অসমত এপাৰ্ট'ৰ উদ্যোগত দুগ্ধ মূল্য শৃংখলৰ জৰিয়তে কৃত্ৰিম গো- প্ৰজনন আৰু বজাৰ সংযোগীকৰণ ব্যৱস্থাৰে আনুষ্ঠানিক দুগ্ধ ক্ষেত্ৰৰ সফলতা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 23 June 2021

অসমত এপাৰ্ট'ৰ উদ্যোগত দুগ্ধ মূল্য শৃংখলৰ জৰিয়তে কৃত্ৰিম গো- প্ৰজনন আৰু বজাৰ সংযোগীকৰণ ব্যৱস্থাৰে আনুষ্ঠানিক দুগ্ধ ক্ষেত্ৰৰ সফলতা

 




W7s News, ষ্টাফৰিপোৰ্টাৰ :

বিশ্ববেংকৰ দ্বাৰা ৰূপায়িত হোৱা অসম চৰকাৰৰ "অসম কৃষি বাণিজ্য আৰু গ্ৰাম্য ৰূপান্তকৰণ প্ৰকল্প" চমুকৈ এপাৰ্ট' ৰাজ্যৰ দুগ্ধ উৎপাদনৰ মূল্য শৃংখলৰ উন্নয়ন কৰাটো এটা গুৰুত্বপূৰ্ণ মাপকাঠি হিচাপে পৰিগণিত। এপাৰ্ট'ৰ অধীনত 'পশ্চিম অসম দুগ্ধ সমবায় সংঘ লিমিটেড' চমুকৈ ৱামূল হৈছে আনুষ্ঠানিক দুগ্ধ ক্ষেত্ৰ খনত শেহতীয়াভাৱে গঠন হোৱা এটা কাৰ্য্যকৰী সংস্থা । এই এপাৰ্ট প্ৰকল্পই মূল্য শৃংখলক আৱৰি লৈ পশুধনৰ উৎপাদন বৃদ্ধিৰ পৰা আৰম্ভ কৰি অতি জটিল পৰিস্থিতিতো '২৪×৭' আৰু বছৰটোৰ ৩৬৫ দিনেই গো-পালক সকলক বজাৰ সংযোগীকৰণ ব্যৱস্থাপনা ৰূপায়িত কৰিছে । 

অসমত পশুধনৰ দ্বাৰা উৎপাদন কম হোৱাটো দুগ্ধ উৎপাদনত এটা জটিল বাধা স্বৰূপে চিহ্নিত হৈছে । সেয়েহে এই প্ৰকল্পই ইয়াক গুৰুত্বসহকাৰে উপস্থাপন কৰিব বিচাৰিছে । পশুধনৰ উৎপাদন বৃদ্ধিৰ বাবে কৃত্ৰিম গো-প্ৰজনন সেৱা গো-পালক সকলৰ পদূলিমুখত আগবঢ়োৱা হৈছে । বৰ্তমান এই সেৱা অসমৰ ১৩ খন দুগ্ধ ক্ষেত্ৰৰ সম্ভৱাপূৰ্ণ জিলাত কাৰ্য্যকৰি কৰা হৈছে । এই প্ৰকল্পই প্ৰায় ৫ লাখ কৃত্ৰিম প্ৰজননৰ দ্বাৰা ৮৫ হাজাৰ উন্নত মানৰ মাইকী গৰু পোৱালি জন্ম দিয়া হৈছে,  আৰু অসমত মুঠ দুগ্ধ উৎপাদনও প্ৰচুৰ পৰিমাণে বৃদ্ধি পাইছে  লগতে পশুধন খাদ্যৰ উদ্দেশ্যৱলী আৰু প্ৰদৰ্শনী সেৱাও আগবঢ়াইছে ।  বিজ্ঞানসন্মতভাৱে পশুক খাদ্য খুৱালে উৎপাদন বৃদ্ধিৰ লগতে উন্নত মানৰ দুগ্ধ উৎপাদন কৰিব পৰা যায় তাক তথ্যভিত্তিক ভাৱে উপস্থাপন কৰা হৈছে ।  ফলত গো-পালকৰ বাবে দুগ্ধ উৎপাদনত হোৱা খৰছৰ পৰিমাণ হ্ৰাস পোৱাটো নিশ্চিত কৰিছে । যিহেতু গাখীৰ মূল্য ইয়াৰ উৎকৃষ্টতাৰ ওপৰত নিৰ্ভৰশীল গতিকে অধিক মূল্য দুগ্ধ পালকে পাব । বৰ্তমান নলবাৰী আৰু মৰিগাঁও জিলাত পাইলত ভিত্তিক চাইলেজ বনোৱা আৰু খোৱাটো নতুনকৈ  আৰম্ভ কৰা হৈছে । যিটোৱে পশু খাদ্যৰ নাটনিৰ সময়ত বিশেষকৈ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত যথেষ্ট সহায়কাৰী হিচাপে প্ৰযোজ্য হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিছে ।

এপাৰ্ট'ৰ অধীনত ৱামূলে পিছপৰা সম্ভৱনাপূৰ্ণ অঞ্চলসমূহত বি এম চি কেন্দ্ৰ স্থাপন কৰিছে। শেহতীয়াকৈ তিনিখন নতুন ঠাইত ৩ টাকৈ বি এম চি কেন্দ্ৰই  ধিং, কলিয়াবৰ আৰু গোৱালপাৰা জিলাত স্থাপন কৰি সফল ভাৱে দুগ্ধ উৎপাদকৰ পৰা গাখীৰ ক্ৰয় কৰাৰ যাবতীয় ব্যৱস্থা সম্পাদন কৰিছে । এই তিনিটা বি এম চি ৰ অধীনত ৫৩ টা নতুন  দুগ্ধ সমবায় সমিতি গঠন কৰি প্ৰাথমিক অৱস্থাত ৬৫০ ত কৈও অধিক গো-পালকক অন্তৰ্ভুক্ত কৰিছে । এতিয়ালৈকে সৰ্বমুঠ ৱামূল'ৰ অধীনত ৪৩২ টা জিলা দুগ্ধ সমবায় সমিতি গঠন কৰি ১৪ হাজাৰতকৈও অধিক গো-পালকে তেওঁলোকৰ সমবায়ৰ জৰিয়তে ৱামূল'ৰ লগত সংযোজিত হৈছে । ইয়াৰ জৰিয়তে ৱামূল'ৰো দুগ্ধ শিতলীকৰণ ক্ষমতা হৈছে ৪৬ হাজাৰ লিটাৰলৈ বৃদ্ধি হৈছে । 

তাৎপৰ্যপূৰ্ণভাৱে ক'ভিদ মহামাৰীৰ বাধাৰ মাজতো ৱামূল'ৰ লগত জড়িত থকা গো-পালক সকলে গাখীৰ বিক্ৰী কৰাৰ ক্ষেত্ৰত কোনো অসুবিধা সন্মুখীন হ'ব লগা হোৱা নাই । গোৱালপাৰা জিলাত ৱামূল'ৰ সম্প্ৰসাৰণ কাৰ্য্যসূচীৰ কাম কাজ আৰম্ভ কৰা হৈছে ২২ জুন ২০২১ বৰ্ষৰ পৰা । এপাৰ্ট'ৰ এই পদক্ষেপৰ জৰিয়তে গো-পালক সকলে দুগ্ধ উৎপাদন বৃদ্ধি আৰু এটা বহণশীল উপাৰ্জন কৰিবলৈ সক্ষম হোৱাটো এটা নিশ্চত পদক্ষেপ হিচাপে পৰিগণিত হৈছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here