শ্ৰীশ্ৰীমা কামাখ্যা পাঁচালী" ৰ শ্ৰব্য-দৃশ্য সঁফুৰা উন্মোচন - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 22 June 2021

শ্ৰীশ্ৰীমা কামাখ্যা পাঁচালী" ৰ শ্ৰব্য-দৃশ্য সঁফুৰা উন্মোচন

 




W7s, News ষ্টাফৰিপোৰ্টাৰ : ক'ভিড মুক্ত বিশ্ব লোকৰ কল্যানৰ্থে সংগীতৰ মহাযজ্ঞৰে শক্তিপীঠ শ্ৰীশ্ৰীমা কামাখ্যাৰ সংগীতময়ী বন্দনা-অৰ্চনাৰে লুইত-জিষ্ট কমিউনিকেচনে অম্বুবাচী পৰ্বৰ উপলক্ষে  এটা শ্ৰব্য আৰু  দৃশ্য সঁফুৰা "শ্ৰীশ্ৰীমা কামাখ্যা পাঁচালী" ৰ প্রস্তুতিৰ আৱাহনী অনুষ্ঠান সোমবাৰে আয়োজন কৰে।  গুৱাহাটী লতাশিলস্হিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰীউগ্রতাৰা দেৱালয়ৰ চৌহদত অনুষ্ঠিত হ'বলগীয়া  প্রস্তুতিৰ আৱাহনী অনুষ্ঠানত মুখ্য উদ্বোধক ৰূপে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োৱে অংশগ্রহণ কৰে। অনুষ্ঠানত বিশিষ্ট ক্রীড়াবিদ কৈলাশ শৰ্মা, বিশিষ্ট ব্যৱসায়ী অজিত শৰ্মা বৰুৱা, সাংস্কৃতিক মহাসভা অসমৰ সভাপতি পৱিত্র কুমাৰ শৰ্মা, অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া হৰি শৰ্মা আৰু শ্ৰীশ্ৰীউগ্রতাৰা দেৱালয়ৰ দলৈ পৰমেশ্বৰ শৰ্মাই সন্মানীয় অতিথিৰ আসন গ্রহণ কৰে।| প্রস্তুতিৰত শ্ৰব্য-দৃশ্য সঁফুৰাৰ সামগ্রিক পৰিকল্পনাকাৰ  তথা তথ্যচিত্র পৰিচালক ৰাজীৱ হৰি কৌশিকে সংগীতৰ কামবোৰ যোৱা বছৰৰ লক্ ডাউনৰ মাজতে  আৰম্ভ কৰিছে বোকাখাতৰ উদীয়মান সংগীত পৰিচালক অনিমেষ বাত্স্যৰ সহযোগত  |  "শ্ৰীশ্ৰীমা কামাখ্যা পাঁচালী" শিৰোনামৰ শ্ৰব্য-দৃশ্য সঁফুৰাত অসমৰ লোক-সংগীতৰে শক্তি-সাহিত্যক জাগৃত কৰাৰ প্রয়াসৰে অসমৰ গোঁসানী নামৰ পৰা আৰম্ভ কৰি জনগোষ্ঠীয়-জনজাতীয়সকল সংগীত, বাদ্য আদি ব্যৱহাৰ  কৰি পাচালীৰ গীতবোৰ সজাই তুলিছে | অসমৰ  লোক-সংগীতৰে বিশ্ব লোকৰ মনত আকৰ্ষিত কৰা আৰু কামাখ্যা ধামক পৰ্যটন ক্ষেত্রত বিশেষ দৃষ্টিৰে আকৰ্ষিত কৰাৰ লক্ষ্য শ্ৰব্য-দৃশ্য সঁফুৰাৰ যোগেদি কৰিছে | উক্ত মা কামাখ্যাৰ পাঁচালী ৰচনা কৰিছিল  কামাখ্যা ধামৰ প্রয়াত কৃপানাথ ভট্টাচাৰ্য্য চণ্ডী পাঠক আৰু প্রয়াত ধৰণীকান্ত দেৱশৰ্মায়ে | শ্ৰব্য সঁফুৰাত কন্ঠদান কৰিবলৈ সন্মতি প্রদান কৰিছে - কল্পনা পাটোৱাৰী, ডাঃ ৰীতা শৰ্মা,ৰাণু দেৱী, শংখলীনা দেৱী, জয়ন্তী দেৱী, ছন্দশ্ৰী চক্রৱৰ্তী, গীতাঞ্জলি দাস, ইস্পিতা হাজৰিকা, ৰঞ্জিতা শৰ্মা, শেৱালি শৰ্মা, দিতি শৰ্মা, ভাস্বতী ভাৰ্গৱ, দিপ্তি শৰ্মা, অনিমেষ বাত্স্য, ৰঞ্জন বেজবৰুৱা, ৰাজীৱ হৰি কৌশিক, অদিতি বৰুৱা , নিজৰা দেৱীয়ে | শ্ৰীশ্ৰীমা কামাখ্যা পাঁচালীৰ দৃশ্গ্রহণৰ কাৰ্যসূচী কোভিড পৰিস্হিতি কিছু সাম কটাৰ লগে লগে আৰম্ভ কৰিব | সংগীত মহাযজ্ঞৰ সামগ্রিক প্রস্তুতিত ভক্ত প্রাণ ৰাইজে আৰ্থিক সহযোগিতা আগবঢ়াই বুলি  কাৰ্যবাহী প্রযোজক মৰমী দেৱীয়ে জানিব দিছে  |

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here