৰ তিনিখন মহাবিদ্যালয় জগন্নাথ বৰুৱা মহাবিদ্যালয়, নৰ্থ লখিমপুৰ মহাবিদ্যালয় আৰু নগাঁও মহাবিদ্যালয়ক পূৰ্ণ স্বায়ত্বশাসন দিয়াৰ সিদ্ধান্ত ২৯ জুনত
লোৱা হৈছে তাৰ লগতে মহাবিদ্যালয় কেইখনৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী উঠাই দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ অসম ৰাজ্যিক কমিটিয়ে এই নিৰ্দেশৰ ফলত সৃষ্টি হ'বলগীয়া আসনৰ সংকটৰ প্ৰতি লক্ষ্য ৰাখি অতিশীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা ল'বলৈ দাবী জনাইছে। এই সম্পৰ্কে
ভাৰতৰ ছাত্ৰ ফেডাৰেছন
অসম ৰাজ্যিক কমিটিৰ সভাপতি কাশ্যপ চৌধুৰী আৰু সম্পাদক নিৰংকুশ নাথে কয় 'এই তিনিখন মহাবিদ্যালয়ত বৰ্তমান উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান আৰু বাণিজ্য শাখাৰ মুঠ ৭৯০খন আসন আছে। এই ৭৯০খন আসনৰ বিলুপ্তিৰ লগে লগে ছাত্ৰ-ছাত্ৰীৰ মাজত আসনৰ এক সংকটে দেখা দিব। তেনেস্থলত বৰ্তমান অৱস্থাত ব্যক্তিগত শিক্ষানুষ্ঠানলৈ যোৱাৰ বাদে ছাত্ৰ-ছাত্ৰীসকলৰ হাতত কোনো পথ নাথাকিব। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ অতি শীঘ্ৰেই চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আসন বৃদ্ধি আৰু পৰ্যাপ্ত আন্তঃগাঁথনি উন্নীতকৰণৰ পদক্ষেপ ল'বলৈ আমি দাবী জনাইছো।
দুৰ্ভাগ্যজনক ভাবে বৰ্তমান এই তিনিখন মহাবিদ্যালয় থকা জিলাকেইখনত উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহত আসনৰ সংখ্যা তেনেই তাকৰ আৰু পৰ্যাপ্ত শিক্ষক, আন্তঃগাঁথনিৰ অভাৱে শৈক্ষিক মানদণ্ড নিচেই তললৈ নমাই আনিছে। এই পৰিস্থিতিত ৰাষ্ট্রীয় শিক্ষা নীতি-২০২০ ৰূপায়ণৰ নামত মহাবিদ্যালয় সমূহৰ পৰা উচ্চতৰ মাধ্যমিক শ্ৰেণী উঠাই দিয়াৰ সিদ্ধান্তই ব্যক্তিগত কনিষ্ঠ মহাবিদ্যালয়কহে লাভান্বিত কৰিব। এছ এফ আইৰ সূচিন্তিত মত এয়ে যে চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়সমূহৰ আন্ত:গাথঁনিৰ আমূল সংস্কাৰৰ অবিহনে এই সিদ্ধান্ত ছাত্ৰ-ছাত্ৰীৰ স্বাৰ্থৰ পৰিপন্থীহে হ'ব। সেয়েহে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পৰৱৰ্তী নামভৰ্তিৰ পূৰ্বেই এই বিষয়টো গুৰুত্বসহকাৰে লৈ ক্ষিপ্ৰতাৰে প্ৰয়োজনীয় পদক্ষেপ লবলৈ আমি দাবী জনাইছো। অন্যথা এই সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীক ব্যক্তিগত শিক্ষানুষ্ঠানত পঢ়িবলৈ বাধ্য কৰোৱা হ'ব।'
No comments:
Post a Comment