ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 2 June 2021

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি

 




W7s, News ষ্টাফৰিপোৰ্টাৰ:   ক'ভিড কেন্দ্ৰীক পৰিস্থিতিয়ে   ৰাজ্যবাসীক শংকিত কৰি ৰখাৰ মাজতে  মঙলবাৰে মাজনিশা পুনৰ   এটা মৃদু প্ৰাবল্যৰ  ভূমিকম্পই জোকাৰি যায় ।  বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে  ভাৰতীয়  মান সময় অনুসৰি মঙলবাৰে মাজনিশা  ১১ বাজি  ৪৮    মিনিট আৰু  ৩০ চেকেণ্ডত  প্ৰায় ১৩  চেকেণ্ডৰ  বাবে অনুভূত হোৱা  ভূমিকম্পটোৰ ৰিখটাৰ স্কেলত  প্রাৱল্যৰ পৰিমাণ আছিল ৩.৫      কম্পনাংক । আনহাতে ভূমিকম্পটোৰ অভিকেন্দ্ৰ আছিল অসমৰ শোণিতপুৰ জিলাৰ পশ্চিমে  ৩৪  কিঃমিঃ দূৰত   উত্তৰ পূব কোণত ভূ পৃষ্ঠৰ  ১০  কিঃমিঃ গভীৰতাত   ।  ভূমিকম্পৰ ফলত কতো ক্ষয় ক্ষতি হোৱাৰ বাতৰি অহা নাই । উল্লেখযোগ্য যে  পহিলা মে'ৰ পৰা  পহিলা জুন পৰ্যন্ত  ৩২  দিনত মুঠ  ১৪  টা  আৰু ৰিখটাৰ স্কেলত ৩ ৰপৰা ৪.১  কম্পনাংকৰ  মৃদু প্ৰাবল্যৰ ভূমিকম্পই ৰাজ্যখন  জোকাৰি গৈছে । ৩ টাৰ বাহিৰে বাকী  ১১  টাৰ অভিকেন্দ্ৰ হল শোণিতপুৰ জিলাৰ পশ্চিম দিশত আৰু  উত্তৰ পূৱ  কোণত । ইয়াৰ পূৰ্বে   ৩০ আৰু ৩১ মে'ত  মাত্ৰ ১৭ ঘণ্টাৰ ব্যৱধানত দুটাকৈ  মজলীয়া প্ৰাবল্যৰ ভূমিকম্পই  জোকাৰি গৈছিল । ইফালে তিনিদিনৰ ভিতৰতে তিনিটাকৈ  ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱা বিষয়টোৱে ভূ বিজ্ঞানী সকলক চিন্তিত আৰু সাধাৰণ ৰাইজক শংকিত কৰি তুলিছে । বিশেষকৈ শোণিতপুৰ জিলাৰ বেছিভাগ লোকেই আগন্তক দিনত পুনৰ যোৱা ২৮ এপ্ৰিলৰ দৰে  বৃহৎ ভূমিকম্প আহিব পাৰে বুলি শংকিত হৈ আছে ।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here