অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যশস্বী সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যু - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday 3 June 2021

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যশস্বী সাহিত্যিক ড০ লক্ষ্মীনন্দন বৰাৰ মৃত্যু

 



W7s, News ষ্টাফৰিপোৰ্টাৰ : অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, যশস্বী লেখক, সাহিত্যিক, সাংবাদিক, ঔপন্যাসিক, সাহিত্য অ'কাডেমি বটাঁ প্ৰাপক  ড• লক্ষ্মীনন্দন বৰা বৃহস্পতিবাৰে পূৱা ১১ বজাত গুৱাহাটীৰ এক্সেল কেয়াৰ হাস্পতালত দেহাৱসান ঘটে। পোষ্ট ক'ভিড জনিত সমস্যাৰ বাবে তেওঁৰ মৃত্যু হয়। তেওঁ

ক'ভিডত আক্ৰান্ত হৈ এক্সেল কেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। তেওঁৰ নশ্বৰদেহ

প্ৰথমে গণেশগুৰিৰ ৰাজাবাৰীৰ বাসগৃহলৈ নিয়া হ'য়, তাৰ পাছত পৰিয়ালৰ সিদ্ধান্তমৰ্মে অসম সাহিত্য সভাৰ কাৰ্যালয়, আছাম ট্ৰিবিউনৰ কাৰ্যালয়লৈ নিয়া হয়।তাৰ পাছত ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে নৱগ্ৰহ শ্মশানত সাহিত্যিকগৰাকীৰ শেষকৃত ৰাষ্ট্ৰীয় মৰ্যাদাৰে সম্পন্ন কৰা হ'য়।

উল্লেখ্য,২০ মে'  হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পদ্মশ্ৰী সন্মানেৰে সন্মানিত লক্ষ্মীনন্দন বৰাক।


তেওঁৰ

জন্মঃ ১ মাৰ্চ, ১৯৩২, নগাঁও জিলাৰ হাতীচোং কুজীডাঁহ গাঁৱত৷

পিতৃ আৰু মাতৃঃ পৃথুৰাম বৰা আৰু ফুলেশ্বৰী বৰা৷

লক্ষ্মীনন্দন বৰাই হাইস্কুলীয়া শিক্ষা লাভ কৰে নগাঁও চৰকাৰী হাইস্কুলৰপৰা৷ ১৯৪৮ চনত তেওঁ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু একে বছৰতে কটন কলেজত আই.এছচি শ্ৰেণীত নামভৰ্তি কৰে৷ ১৯৫০ চনত তেওঁ কটন কলেজৰপৰা আই, এছচি পাছ কৰে আৰু কটন কলেজতে পদাৰ্থ বিজ্ঞান বিভাগত নামভৰ্তি কৰে৷ ১৯৫২ চনত তেওঁ কটন কলেজৰপৰা পদাৰ্থ বিজ্ঞানত অনাৰ্ছ লৈ স্নাতক ডিগ্ৰী লাভ কৰে৷ ইয়াৰ পাছতেই তেওঁ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবৰ বাবে কলিকতাৰ প্ৰেছিডেন্সী কলেজত নামভৰ্তি কৰে৷ ১৯৫৪ চনত তেওঁ প্ৰেছিডেন্সী কলেজৰপৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে৷ লক্ষ্মীনন্দন বৰাই পদাৰ্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰি ১৯৫৫ চনত প্ৰবক্তা হিচাপে শ্বিলঙৰ ছেইন্ট এন্থনী কলেজত যোগদান কৰিছিল৷ তাত তেওঁ প্ৰবক্তা হিচাপে দুমাহ শিক্ষকতা কৰাৰ পাছত যোৰহাট জে.বি. কলেজ আৰু নগাঁও কলেজত কিছুদিনৰ বাবে শিক্ষকতা কৰে৷ লক্ষ্মীনন্দন বৰাই ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল অন্ধ্ৰ বিশ্ববিদ্যালয়ৰপৰা ১৯৭৭ চনত৷ 'The Water Balance and Drought Climatology of Assam and Vincity' বিষয়ত তেওঁ ডক্টৰেট ডিগ্ৰী লাভ কৰে৷ ১৯৫৬ চনতে তেওঁ কটন কলেজত এবছৰ শিক্ষকতা কৰে আৰু ধুবুৰীৰ বি.এন কলেজত যোগদান কৰে৷ ইয়াৰ পাছত লক্ষ্মীনন্দন বৰাই ১৯৫৮ চনত যোৰহাটৰ অসম কৃষি মহাবিদ্যালয়ত যোগদান কৰে৷ অসম কৃষি মহাবিদ্যালয়খন বিশ্ববিদ্যালয়লৈ উন্নীত হোৱাত ১৯৬৯ চনত তেওঁ তাত অধ্যাপকৰূপে নিযুক্তি লাভ কৰে৷ ১৯৯২ চনত তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ত পদাৰ্থবিজ্ঞান আৰু মৌচমবিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে শিক্ষকতা চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰে৷ লক্ষ্মীনন্দন বৰাই ভাৰতৰ বাহিৰৰ প্ৰতিষ্ঠানতো কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ অলপ দিন জাৰ্মানীৰ গোটেনবাৰ্গ বিশ্ববিদ্যালয়ৰ বতৰ বিজ্ঞানৰ ভিজিটিং প্ৰফেচৰ হিচাপে আছিল আৰু ইন্দো-জাৰ্মান গৱেষণা প্ৰকল্প আৰু অসম প্ৰদূষণ ব’ৰ্ডৰ অধ্যক্ষৰূপেও দায়িত্বত আছিল৷ তেওঁ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সঞ্চালক হিচাপে ২০০৩ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল।  লক্ষ্মীনন্দন বৰাই সাহিত্য ক্ষেত্ৰৰ সৈতে বিংশ শতিকাৰ ষাঠীৰ দশকৰপৰাই জড়িত হোৱা দেখা যায়৷ ‘ৰামধেনু’ আলোচনীৰ পাততে তেওঁ সাহিত্যিক জীৱনৰ পাতনি মেলিছিল৷ ১৯৫৪ চনত লক্ষ্মীনন্দন বৰাৰ প্ৰথম গল্প ‘ভাওনা’ প্ৰকাশ হয়৷ ইয়াৰ পৰৱৰ্তী সময়ত তেওঁ একাধাৰে সাহিত্য চৰ্চা কৰি আছিল৷ গল্প, উপন্যাস, নাটক, ভ্ৰমণ কাহিনী, জীৱনী, বিজ্ঞান বিষয়ক লেখা আৰু অনুবাদৰ ক্ষেত্ৰত তেওঁ অৱদান আগবঢ়াই আহিছে৷ লক্ষ্মীনন্দন বৰাই কেইবাখনো কাকত-আলোচনীৰ সম্পাদনাৰ সৈতেও জড়িত আছিল৷ ১৯৯২ চনতে সাপ্তাহিক কাকত ‘ৰংপুৰ’ৰ সম্পাদক হিচাপে তেওঁ তিনি বছৰ কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৪ চনত ‘অভিমত’ নামৰ সাপ্তাহিক কাকতৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ২০০৯ চনৰপৰা তেখেতে সাহিত্য আলোচনী ‘গৰীয়সী’’ৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল৷ মৃত্যুৰ আগলৈকে সাহিত্যিক গৰাকীয়ে আলোচনী-কাকতত গল্প, প্ৰবন্ধ লিখি গৈছিল৷


