_কোভিড পৰিস্থিতিত নিবনুৱা হ'ল ৮ হাজাৰ খিলঞ্জীয়া ডেকা_ *কেব চালকৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 June 2021

_কোভিড পৰিস্থিতিত নিবনুৱা হ'ল ৮ হাজাৰ খিলঞ্জীয়া ডেকা_ *কেব চালকৰ

 


ঋণৰ কিস্তি ৰেহাই দিয়াৰ দাবী জাতীয় পৰিষদৰ*



W7s News, ষ্টাফৰিপোৰ্টাৰ :  গুৱাহাটী মহানগৰীৰ কেবচালকসকলে উত্থাপন কৰা দাবীৰ প্ৰতি পূৰ্ণ সমৰ্থন আগবঢ়াইছে অসম জাতীয় পৰিষদ দলে৷ বুধবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়  'মহানগৰীত কেব চালক হিচাপে কাম কৰি জীৱন নিৰ্বাহ কৰা যুৱকসকল মূলতঃ ৰাজ্যৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সন্তান৷ নিজকে খিলঞ্জীয়াৰ চৰকাৰ বুলি দাবী কৰা বিজেপি নেতৃত্বাধীন চৰকাৰে উক্ত খিলঞ্জীয়া কেব চালকসকলৰ সমস্যাসমূহ সমাধান কৰি জাতিৰ প্ৰতি থকা দায়বদ্ধতা প্ৰমাণ কৰা উচিত৷ ক'ভিড অতিমাৰীয়ে সৃষ্টি কৰা পৰিস্থিতিৰ ফলত ৰাজ্যৰ যিকেইটা খণ্ডৰ লোক সৰ্বাধিক পৰিমাণে আৰ্থিক প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তাৰ ভিতৰত গুৱাহাটী মহানগৰীৰ কেব চালকসকল অন্যতম৷ বেংকৰ পৰা লোৱা ঋণেৰে গাড়ী কিনি অ'লা, উবেৰ, ৰেপিড' আদি টেক্সি কোম্পানীৰ অধীনত ভাৰা মাৰি পৰিয়াল চলাই থকা এই কেব চালকসকলৰ সংখ্যা ৮ হাজাৰতকৈ অধিক৷ কোভিড অতিমাৰীৰ বাবে চৰকাৰে আৰোপ কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত এই কেব চালকসকল নিবনুৱা হৈ পৰিছে৷ কিন্তু যিহেতু তেওঁলোকে গাড়ীসমূহ বেংক বা বেচৰকাৰী বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণ লৈ ক্ৰয় কৰিছিল, সেয়ে বৰ্তমানে ভাৰা মাৰিব নোৱাৰাৰ ফলত উক্ত ঋণৰ মাহিলী কিস্তি দিয়াটো তেওঁলোকৰ বাবে অসম্ভৱ হৈ পৰিছে৷ অথচ ঋণদাতা প্ৰতিষ্ঠানে কেবচালকসকলক মাহিলী কিস্তি আদায় দিবলৈ হেঁচা প্ৰয়োগ কৰি আহিছে৷ যোৱা বছৰৰ ক'ভিড অতিমাৰীৰ প্ৰথমটো লহৰৰ সময়ত নিবনুৱা হৈ পৰা কেব চালকসকলৰ ৬-৭ মাহলৈকে মাহিলী কিস্তি অনাদায় হৈ আছিল যিটোৰ বোজা তেওঁলোকে আজিলৈকে মূৰৰ ওপৰৰ পৰা আঁতৰাব পৰা নাই৷ তাৰ পিছত এইবাৰ কৰোণা অতিমাৰীৰ দ্বিতীয় লহৰে সৃষ্টি কৰা পৰিস্থিতিয়ে তেওঁলোকৰ ওপৰত আন এটা অসহনীয় বোজা জাপি দিলে৷


"কেব চালকসলৰ সংগঠন সদৌ অসম কেব মজদুৰ সংস্থাই বুধবাৰে কামৰূূপ (মহানগৰ) জিলাৰ উপায়ুক্তক সাক্ষাৎ কৰি তেওঁলোকে সন্মুখীন হৈ অহা সমস্যাসমূহৰ বিষয়ে অৱগত কৰি কিছুমান দাবী উত্থাপন কৰে৷ তাৰ ভিতৰত কেব চালকসকলক আৰ্থিক সাহায্য প্ৰদান কৰা, তেওঁলোকক কোভিড ভেকচিন প্ৰদান কৰা, তেওঁলোকৰ বেংকৰ কিস্তিৰ ক্ষেত্ৰত শিথিলতা প্ৰদান কৰা, ঋণৰ অতিৰিক্ত সুত ৰেহাই দিয়া আৰু মিটাৰ টেক্সি ব্যৱস্থা প্ৰৱৰ্তন কৰা অন্যতম৷ এই দাবীসমূহ চৰকাৰে তৎকালে পূৰণ কৰা উচিত৷"- ভূঞাই কয়৷

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here