ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত অবৈধ বিদেশী নাগৰিকৰ নাম সন্নিবিষ্ট কৰাৰ তদন্ত বিচাৰি নতুন চৰকাৰৰ হস্তক্ষেপ আৰু তদন্ত বিচাৰি প্রতীক হাজেলাৰ বিৰূদ্ধে অপৰাধ অনুসন্ধান শাখাত গোচৰ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 22 June 2021

ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নীতকৰণ প্রক্রিয়াত অবৈধ বিদেশী নাগৰিকৰ নাম সন্নিবিষ্ট কৰাৰ তদন্ত বিচাৰি নতুন চৰকাৰৰ হস্তক্ষেপ আৰু তদন্ত বিচাৰি প্রতীক হাজেলাৰ বিৰূদ্ধে অপৰাধ অনুসন্ধান শাখাত গোচৰ এ পি ডব্লিউৰ সভাপতি আভিজিৎ শর্মাৰ

 

W7s, News, ষ্টাফৰিপোৰ্টাৰ : ৰাষ্ট্রীয় নাগৰিপঞ্জী উন্নীতকৰণ প্রক্রিয়াত একাংশ দেশদ্রোহী অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালালৰ হৈ কাম কৰিছিল এন আৰ চিৰ প্রাক্তন মুখ্য সমণ্বয়ক প্রতীক হাজেলাই। এক বিবৃতিযোগে এইদৰে কয় এ পি ডব্লিউৰ সভাপতি


আভিজিৎ শর্মা আৰু সাধাৰণ সম্পাদক ধ্রুৱজ্যোতি তালুকদাৰে । তেওঁলোকে লগতে কয় ' এই প্ৰক্ৰিয়াটোত অসমত অবৈধ ভাবে প্রবেশ কৰি  এক বিশেষ ৰাজনৈতিক গোষ্ঠীৰ ভোটবেংক হিচাপে ব্যৱহৃত থকা অবৈধ বিদেশী নাগৰিকক চিৰদিনলৈ এই ৰাজ্যৰ স্থায়ী নাগৰিকৰ মৰ্যদা দি এন আৰ চিৰ যোগেদি ভাৰতীয়কৰণৰ এক ষড়যন্ত্ৰত লিপ্ত হৈছিল প্রতীক হাজেলা।  তেওঁ এই প্রক্রিয়াত পর্যায়ক্রমে উক্ত অবৈধ বিদেশীৰ ৰক্ষক ৰূপী পুঁজিপতি দালাল চক্রৰ হাতোৰাত আবদ্ধ হৈ পৰিছিল যত তেওঁ মনে বিচৰা সকলো বৈভৱ আদায় কৰিব পাৰিছিল আৰু বিনিময়ত এনে এক পানী নসৰকা প্রক্রিয়া আৰু ব্যৱস্হাপনা তৈয়াৰ কৰি লৈছিল যত এজনো অবৈধ বিদেশীৰ নাম যাতে বাদ পৰি নাযায় তাৰ বাবে তেওঁ সৰ্বোচ্চ পন্থা হাতত লৈছিল আৰু সমগ্ৰ এই পদ্ধতিটোত ন্যস্ত স্বাৰ্থ সিদ্ধিৰ বাবে বৌদ্ধিক সামাজিক ন্যায়িক যি ব্যৱস্হাই প্রয়োজন নহওক কিয় অতি দক্ষতাৰে সেই ব্যৱস্হাপনা তৈয়াৰ কৰি লৈছিল।  নিসন্দেহে এই প্রক্রিয়াত ব্যৱস্হাপনাৰ বাবে যিমান ধনৰ প্রয়োজন সিমান ধন তেওঁ বিভিন্ন চক্রান্তৰে ব্যয় কৰিছিল।  ধনৰ অপব্যয়ৰ ব্যাখ্যা বিচাৰিলে এবাৰ এন আৰ চিৰ অডিট ৰিপর্টটোত চকু ফুৰালেই সকলো কথা জলজল পটপট হৈ জিলিকি উঠে।  এতিয়া সমস্যাটো আছিল কার্যব্যৱস্হা।  আমি চিঞৰি আছো,  প্ৰমাণ দিছো,  এজাহাৰ দাখিল কৰিছো।  চৰকাৰক প্রতীক হাজেলাৰ বিৰূদ্ধে আইনী ব্যৱস্হা লব পৰা সকলো পথ মুকলি কৰি দিয়াৰ পাচতো,  আনহে নালাগে আমাৰ বিভিন্ন এজাহাৰৰ ওপৰত তদন্তকাৰী বিষয়াই যথেষ্ট পৰিমাণে তথ্য প্রমাণ সাজু কৰাৰ পাছতো আগৰ চৰকাৰৰ গৃহ বিভাগৰ প্রতীক হাজেলাৰ ওপৰত হাত দিবলৈ কলিজা নহ'ল।  ইয়াৰ অন্যতম কাৰণ হল আমি দুবছৰ আগতেই কৈ থোৱা গৃহ বিভাগত এৰি যোৱা প্রতীক হাজেলাৰ শাখা প্রশাখাবোৰ। এই শাখা প্রশাখা বোৰে হাজেলাৰ বিৰূদ্ধে যোৱা প্রতিটো তদন্তৰ ফাইল দিশপুৰত গাপ দি ৰাখিছিল। 