লক্ষ্মীনন্দন বৰাৰ গ্ৰন্থঃ

গল্পঃ

দৃষ্টিৰূপা [১৯৫৮], সেই সুৰে উতলা [১৯৬০], কাঁচিয়লীৰ কুঁৱলী [১৯৬১], গোপন গধূলি [১৯৬১], গৌৰী ৰূপক [১৯৬১], মন মাটি মেঘ [১৯৬২], অচিন কইনা [১৯৬৩], এই ৰূপ এই ছন্দ [১৯৬৩], দহন দুলড়ী [১৯৬৫], কঠিন মায়া [১৯৬৬], দেৱতাৰ ব্যাধি [১৯৬৬], আৱেশ ইন্দ্ৰজাল [১৯৬৭], মাজত তৃষাৰে নৈ [১৯৬৭], ব্যতিক্ৰম [১৯৭৬], নিষিদ্ধ চেতনা [১৯৭৬], সেহি অনুৰাগে [১৯৮০], এৰাবাৰীৰ লেছেৰী [১৯৮৩], দুস্তৰ কাৰাগাৰ [২০০২], প্ৰেয়সী [১৯৯৩], মন বিৰিখৰ জোখ [২০০১], মুক্ত পুৰুষ [২০০২],  মন মাটি পিৰীতি [১৯৬২], লক্ষ্মীনন্দন বৰাৰ গল্প সমগ্ৰ [প্ৰথম খণ্ড] [২০০৪], আলাসত খৰিকাজাই [২০০৬], লক্ষ্মীনন্দন বৰাৰ চাৰিটা দশকৰ গল্প সমগ্ৰ [২০০৭], বাসন্তী বাসনা [২০১৭]৷


উপন্যাসঃ

নিশাৰ পূৰৱী [১৯৬২], গঙা চিলনীৰ পাখি [১৯৬৩], ছাঁ জুইৰ পোহৰত [১৯৬৬], শিখাৰ সুৰভি [১৯৬৮], মেঘালী দুপৰ [১৯৬৮], বলুকাত বিজুলী [১৯৬৯], মাটিত মেঘৰ ছাঁ [১৯৭০], উত্তৰ পুৰুষ [১৯৭০], বিশেষ এৰাতি [১৯৭৯], পতন [১৯৭৯], আকৌ শৰাইঘাট [১৯৮০], ৰাধিকাপুৰ আৰু মালক্ষ্মী নিকেতন [১৯৮২],ঘাতক-পলাতক [১৯৮৫], পাতাল ভৈৰৱী [১৯৮৬], প্ৰতিৰোধ [১৯৮৭], বিপন্ন বিস্ময় [১৯৮৮], কাল ডিঙৰাৰে পাল [১৯৮৮], গণেশগুৰি [১৯৮৮], নায়ক-অধিনায়ক [১৯৯২], হিয়াত তিৰেবিৰায় [১৯৯৩], যাকেৰি নাহিকে উপাম [১৯৯৩], মৎস্যকন্যা [১৯৯৫], সেহি গুণনিধি [১৯৯৭], মেঘত মাদল বাজে [১৯৯৯], কায়কল্প [২০০২], চতুৰংগ [২০০৩], তেজস্বিনী [২০০৩], গতি মতি ভকতি [২০০৫], ‘সেহি সব্যসাচী’ [২০১৪]৷ 


