এইচডিএফচি বেংকে ভাৰতৰ ৫০খন চহৰত মোবাইল এটিএম স্থাপন কৰিছে - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 June 2021

এইচডিএফচি বেংকে ভাৰতৰ ৫০খন চহৰত মোবাইল এটিএম স্থাপন কৰিছে

 



গ্ৰাহকে এটা মোবাইল এটিএমত ১৫ টাতকৈ অধিক লেনদেন কৰিব পাৰে



W7s News, ষ্টাফৰিপোৰ্টাৰ :  দেশৰ বিভিন্ন প্ৰান্তত আৰোপ কৰা প্ৰতিবন্ধকতাৰ প্ৰতি লক্ষ্য ৰাখি আৰু লকডাউনৰ সময়ত গ্ৰাহকসকলক সহায় কৰিবলৈ এইচডিএফচি বেংকে আজি সমগ্ৰ ভাৰতৰ ৫০ খন চহৰত মোবাইল অটোমেটেড টেলাৰ মেচিন (এটিএম) উপলব্ধ হোৱাৰ কথা ঘোষণা কৰে। প্ৰতিবন্ধকতা এলেকাত সাধাৰণ ৰাইজৰ নগদ ধন উলিওৱাৰ প্ৰয়োজনীয়তা নাইকিয়া কৰিব মোবাইল এটিএমবোৰে।


এই ভ্ৰাম্যমাণ বা মোবাইল এটিএমবোৰ বৰ্তমান চেন্নাই, মুম্বাই, দিল্লী/গুৰগাওঁ, বিজয়ৱাড়া, ডেৰাডুন, কটক, লুধিয়ানা, লক্ষ্ণৌ, ভুৱনেশ্বৰ, চণ্ডিগড়, তিৰুৱন্তপুৰম, এলাহাবাদ, পুনে, হায়দৰাবাদ, আহমেদাবাদ, ত্ৰিচি, চালেম, কইম্বাটুৰ, হোচুৰ, নয়ডা, জেইপুৰ (কোৰাপুট), বেংগালুৰু, মহীশূৰ, জয়পুৰ, পানীপত, আম্বালা, জম্মু, নাছিক, ৰেৱাৰী, পাটনা চহৰত সক্ৰিয় হৈ আছে।


জুনৰ প্ৰথম সপ্তাহৰ পৰা পুডুচেৰী, বৈশাখ (Vizag),ৰাজমুন্দ্ৰী, মাদুৰাই, তিৰুনেলভেলি, হায়দৰাবাদ, কোচিন, থানে, দিল্লী, ঝাজ্জৰ, কানপুৰ, আগ্ৰা, বাৰাণসী, গোৰখপুৰ, নাগপুৰ, আলিগড়, কালিকোট আৰু কলকাতা দৰে চহৰত ভ্ৰাম্যমাণ এটিএম উপলব্ধ কৰা হ'ব।


ইয়াত গ্ৰাহকে ১৫ প্ৰকাৰৰো অধিক লেনদেনৰ সুবিধা লাভ কৰিব। সেই সমূহৰ ভিতৰত আছে, নগদ ধন উলিওৱা, বেলেন্স অনুসন্ধান, ৰিকোৱেষ্ট ফৰ মিনি ষ্টেটমেণ্ট, এটিএম পিন সলনি কৰা, এটিএমপিন প্ৰৱৰ্তন কৰা, ক্ৰেডিট কাৰ্ড পৰিশোধ কৰা, মোবাইল এটিএমৰে প্ৰিপেইড মোবাইল ৰিচার্জ, গ্ৰাহকসকলক তাৎক্ষণিক ঋণ, চেক বহী / একাউণ্ট ষ্টেটমেণ্ট, একেটা এটিএম / ডেবিট কাৰ্ডৰ সৈতে সংযোজিত একাউণ্টৰ মাজত পুঁজি স্থানান্তৰ কৰা, উটিলিটি (Utility) বিল পৰিশোধ কৰা, চেকৰ স্থিতিৰ বিষয়ে অনুসন্ধান কৰা, আইপিআইএন (নেটবেংকিং পিন)ৰ বাবে অনুৰোধ কৰা, মোবাইলবেংকিংৰ বাবে পঞ্জীয়ন কৰা,মোবাইল নম্বৰ আপডেট কৰা আৰু মোবাইল এটিএমৰ জৰিয়তে কাৰ্ড-বিহীন নগদ ধন উলিওৱা। মোবাইল এটিএমে এদিনত ৩-৪টা ষ্টপ(stops) সামৰিব।


এটিএমৰ বাবে শাৰী পাতি থাকোঁতে সামাজিক দূৰত্ব বজাই ৰখাৰ ক্ষেত্ৰত সকলো প্ৰয়োজনীয় সাৱধানতা, কৰ্মচাৰী আৰু গ্ৰাহকৰ সুৰক্ষা নিশ্চিত কৰিবলৈ চেনিটাইজেচনৰ পদক্ষেপ লৈছে বেংকে।


এই সম্পৰ্কে এইচডিএফচি বেংকৰ দায়বদ্ধতা সামগ্ৰী, তৃতীয় পক্ষৰ সামগ্ৰী আৰু অনাবাসী ব্যৱসায়ৰ গ্রুপ হেড এছ সম্পতকুমাৰে (S Sampathkumar) কয়- "আমি আশা কৰোঁ যে আমাৰ মোবাইল এটিএমে মৌলিক বিত্তীয় সুবিধা ল'ব বিচৰা লোকসকলৰ বাবে এক বৃহৎ সমৰ্থন প্ৰদান কৰিব।গ্ৰাহকসকলে তেওঁলোকৰ চুবুৰীৰ পৰা দূৰলৈ নোযোৱাকৈয়ে বেংক সেৱাসমূহ লাভ কৰিব পাৰিব। এই সময় কঠিন সময়, আমি সকলো একেলগে থিয় হ'ব লাগিব।সকলোকে সহায় কৰাটো আমাৰ কৰ্মৰ এক অংশ। ক'ভিড-১৯ সংক্ৰমণ ৰোধ কৰিবলৈ #ঘৰতে থকা আৰু # সুৰক্ষিত থকা।"

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here