এমাহত ১২৪ টা বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলোৱা হৈছে-শক্তিমন্ত্ৰী বিমল বৰাৰ সংবাদ মেল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 28 June 2021

এমাহত ১২৪ টা বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলোৱা হৈছে-শক্তিমন্ত্ৰী বিমল বৰাৰ সংবাদ মেল

 








W7s, News ষ্টাফৰিপোৰ্টাৰ : ' বিদ্যুৎ চুৰি কাৰ্যৰ  সৈতে জড়িত আছে কেইবাটাও অভিজাত কোম্পানী। জয়ছোৱাল এলয় প্ৰাইভেট লিমিটেড, শিৱ এলয় প্ৰাইভেট লিমিটেড, ৰাজলক্ষ্মী এগ্ৰ, মেচাৰ্ছ ব্ৰহ্মপুত্ৰ পেঁপাৰ, উত্তৰ লখিমপুৰৰ মেচাৰ্ছ

উড ক্ৰাফ্ ট আদি অভিজাত কোম্পানী বিদ্যুৎ চুৰিৰ সৈতে জড়িত হৈ আছে-এইদৰে কয় শক্তি মন্ত্ৰী বিমল বৰাই। সোমবাৰে গুৱাহাটীৰ বিজুলী ভৱনত অনুষ্ঠিত এখন সংবাদমেলযোগে মন্ত্ৰী বৰাই লগতে কয় ' বহু অভিজাত উদ্যোগপতি বিদ্যুৎ চুৰিৰ সৈতে জড়িত থকাৰ বাবে আমি হেৰুৱাইও বুজন পৰিমাণৰ ৰাজহ। বিগত

এমাহত ১২৪ টা বিদ্যুৎ চুৰি কাৰ্য ধৰা পেলোৱা হৈছে। এই চুৰি কাৰ্যৰ এছেছমেণ্ট বিলৰ পৰিমাণ ১১.৬৫ কৌটি টকা।

বিদ্যুৎ বিভাগৰ ০.১ শতাংশ বিষয়া কৰ্মচাৰী বিদ্যুৎ চুৰিৰ ঘটনাত জড়িত আছে। বিদ্যুৎ চুৰিৰ সৈতে জড়িত বিদ্যুৎ বিভাগৰ ০.১ শতাংশ বিষয়া কৰ্মচাৰী সাৱধান হওঁক। তেওঁলোক তেনে কাৰ্যৰ পৰা আঁতৰি আহি বিভাগটোক মৰম কৰক। বিভাগটোৰ বিষয়া কৰ্মচাৰীৰ সহযোগত আমি আমাৰ লক্ষ্যত উপনীত হ'ব পাৰিম।

 বিদ্যুৎ চুৰিৰ বাবে আমাৰ বহু কোটি টকাৰ ৰাজহ লোকচান হৈছে। বিদ্যুৎ চুৰিৰ ঘটনা ধৰা পেলাবলৈ  আমি উন্নত প্ৰযুক্তি  ব্যৱহাৰ কৰিম। 

বিদ্যুৎ চুৰিৰ ঘটনাকৈ আমি অধিক কঠোৰ হ'ম তথা এই বিষয়ত আইনো সংশোধন কৰা হ'ব।

 আগন্তক দিনত আমি এই সন্দৰ্ভত বিহীত ব্যবস্থা গ্ৰহণ কৰিম। শক্তি বিভাগৰ ৯৯.৯৯ শতাংশ বিভাগৰ হৈ দিনে ৰাতিয়ে কষ্ট কৰে।আমাৰ 

ট'ল ফ্ৰী নম্বৰ ১৯১২ অথবা ৭৫৭৫৯৯৯৬৬৬ ৰ জৰিয়তে সদাশয় ব্যক্তিয়ে জনাব পাৰিব বিদ্যুৎ চুৰিৰ ঘটনাৰ সবিশেষ জনাব পাৰিব। তেওঁলোকৰ নাম,ঠিকনা গোপনে ৰখা হ'ব। আমি চলিত মাহৰ ২৭ জুনলৈ ৪১৬.৬৬ কৌটি টকা ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ।

 সেইদৰে চলিত বছৰৰ ফেব্ৰুৱাৰী মাহত ৩৩৯ কোটি, মাৰ্চ মাহত ২৮৬ কৌটি, এপ্ৰিল মাহত ২৭৪ কৌটি ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছোঁ।  গতিকে আমাৰ ৰাজহ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি হৈছে।  


চৰকাৰী বিভাগ বিশেষকৈ জনস্বাস্হ্য আৰু কাৰিকৰী বিভাগৰ পৰা ১০৬ কৌটি টকা বিদ্যুৎৰ বিল অনাদায় হৈ আছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত আগন্তক দিনত ২৪×৭ গুণগত বিজুলী আৰু সহজলভ্য বিজুলী আমাৰ লক্ষ্য। মিটাৰিং, বিলিং আৰু কালেকচন এই তিনিটা বিষয় এশ শতাংশ কৰাৰ আমাৰ লক্ষ্য।' 

শক্তি বিভাগত সংস্কাৰৰ প্ৰয়োজন আছে। ৰাইজৰ সহযোগত শক্তিখণ্ডক লাভজনক আৰু ২৪×৭ সেৱাৰ মাধ্যমেৰে বিজুলী যোগানত আমি দায়বদ্ধৰে কাম কৰিম। এইক্ষেত্ৰত আমাৰ কিছু প্রত্যহ্বানো আছে। তদুপৰি প্ৰত্যেক মাহৰ ১০ তাৰিখৰ ভিতৰত গ্ৰাহকে যাতে বিদ্যুৎৰ বিলখন পাব পাৰে তাৰ বাবে বিশেষ ব্যৱস্থা কৰা হ'ব। তদুপৰি কিছু কিছু গ্ৰাহকে অত্যাধিক মূল্যৰ বিদ্যুৎৰ বিল পোৱাৰ কথাটো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ দৃষ্টি গোচৰ হৈছে। তেনে বিল লাভ কৰা তথা ৫০ হাজাৰ টকালৈ বিল লাভ কৰা গ্ৰাহকে ১৫ টা কিস্তিত আৰু ৩০ হাজাৰ টকালৈ বিল লাভ কৰা গ্ৰাহকে ১০ টা কিস্তিত বিল পৰিশোধ কৰিব পাৰিব। এই বিল গ্ৰাহক সকলে অনলাইন যোগেও পৰিশোধ কৰিব পাৰিব। এই বিষয়ে বিভাগৰ সহকাৰী মহাপ্ৰবন্ধক অথবা মাণ্ডলিক উপ-মহাপ্ৰবন্ধকৰ সৈতে যোগাযোগ কৰিব পাৰিব।' সংবাদমেলত বিভাগৰ অন্যান্য শীর্ষ বিষয়া উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here