এই বিভিন্ন দিশবোৰৰ ওপৰত লক্ষ ৰাখি আমি আজি এখন নতুন এজাহাৰ অসম আৰক্ষীৰ অপৰাধ অনুসণ্ধান শাখা  চমুকৈ চি আই ডিত দাখিল কৰিছো।  এই এজাহাৰত প্রতীক হাজেলাই কিদৰে বাংলাদেশী মুলৰ অবৈধ নাগৰিককেই ডাটা এণ্ট্রী অপাৰেটৰ হিচাপে নিযুক্তি দি,  ওপৰত কোনো বিষয়াই চালি চাব নোৱাৰা চফটৱেৰ তৈয়াৰ কৰি সমগ্ৰ বংশ বৃক্ষ পৰীক্ষণ প্রক্রিয়াটোকেই এখন নাটকত পৰিণত কৰি দেশ আৰু জাতিক চৰম প্রতাৰণা কৰি  আভুৱা ভৰা এখন এন আৰ চি প্রকাশ কৰিলে সেয়া দৃষ্টিগোচৰ কৰি এক তদন্ত বিচাৰি আকৌ এবাৰ ৰাজ্য চৰকাৰৰ কাষ চাপিছে।  বর্তমানৰ এন আৰ চি  ৰাজ্যিক সমণ্বয়কগৰাকীয়ে দাখিল কৰা  শপতনামাত স্পষ্টত উল্লেখ কৰা হৈছে যে এন আৰ  চিৰ বংশ বৃক্ষ পৰীক্ষণৰ নামত হোৱা  ফেমিলী ট্রি মেটচিংত চল্লিশ শতাংশ ভূল আছিল,  যি সাধাৰণ মানুহৰ ভুল (Human Error)  হ'ব নোৱাৰে। ই এক সু পৰিকল্পিত সু নিয়ন্ত্রিত ষড়যন্ত্ৰ।  প্রতীক হাজেলা ইয়াৰ নায়ক।  এয়া এক দেশদ্রোহী অপৰাধ।  এয়া অতি গুৰুত্বপূৰ্ণ কথা। আশা কৰিছো নতুন মূখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ত হস্তক্ষেপ কৰি প্ৰয়োজনত অভিজ্ঞ আৰক্ষী বিষয়াৰ এক বিশেষ তদন্তকাৰী  গোট তৈয়াৰ কৰি হলেও এক পুংখানুপুংখ তদন্তৰ জৰিয়তে প্ৰকৃত সত্য ৰাইজৰ পোহৰলৈ আনি দেশদ্রোহীতাৰ অপৰাধত অপৰাধীৰ ভূমিকা লোৱা প্রতীক হাজেলাক দোষী সাব্যস্ত হলে শাস্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনালো।  শেষত আকৌ এবাৰ উনুকিয়াই থলো যে সন্মানীয়  মূখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰীয়ে যাতে এতিয়াও অসমৰ গৃহ বিভাগৰ বিভিন্ন স্তৰত প্রতীক হাজেলাৰ দালাল হিচাপে কোন কোন বিষয়াই কাম কৰি আছে সেয়া যেন নজৰ দিয়ে, এইসকল সক্ষম হৈ থকালৈ শুদ্ধ এন আৰ চি প্ৰস্তুতকৰণৰ এক অলিক স্বপ্ন হৈ ৰব।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here