গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত বিজেপি অসম প্ৰদেশৰ আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব গ্ৰহণ ভবেশ কলিতাৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 29 June 2021

গুৱাহাটী মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত বিজেপি অসম প্ৰদেশৰ আনুষ্ঠানিকভাৱে সভাপতিৰ দায়িত্ব গ্ৰহণ ভবেশ কলিতাৰ

 




W7s, News ষ্টাফৰিপোৰ্টাৰ : হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত মঙলবাৰে ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়। ৰাজ্যিক মুখ্য কাৰ্যালয়, হেঙেৰাবাৰীত পুৱা  ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে, তেওঁৰ কাৰ্য্যকালৰ অন্তিম খন কাৰ্য্যনিৰ্বাহ সভাৰ পতকা উত্তোলনৰ কৰে ৷ ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডাই দিল্লীৰ ৰাষ্ট্ৰীয় কাৰ্য্যলয়ত পৰা  ভিডিও কনফাৰেঞ্চৰ যোগে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত থাকে।  প্ৰাক্তন ৰাজ্যিক সভাপতি ৰণজিৎ দাসে  সভাৰ আদৰণি বক্তব্য ৰখাৰ লগতে আৰু উক্ত সভাতে  সভাপতি ৰঞ্জিত কুমাৰ দাসে  নব নিযুক্ত ৰাজ্যিক সভাপতি ভবেশ কলিতাক দায়িত্ব অৰ্পণ কৰে ৷ উক্ত সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ডিব্ৰুগড়ৰ পৰা ভিডিও কনফাৰেঞ্চৰ  যোগে  প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দৰ লগতে ৰাষ্ট্ৰীয় উপসভাপতি ৰাজ্যিক প্ৰভাৰী বৈজন্ত জয় পান্ডাই   কাৰ্য্যনিৰ্বাহ সভাত উপস্থিত থাকি মাৰ্গদৰ্শন কৰে ৷ সভাত প্ৰতিখন জিলাতে জিলাৰ অন্তৰ্গত সকলো ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যই নিজ নিজ জিলাৰ কাৰ্য্যালয়ত উপস্থিত থাকি ভিডিও কনফাৰেঞ্চৰ যোগে ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাখনত উপস্থিত থাকে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here