মেক্সিক'লৈ আমন্ত্ৰণ জনালে অৰণ্যমানৱ যাদৱ পায়েঙক - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 8 June 2021

মেক্সিক'লৈ আমন্ত্ৰণ জনালে অৰণ্যমানৱ যাদৱ পায়েঙক

 

#forestman#jadab payeng#maxcico


o



W7s News,ষ্টাফৰিপোৰ্টাৰ :মেক্সিকোত অৰণ্য গঢ়িবলৈ যাব পৰিবেশকর্মী পদ্মশ্ৰী যাদৱ পায়েং।মেক্সিকো চৰকাৰে অসমৰ যাদৱ পায়েঙক প্ৰতি বছৰে তিনি মাহ থকাকৈ দহ বছৰলৈ মেক্সিকোলৈ আমন্ত্ৰণ জনাইছে।যাদৱ পায়েঙক দক্ষিণ আমেৰিকাৰ মেক্সিকো চৰকাৰে সন্মান জনাই প্ৰদান কৰিছে ১০ বছৰৰ ভিছা।

মেক্সিকোত গছপুলি ৰোপণ কৰিবলৈ চৰকাৰে আঠ লাখ হেক্টৰ মাটি লৈছে।এই বৃহৎ প্ৰকল্প ৰূপায়ণৰ বাবে অসমৰ অৰণ্যমানৱ যাদৱ পায়েঙৰ সৈতে মেক্সিকোৰ চৰকাৰে কৰিছে এক বিশেষ চুক্তি।উল্লেখ্য,বৰ্ষাকাল আৰম্ভ হোৱাৰ লগে লগে মেক্সিকোলৈ গৈ উক্ত বৃহৎ পৰিসৰৰ মাটিত গছপুলি ৰোপণৰ তদাৰক কৰিব লাগিব যাদৱ পায়েঙে।

দৈনিক এক লাখ ছাত্ৰ-ছাত্ৰী তথা যুৱক-যুৱতীয়ে যাদৱ পায়েঙৰ সৈতে গছপুলি ৰোপণৰ কামত অংশ গ্ৰহণ কৰিব। ছেপ্টেম্বৰৰ পৰা নৱেম্বৰলৈকে মেক্সিকোত থাকি প্ৰতি বছৰে এই আঠ লাখ হেক্টৰৰ বৃহৎ এলেকাৰ মাটিত গছপুলি ৰোপণ কৰিব যাদৱ পায়েঙে। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ এখন দেশত প্ৰকৃতিৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে উৎফুল্লিত কৰি তুলিছে যাদৱ পায়েঙক। বিদেশত গছপুলি ৰোপণৰ এই বৃহৎ প্ৰকল্পৰ তদাৰক কৰিবলৈ যাওঁতে মেক্সিকোত ৰুবলৈ  অসমৰ পৰা এটা তামোল পুলি আৰু এটা নাৰিকলৰ পুলি লৈ যাব যাদৱ পায়েঙে। উল্লেখ্য, পৰিবেশকর্মী যাদৱ পায়েঙৰ এই সাফল্যই ৰাজ্যবাসীক গৌৰৱাম্বিত কৰি তুলিছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here