কোনো চিকিৎসকৰ গাৰ নোম এডালো যদি চোৱে, তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব-স্বাস্থ্য মন্ত্ৰী - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 1 June 2021

কোনো চিকিৎসকৰ গাৰ নোম এডালো যদি চোৱে, তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব-স্বাস্থ্য মন্ত্ৰী

 






W7s News  নিউজ ডেস্ক : কোনো চিকিৎসকৰ গাৰ নোম এডালো যদি চোৱে, তাৰ উচিত প্ৰত্যুত্তৰ দিয়া হ'ব।

 ডাঃ সেউজ কুমাৰ সেনাপতিৰ সকলো আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰা হ'ব

বুলি মন্তব্য কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।                                                                                              হোজাইৰ ওদালি আদৰ্শ চিকিৎসালয়ত মঙ্গলবাৰে এগৰাকী চিকিৎসকক আক্ৰমণৰ ঘটনাত জৰিত আটাইকেইজন অপৰাধীকে নিশাৰ ভিতৰতে গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক জৰুৰী নিৰ্দেশ দিছে ৰাজ্য চৰকাৰে। নগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন আক্ৰমণৰ বলি ডাঃ সেউজ সেনাপতিক দেখা কৰাৰ পাছতে স্বাস্থ্যমন্ত্ৰীৰ এই ঘোষণা কৰে। দুদিনীয়া কাৰ্যসূচীৰে উজনি আৰু উত্তৰ অসমত ক'ভিড পৰিস্থিতি বুজ লোৱাৰ মাজতে বিশ্বনাথৰ পৰা আজি সন্ধিয়া ততাতৈয়াকৈ নগাঁও অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ আহত চিকিৎসকগৰাকীক নিজে সাক্ষাৎ কৰি ঘটনাৰ সবিশেষ বুজ লয় স্বাস্থ্যমন্ত্ৰীয়ে। ইয়াৰ পাছতে নিশা নগাঁও অসামৰিক চিকিৎসালয়ত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী মহন্তই কয়, 'এয়া অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা, আমি মৰ্মাহত হৈছো। এই ঘটনাক ৰাজ্য চৰকাৰৰ ফালৰ পৰা গৰিহণা দি এটা কথা স্পষ্ট  কৰি দিব বিচাৰিছো যে এই ধৰণৰ ঘটনাক আমি কোনো কাৰণতে সহ্য নকৰো। ঘটনাত জৰিত কাকো ৰেহাই দিয়া নহ'ব। ক'ভিডৰ এই জটিল সময়ছোৱাত নিজৰ জীৱনকো তুচ্ছ কৰি দিনে নিশাই চিকিৎসা সেৱা আগবঢ়াই থকা আমাৰ প্ৰতিগৰাকী চিকিৎসক, স্বাস্থ্যকৰ্মীসকলৰ গাত হাত দিয়া কাৰ্যৰ বিৰুদ্ধে কঠোৰতম ব্যৱস্থা লোৱা হ'ব। আজি নিশাৰ ভিতৰতে আক্ৰমণকাৰী আটাইকেইজনকে গ্ৰেপ্তাৰৰ বাবে আৰক্ষীক নিৰ্দেশ দিয়া হৈছে।' ৰাজ্যৰ প্ৰতিগৰাকী চিকিৎসক আৰু স্বাস্থ্যকৰ্মীক চৰকাৰে সম্পূৰ্ণ নিৰাপত্তা প্ৰদান কৰিব বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা ৰাজ্যৰ কোনো চিকিৎসক-চিকিৎসাকৰ্মীৰ গাত হাত দি কোনোৱেই সাৰি যাব নোৱাৰিব। 

ক'ভিড পৰিস্থিতিৰ এই জটিল সময়ৰ মাজতে চিকিৎসকৰ ওপৰত সংঘটিত এই আক্ৰমণক ৰাজ্য চৰকাৰে অত্যন্ত গুৰুত্ব সহকাৰে গ্ৰহণ কৰা বুলি ঘোষণা কৰি স্বাস্থ্যমন্ত্ৰী মহন্তই কয়, 'হোজাইৰ ওদালিত সংঘটিত এই ঘটনাৰ ক্ষেত্ৰত চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ প্ৰত্যোত্তৰ দিব লাগে, সেই প্ৰত্যোত্তৰ আজি নিশাৰ ভিতৰতে দিয়া হ'ব। কোনেও ৰেহাই নাপাব।' আক্ৰমণত গুৰুতৰ ভাৱে আহত চিকিৎসকগৰাকীক উন্নত চিকিৎসাৰ বাবে নিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হস্পিতাললৈ স্থানান্তৰ কৰিবলৈ সিদ্ধান্ত লোৱা বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here