পূব-গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যালয়ত ক'ভিড টিকাকৰণ শিবিৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 23 June 2021

পূব-গুৱাহাটী বিহু সন্মিলনৰ কাৰ্যালয়ত ক'ভিড টিকাকৰণ শিবিৰ

 






W7s News, ষ্টাফৰিপোৰ্টাৰ : গুৱাহাটীৰ চানমাৰিৰ

পূব-গুৱাহাটী বিহু সন্মিলনৰ স্থায়ী কাৰ্যালয়ত বুধবাৰে পুৱা ১০ বজাৰ পৰা ২ বজালৈ ১৮ বছৰৰ ঊৰ্ধৰ সকলো লোকৰ বাবে  এদিনীয়া বিনামূলীয়া ক'ভিডৰ টিকাকৰণ শিবিৰৰ আয়োজন কৰা হয়। যিসকল লোকে ইতিমধ্যে প্ৰথম পালি ভেকচিন লৈছে আৰু দ্বিতীয় পালিৰ লোৱাৰ সময় হৈছে (৮৪ দিন অতিক্ৰম কৰিছে) তেওঁলোককো ক'ভিড টিকাকৰণৰ সুবিধা দিয়া হয়। পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ সহযোগত  এই শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত পূব গুৱাহাটী ৰাজ্যিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ পৰাশী চৌধুৰী, স্বাস্থ্যকর্মী সঞ্জীৱ দত্তই বিশেষ সহযোগিতা আগবঢ়ায়। এই কাৰ্যসূচীত মহানগৰীৰ বিভিন্ন ঠাইৰ দুই শতাধিক লোকক ক'ভিডৰ প্রতিষেধক দিয়া হয়। পূব গুৱাহাটী বিহু সন্মিলনৰ সভাপতি বসন্ত দাস আৰু কাৰ্যকৰী সভাপতি বিপুল তালুকদাৰৰ উপস্থিতিত আৰম্ভ কৰা এই শিবিৰত পূব- গুৱাহাটী বিহু সন্মিলনৰ সাংস্কৃতিক সম্পাদক নেচাৰুদ্দিন আহমেদ, চন্দন গোস্বামী, প্ৰচাৰ সম্পাদক অভিজিৎ বৰুৱা আদি উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here