W7s News, ষ্টাফৰিপোৰ্টাৰ : আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজীবে এক প্ৰেছ বিবৃত্তি যোগে
হোজাই জিলাৰ উদালিৰ কোভিড চিকিৎসালয়ৰ চিকিৎসক আক্ৰমণৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে । গোটেই বিশ্বক জোকাৰি যোৱা কোৰোনাৰ ভয়াবহতাৰ সময়ত নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি চিকিৎসক সকলে ৰোগীক চিকিৎসা প্ৰদান কৰি আহিছে, সেই ভয়াবহতাৰ সময়ত চিকিৎসক সকলে আগবঢ়োৱা চৰম প্ৰত্যাহ্বানপুৰ্ণ সেৱাৰ কাৰণে আমি সদায় তেওঁলোকক কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে তেনে সময়ত আমি চিকিৎসক সকলৰ ওপৰত হোৱা আক্ৰমণ কেতিয়াও মানি লব নোৱাৰি । এই ভয়ংকৰ সময়ত আমি চিকিৎসক সকলক সাহস আৰু প্ৰেৰণা যোগোৱাৰ সময় । তেওঁলোকে নিজৰ পৰিয়ালৰ কথা পাহৰি ৰাইজৰ কাৰণে সেৱা আগবঢ়ায় আছে তেনে সময়ত তেওঁলোকৰ লগত ভাল ব্যৱহাৰ কৰা দৰকাৰ । কিন্তু দুৰ্ভাগ্যজনক ভাবে আজি হোজাই জিলাত কোভিদ কেয়াৰ হাস্পতালত কৰ্মৰত চিকিৎসক সেউজ কুমাৰ সেনাপতিক এদল উদণ্ড লোকে শাৰীৰিক ভাবে প্ৰহাৰ কৰা কাৰ্যক আমি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ অসম বৰ্ডৰ পৰা তীব্র গৰিহণা দিছোঁ। ঘটনাৰ নিৰপেক্ষ তদন্ত কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰৰ প্ৰতি দাবী জনাইছোঁ। উক্ত ঘটনাই সম্পূৰ্ণ মানৱ অধিকাৰ উলংগন কৰিছে । আমি মানৱ অধিকাৰ কৰ্মী হিচাপে মানুহৰ অধিকাৰ ৰক্ষা কৰাটো আমাৰ ধৰ্ম । লগতে চৰকাৰলৈ আমাৰ আহ্বান সকলো স্বাস্থ্য কৰ্মী আৰু চিকিৎসক সকলক নিৰাপত্তা প্ৰদান কৰাৰ লগতে তেখেত সকলৰ মানৱ অধিকাৰ ৰক্ষা কৰিবলৈ বিহীত ব্যৱস্থা কৰিব লাগে ।
No comments:
Post a Comment