হোজাই জিলাৰ কাকীত অমানৱীয় উচ্ছেদ কাণ্ডই মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰাজিবৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Monday 7 June 2021

হোজাই জিলাৰ কাকীত অমানৱীয় উচ্ছেদ কাণ্ডই মানৱ অধিকাৰ খৰ্ব কৰাৰ অভিযোগ মানৱ অধিকাৰ কৰ্মী আব্দুৰ ৰাজিবৰ

 



W7s, News, ষ্টাফৰিপোৰ্টাৰ :  আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ নাগৰিক ন্যায় বিভাগৰ ৰাজ্যিক সভাপতি আব্দুৰ ৰাজিব আৰু হোজাই জিলাৰ সভাপতি আফজালুৰ ৰহমান বৰভূঞাই এক বিবৃতিযোগে কয় ' সমগ্ৰ বিশ্বৰ লগতে অসমতো ক'ৰনা মহামাৰীয়ে তীব্ৰ ৰূপ ধাৰণ কৰাৰ সময়ত এমুঠি অন্নৰ কাৰণে হাহাকাৰ কৰি থকাৰ সময়তে এক অমানৱীয় বাবে হোজাই জিলাৰ কাকীত ৭৮ ঘৰ মানুহক এদিন আগত জাননী দি উচ্ছেদ কৰা কাৰ্য্য অসংবিধানীক আৰু অমানৱীয় কাৰ্য্যক তীব্ৰ গৰিহণা দিছে । এনে অমানৱীয় কাৰ্যই সম্পূৰ্ণৰূপে মানৱ অধিকাৰ খৰ্ব কৰিছে । মাননীয় উচ্চতম ন্যায়ালয়ে এই ক'ৰনা মহামাৰীৰ সময়ত কোনোধৰণৰ উচ্ছেদ  কৰিব নোৱাৰিব বুলি নিৰ্দেশনা দিয়াৰ পিছতো কিয় আদালতৰ নিৰ্দেশক অৱমাননা কৰি এই উচ্ছেদ কাৰ্য্য চলোৱা হল ইয়াৰ স্পষ্ট উত্তৰ দিবলৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক দাবী উত্থাপন কৰিছোঁ । কাকীত উক্ত পৰিয়াল সমূহ প্ৰায় ৪০ ৰ পৰা ৪৫ বছৰ ধৰি বসবাস কৰি আছে তেওঁলোকক ভাৰত চৰকাৰৰ অৱসৰপ্ৰাপ্ত সৈনিক হিচাপে ধান সূত্ৰে এই ৩০০০ হাজাৰ বিঘা মাটি দিয়া হৈছিল । লগতে প্ৰশাসনক দাবী জনাওঁ কাকীত বসবাস কৰা ব্যক্তি সকলৰ সকলো নথি পত্ৰ নিৰীক্ষণ কৰি যদি তেওঁলোক প্ৰকৃততে ভাৰতীয় হয় তেতিয়া হলে তেওঁলোকক উপযুক্ত ক্ষতিপূৰণ দি পুনৰ সংস্থাপন কৰিবলৈ অসম চৰকাৰক দাবী জনাইছোঁ । চক্ৰ বিষয়াৰ জাননীত উল্লেখ আছে তিনিমাহৰ ভিতৰত খালি কৰিব লাগিব বেদখল কৰা ভূমি কিন্তু কিয় জাননী দিয়াৰ এদিন পিছতে উচ্ছেদ কৰা হল তাৰ এক উচিত তদন্ত কৰিবলৈ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক আমি আন্তৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদ পৰা দাবী জনাইছো । যদি চৰকাৰ প্ৰশাসনে ইয়াৰ উচিত তদন্ত কৰি ক্ষতিপূৰণ নিদিয়ে আমি ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগত মানৱ অধিকাৰ ভংগৰ বাবে গোচৰ ৰুজু কৰিবলৈ বাধ্য হম ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here