কামৰূপত প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু বেচা-কিনাত নিষেধাজ্ঞা - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Wednesday 30 June 2021

কামৰূপত প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু বেচা-কিনাত নিষেধাজ্ঞা

 


W7s News, ষ্টাফৰিপোৰ্টাৰ : কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে এক আদেশ যোগে সকলো ধৰণৰ পুনৰ নৱীকৰণ কৰা বা নতুনকৈ প্ৰস্তুত কৰা সামগ্ৰী কঢিওৱা প্লাষ্টিক বেগৰ ব্যৱহাৰ আৰু কিনা-বেচা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰিছে৷ জনস্বাস্থ্য আৰু জনসাধাৰণ তথা জীৱ-জন্তুৰ বিস্তৰ ক্ষতি সাধনেৰে পৰিৱেশ তন্ত্ৰলৈ ভাবুকি কঢ়িায়াই অনাৰ পৰিপ্ৰেক্ষিতত এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে৷ এই নিষেধাজ্ঞা আগন্তুক ষাঠি দিন বা পৰৱৰ্তী নিৰ্দেশ জাৰি নকৰালৈকে বলবৎ থাকিব৷ এই আদেশ অমান্য কৰিলে আইপিচিৰ ১৮৮ ধাৰাৰ অধীনত দণ্ডণীয় হ’ব৷

অৱশ্যে, তলত উল্লেখ কৰা প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ নহ’ব৷ 

ক] বিশেষ অৰ্থনৈতিক মণ্ডল আৰু ৰপ্তানি  ভিত্তিক গোটত থকা প্লাষ্টিক উদ্যোগত কেবল ৰপ্তানি জনিত কাৰণত প্ৰস্তুত কৰা প্লাষ্টিক বেগৰ ক্ষেত্ৰত।

খ] প্ৰস্তুত কৰণ বা প্ৰক্ৰিয়াকৰণ গোটত ব্যৱহাৰ কৰা সামগ্ৰীসমূহ পেকেজিং কৰাৰ ক্ষেত্ৰত অত্যাৱশ্যকীয় ৰূপে চিহ্নিত হোৱা প্লাষ্টিক বেগযবহুখলপীয়া ফিল্ম বা চিট সামগ্ৰী কঢ়িওৱা বেগক বাদ দিৰ ক্ষেত্ৰত৷ 

গ] বন পালন আৰু উদ্যান শস্যৰ নাছাৰ্ৰীত কোনো চৰকাৰী বিভাগ বা ফাৰ্মে দিয়া অৰ্ডাৰৰ বাবে ব্যৱহাৰ কৰিবলগীয়া প্লাষ্টিক বেগ বা চিটৰ ক্ষেত্ৰত আৰু 

ঘ] ঔষধ পেকেজিঙৰ বাবে ব্যৱহাৰ কৰা প্লাষ্টিক বেগ বা প্লাষ্টিকৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা বলবৎ নহ’ব।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here