সংস্কৃত স্নাতকৰ নতুন পাঠ্যক্ৰম সন্দৰ্ভত অনলাইন কৰ্মশালা - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Monday, 28 June 2021

demo-image

সংস্কৃত স্নাতকৰ নতুন পাঠ্যক্ৰম সন্দৰ্ভত অনলাইন কৰ্মশালা

Responsive Ads Here

 


W7s, News ষ্টাফৰিপোৰ্টাৰ:   মহাবিদ্যালয়ৰ সংস্কৃত শিক্ষকসকলৰ বাবে ৩০ জুনৰ পৰা ১১জুলাইলৈকে

সংস্কৃত ভাৰতী, উত্তৰ পূৰ্বাঞ্চল, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগ, নলবাৰী মহাবিদ্যালয়ৰ সংস্কৃত বিভাগৰ সংযুক্ত তত্বাৱধানত চি বি চি এছ সংস্কৃত স্নাতক পৰ্যায়ৰ এখন অনলাইন কৰ্মশালা আয়োজন কৰা হৈছে। গুগল মীটযোগে অনুষ্ঠিত হ'বলগীয়া কৰ্মশালাখন দুটা পৰ্যায়ত অনুষ্ঠিত হ'ব । ৩০ জুনৰ পৰা ৭ জুলাইলৈ দেশৰ বিভিন্ন প্ৰান্তৰ সংস্কৃতজ্ঞ পণ্ডিতে ইউ জি চি বি চি এছ   পাঠ্যক্ৰমৰ অন্তৰ্গত নিৰ্দিষ্ট বিষয় সন্দৰ্ভত বক্তৃতা আগবঢ়াব। আনহাতে ৮,৯ আৰু ১০ জুলাইত  গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ইউ জি চি বি চি এছ  সংস্কৃত পাঠ্যক্ৰমৰ  বিষয়খিনিৰ আলোচনা কৰা হ'ব। নতুন পাঠ্যক্ৰম সম্পৰ্কে শিক্ষক সকলক এটা বিস্তৃত ধাৰণা দিয়াৰ লক্ষ্যৰে এই কৰ্মশালা আয়োজন কৰা হৈছে।   কৰ্মশালাত  সকলো মহাবিদ্যালয়ৰ সংস্কৃত শিক্ষক সকলৰ উপস্থিতি উদ্যোক্তাই কামনা কৰিছে । ১১ জুলাইত কৰ্মশালাখনৰ সামৰণি পৰিব।   উদ্যোক্তা সকলে এই বিষয়ে সবিশেষ জানিবলৈ sbmgu2010@gmail.com মেইল কৰিবলৈ অনুৰোধ জনাইছে।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *