মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত বাওঁপন্থীৰ প্ৰতিবাদ - W7S News

Breaking News

demo-image

Home Top Ad

Responsive Ads Here

Post Top Ad

Wednesday, 23 June 2021

demo-image

মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত বাওঁপন্থীৰ প্ৰতিবাদ

Responsive Ads Here

 

FB_IMG_1624438840603





W7s, News ষ্টাফৰিপোৰ্টাৰ : নিত্যপ্ৰয়োজনীয় সামগ্ৰীসমূহৰ অভাৱনীয় মূল্যবৃদ্ধিৰ প্ৰতিবাদত বাওঁ দলসমূহৰ ৰাষ্ট্ৰজোৰা আন্দোলনৰ অংশ হিচাপে বুধবাৰে গুৱাহাটী (ম) চি পি আই(এম), চি পি আই, চি পি আই (এম এল) আৰু আৰ চি পি আই দলৰ যৌথ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। উল্লেখ্য,  বৰ্তমানৰ ক'ভিড পৰিস্থিতিত  গুৰুতৰ স্বাস্থ্য সংকটৰ সন্মুখীন হোৱাৰ উপৰি দেশৰ জনসাধাৰণৰ  জীৱন-জীৱিকাও ভয়াৱহ সমস্যাৰ গৰাহত পৰিছে। অত্যাৱশ্যকীয় সামগ্ৰীসমূহৰ অবিৰত মূল্যবৃদ্ধিয়ে জনসাধাৰণক কোঙা কৰি পেলাইছে।  সেয়ে বয়-বস্তুৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত দেশৰ বাওঁদলসমূহে যৌথভাৱে চলিত ১৬ জুনৰ পৰা ৩০ জুনৰ পষেকটোত সমগ্র দেশতে  ৰাষ্ট্ৰজোৰা আন্দোলন গঢ়ি তোলাৰ সিদ্ধান্ত গ্রহণ কৰে। বাওঁ দলসমূহৰ ৰাষ্ট্ৰীয় আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসমতো মূল্যবৃদ্ধিৰ প্ৰতিবাদত  ক'ভিড প্ৰট'কল তথা স্বাস্থ্যবিধিসমূহ পালন কৰিয়েই ৰাজ্যজুৰি বিভিন্ন ঠাইত যৌথ আন্দোলন গঢ়ি তোলা হৈছে। বুধবাৰে বাওঁ দলকেইটাই  মহানগৰৰ গুৱাহাটী ক্লাবৰ কাষৰ টি চি ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখৰ ৰাজপথ আৰু বশিষ্ঠ চাৰিআলিত স্বাস্থ্যবিধি সমূহ অনুসৰণ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। গুৱাহাটী ক্লাবত অনুষ্ঠিত আন্দোলনটোত ৰাজ্যৰ চাৰিওটা বাওঁ দলৰ সভ্য-সমৰ্থকৰ লগতে চি পি আই (এম)ৰ ৰাজ্যিক সম্পাদক দেবেন ভট্টাচাৰ্য, বিধায়ক মনোৰঞ্জন তালুকদাৰ, প্ৰাক্তন সাংসদ তথা বিধায়ক উদ্ধৱ বৰ্মন, চি পি আইৰ ৰাজ্যিক সম্পাদক মুনিন মহন্ত আৰু চক্ৰেশ্বৰ কলিতা, চি পি আই (এম-এল)ৰ ৰাজ্যিক নেতা পংকজ দাস আৰু নৰেন বৰা, আৰ চি পি আই দলৰ নেতা ফুলেশ্বৰ বসুমতাৰীয়ে অংশগ্ৰহণ কৰে। অন্যান্য সকলৰ ভিতৰত আছিল চি পি আই(এম)ৰ কেন্দ্ৰীয় কমিটিৰ সদস্য সুপ্ৰকাশ তালুকদাৰ, পাৰ্টিৰ ৰাজ্যিক নেতা ক্ৰমে ইচফাকুৰ ৰহমান, অজিত দাস আৰু শতঞ্জীৱ দাস , ৰাজ্যিক কৃষক সভাৰ সম্পাদক টিকেন দাস, চি আই টি ইউৰ ৰাজ্যিক সম্পাদক তপন শৰ্মা প্ৰমুখ্যে নেতৃবৃন্দ। বশিষ্ঠ চাৰিআলিত সংগঠিত আন্দোলনৰ নেতৃত্ব দিয়ে চি পি আই(এম) ৰাজ্যিক কমিটিৰ সদস্য তথা শ্ৰমিক নেতা বীৰেন শৰ্মা আৰু পাৰ্টিৰ আঞ্চলিক সম্পাদক শচীন শৰ্মাৰ লগতে বাওঁ দলকেইটাৰ ভালেসংখ্যক স্থানীয় কৰ্মকৰ্তাই। বাওঁ দলসমূহে উত্থাপন কৰা দাবীসমূহ হ'ল ক্ৰমে পেট্ৰলজাত সামগ্ৰীৰ বৰ্ধিত মূল্য প্ৰত্যাহাৰ আৰু ঔষধকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ,

চাউল-দাইল-মিঠাতেল-চেনি-চাহপাত আদিৰ খাদ্যৰ টোপোলা সহ প্ৰতিটো পৰিয়ালৰ প্রতিজন ব্যক্তিৰ বাবে বিনামূলীয়াকৈ মাহে ১০ কেজিকৈ খাদ্যশস্যৰ যোগান আৰু আয়কৰ দিব নলগীয়া প্ৰতিটো পৰিয়ালক চৰকাৰে মাহিলী ৭,৫০০- টকাকৈ নগদ ধন অহা ছয় মাহলৈ প্ৰদান কৰা আদি। মূল্যবৃদ্ধিৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলন তীব্ৰতৰ কৰাৰ বাবেও দলকেইটাই ৰাজ্যখনৰ সৰ্বস্তৰৰ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়।

No comments:

Post a Comment

Post Bottom Ad

Contact Form

Name

Email *

Message *