লংকাৰ উদালিত চিকিৎসক কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 June 2021

লংকাৰ উদালিত চিকিৎসক কৰা আক্ৰমণৰ ঘটনাক লৈ ৰাজ্যজুৰি বিভিন্ন দল সংগঠনৰ প্ৰতিক্ৰিয়া

 



দোষীক কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ দাবী



W7s news ষ্টাফৰিপোৰ্টাৰ : ৰাজ্যত ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত জৰুৰীকালীন সেৱাত নিয়োজিত চিকিৎসা কৰ্মীক মঙলবাৰে নৃশংসভাবে প্ৰহাৰ কৰা ঘুটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ বিভিন্ন দল সংগঠনে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে। এক বিবৃতিযোগে ৰাষ্ট্ৰবাদী কংগ্ৰেছ দল, অসম ৰাজ্যিক সমিতিৰ সভাপতি ধীৰেন্দ্ৰ দেৱ অধিকাৰীয়ে কয় ' লংকাৰ উদালীত কৰ্মৰত চিকিৎসক ডাঃ সেউজ সেনাপতিক  নৃশংসভাবে প্ৰহাৰ কৰা ঘটনাক আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। ক'ভিড মহামৰীৰ সময়ত প্ৰথম শাৰীৰ যোদ্ধা হিচাপে চিকিৎসকসকলে দিনে নিশাই যিদৰে কষ্ট কৰি স্বীকাৰ কৰি আছে এয়া অতুলনীয়। কিন্তু চিকিৎসক এনেদৰে আক্ৰমণ কৰা ঘটনা কোনোপধ্যে সহ্য কৰা নহ'ব। এই ঘটনাত জড়িত সকলক কঠোৰ পৰা কঠোৰতম শাস্তি দিয়াৰ বাবে আমি দাবী জনালোঁ। আনহাতে ৰাষ্ট্ৰবাদী যুৱ কংগ্ৰেছ, ৰাষ্ট্ৰবাদী যুৱতী কংগ্ৰেছ আৰু ৰাষ্ট্ৰীবাদী মহিলা কংগ্ৰেছ কমিটিয়ে এই ঘটনাৰ তীব্ৰ গৰিহণা দিছে।এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলে। লগতে চিনাক্ত কৰা দোষী সকলক দৃষ্টান্তমূলক শান্তি দিবলৈ দাবী জনাইছে। এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে সদৌ অসম আইন ছাত্ৰ সন্থাৰ উপসভাপতি দেৱশিস মেধি আৰু সাংগঠনিক সম্পাদক আব্দুল হুদাই। লগতে এই ঘটনাত জড়িত থকা সকলক দৃষ্টান্তমূলক শান্তি দিবলৈ দাবী জনায়। ইফালে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ সভাপতি ডাঃ মলয় কুমাৰ দাস, সাধাৰণ সম্পাদক ৰাজীৱ শইকীয়া, মেডিকেল ছাৰ্ভিছ চেণ্টাৰৰ অসম ইউনিটৰ আহ্বায়ক ডাঃ চিত্ৰলেখা দাসে এই ঘটনাৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে। আনহাতে গুৱাহাটীৰ হেলথ চিটি হাস্পতালৰ অধীক্ষক ডাঃ হেমজিত তালুকদাৰে হোজাইৰ চিকিৎসক নিগ্ৰহৰ ঘটনাক গৰিহণা দিয়ে। তেওঁ কয় ' হেল্ থ চিটি হাস্পতালে বুধবাৰে আই এম এৰ সিদ্ধান্তৰ লগত সংগতি ৰাখি বহি:বিভাগীয় চিকিৎসা সেৱা বন্ধ ৰখা হৈছে। তদুপৰি হাস্পতালখনৰ চিকিৎসকসকলে ক'লা বেজ পৰিধান কৰি এই ঘটনাৰ প্ৰতিবাদ সাব্যস্ত কৰে। বুধবাৰে ৰাজ্যৰ বিভিন্ন দল সংগঠনৰ লগতে সামাজিক মাধ্যমতো বিভিন্নজনে এই ঘটনাৰ তীব্ৰ ভাষাৰে সমালোচনা কৰাৰ লগতে দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায় আৰু এনে  ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰবাবে চৰকাৰ তথা প্ৰশাসনক কঠোৰ হ'বলৈ দাবী জনায়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here