ভ্ৰমণঃ

পশ্চিমৰ পম খেদি [১৯৯১], জোৰালগা জাৰ্মেনীত [১৯৯৩], সীমাৰ পৰিধি ভেদি [১৯৯৭]


নাটকঃ

সিপুৰীৰ আঁচনি [১৯৬১], একাংক যুগল [১৯৭২]


জীৱনীঃ 

স্বামী বিবেকানন্দ [১৯৯৭], শঙ্কৰদেৱঃ এটি মহাজীৱন [১৯৯৯], মহাপুৰুষ মাধৱদেৱ [১৯৯৯]


আত্মজীৱনীঃ

কাল বলুকাত খোজ [২০১০]


বিজ্ঞানঃ

গাঁৱৰে সৰগ ৰচোঁ [১৯৬০], মই ধনীৰামৰ ধান [১৯৬০], জনম ৰহস্য আৰু পৰিয়াল ৷

আঁচনি [১৯৬৮], মই ধনীৰামৰ খেতি [১৯৯০], পৰিৱেশ বিজ্ঞানৰ সাৰথি [১৯৯৫],

পৰিৱেশ বিজ্ঞান আৰু আইন [২০০৪], অফুৰন্ত যৌৱনৰ সঁচাৰকাঠী [২০১৬]


অনুবাদঃ 

মেঘনাথ সাহা [১৯৮৯], শামুকৰ পেটত মুকুতা [১৯৯০] 


অন্যান্যঃ 

সভাপতিৰ দিনলিপি [২০০২],


লক্ষ্মীনন্দন বৰাই লাভ কৰা উল্লেখযোগ্য সন্মানঃ

১৯৬০ঃ চনত ‘গাঁৱৰে সৰগ ৰচোঁ’ গ্ৰন্থৰ বাবে ৰাষ্ট্ৰীয় ‘নিউ লিটাৰেটছ বঁটা লাভ৷

১৯৮৮ঃ ‘পাতাল ভৈৰৱী’ উপন্যাসৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ৷

১৯৯৬ঃ ‘যাকেৰী নাহিকে উপাম’ উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰী ৰায়চৌধুৰী বঁটা লাভ৷

২০০৪ঃ অসম উপত্যকা সাহিত্য বঁটা লাভ৷

২০০৮ঃ ‘কায়কল্প’ উপন্যাসৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান লাভ৷

২০১৫ঃ ‘পদ্মশ্ৰী বঁটা’ লাভ৷

==========

সৰ্বকালৰ এগৰাকী শ্ৰেষ্ঠ অসমীয়া সাহিত্যিক আছিল লক্ষ্মীনন্দন বৰা। সৰ্বভাৰতীয় পৰ্যায়ত প্ৰতিষ্ঠিত এইগৰাকী  চিৰনমস্য অসমীয়া আছিল ড০ লক্ষ্মীনন্দন বৰা। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৮ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী মধুৰী বৰা, দুই পুত্ৰ স্বৰূপ নন্দন বৰা, ত্ৰিদ্বীপ নন্দন বৰা, কন্যা সেউজী বৰাৰ লগতে পৰিয়ালৰ লোকক,অসংখ্য গুণমুগ্ধক এৰি যায়। 

তেওঁৰ নৱগ্ৰহ শ্মশানত ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শেষ কৃত্য সম্পন্ন কৰা হয়। তেওঁৰ মৃত্যু

অসমৰ জাতীয় জীৱনৰ এক অপূৰণীয় ক্ষতি বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়  লগতে  তেওঁৰ আত্মাৰ চিৰশান্তি কামনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। ৰাজ্যৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিজ্ঞান আৰু প্ৰযুক্তি আৰু তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই আজি বিয়লি আসাম ট্ৰিবিউন বিল্ডিঙত উপস্থিত হৈ বৰেণ্য কথাশিল্পী ড০ লক্ষ্মীনন্দন বৰা দেৱৰ নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পণ কৰি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মন্ত্ৰী অতুল বৰা, ৰঞ্জিত কুমাৰ দাস, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা,এই পুৰোধা ব্যক্তি গৰাকীৰ মৃত্যুত ৰাজ্য শোকস্তব্ধ হৈ পৰে। ৰাজ্যৰ বিভিন্ন দল সংগঠনে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবাবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here